মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি এআইচিটিই-এ শিক্ষাৰ্থীৰ সুৰক্ষা আৰু শৈক্ষিক কল্যাণ নিশ্চিত কৰিবলৈ মহাবিদ্যালয়, প্ৰতিষ্ঠানক নিৰ্দেশ দিছে; লকডাউনৰ সময়ছোৱাত শিক্ষাৰ্থীৰ পৰা মাচুল দাবী নকৰিবলৈ আহ্বান

Posted On: 16 APR 2020 4:29PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে দেশত অহা ৩মে’ পৰ্যন্ত বাহাল থাকিবলগীয়া লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে শিক্ষাৰ্থীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ  আএইচিটিইক কেইটামান প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে৷ সেই অনুসৰি, এআইচিটিই-এ মহাবিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠানলৈ এলানি নিৰ্দেশ জাৰি কৰিছে আৰু দেশৰ সংকটৰ সময়ত শিক্ষাৰ্থীৰ সুৰক্ষা আৰু শৈক্ষিক কল্যাণ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে৷ সকলো মহাবিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানে কঠোৰভাৱে পালন কৰিবলগীয়া এই নিৰ্দেশসমূহ হ’ল—

) মাচুল আদায়ঃ লকডাউন অন্ত নপৰা পৰ্যন্ত আৰু পৰিস্থিত স্বাভাৱিক নোহোৱা পৰ্যন্ত মহাবিদালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানে শিক্ষাৰ্থীক মাচুল আদায়ৰ বাবে হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব৷ মহাবিদালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানে নিজৰ নিজৰ ৱেবছাইটত বিষয়টো প্ৰকাশ কৰিব লাগিব আৰু ইমেইলৰ জৰিয়তেও শিক্ষাৰ্থীৰ সৈতে যোগাযোগ কৰি এই কথা জনাব লাগিব৷

) ফেকাল্টী মেম্বাৰৰ দৰমহা আদায়ঃ এই কথা জানিব পৰা গৈছে যে বিভিন্ন প্ৰতিষ্ঠানে লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ ফেকাল্টী আৰু কৰ্মচাৰীক দৰমহা আদায় দিয়া নাই৷ আন একাংশ প্ৰতিষ্ঠানে কিছুসংখ্যক ফেকাল্টী আৰু কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে৷ ইয়াৰ জৰিয়তে নিৰ্দেশ দিয়া হ’ল যে সকলো ফেকাল্টী আৰু কৰ্মচাৰীৰ দৰমহা আৰু অন্যান্য পাবলগীয়া ধনৰাশি মুকলি কৰি দিব লাগে আৰু চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে৷ এয়া কঠোৰভাৱে পালন কৰিব লাগিব৷ এই সন্দৰ্ভত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে৷

) ভুৱা খবৰক আওকাণ কৰাঃ বিভিন্ন স্বাৰ্থান্বেষী গোট অথবা ব্যক্তিয়ে ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্মত ভুৱা বাতৰি প্ৰকাশ কৰি আছে৷ যাৰ ফলত একাংশ লোক বিভ্ৰান্ত হৈছে আৰু বিভিন্ন উৰা বাতৰিৰ সৃষ্টি হৈছে৷ এনে ভুৱা বাতৰিক অস্বীকাৰ কৰা আৰু এই বিষয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰোৱাটো সকলো স্তৰৰ জনসাধাৰণৰ প্ৰাথমিক দায়িত্ব হোৱা উচিত৷ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, ইউজিচি, এআইচিটিইৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্যকহৈ বিশ্বাস কৰিবলৈ আহ্বান জনোৱা হৈছে৷ যিকোনো শেহতীয়া তথ্যৰ বাবে এই ৱেবছাইটসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰা উচিত৷

) প্ৰধানমন্ত্ৰীৰ বিশেষ জলপানি আঁচনিঃ চলিত লকডাউনৰ পৰিপ্ৰেক্ষিতত ২০২০-২১ শৈক্ষিক বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰীৰ বিশেষ জলপানি আঁচনিৰ সৈতে জড়িত কাম-কাজত বিলম্ব ঘটিছে৷ এয়া স্পষ্ট কৰা হ’ল যে, লকডাউন প্ৰত্যাহাৰ হ’লেই আঁচনিৰ কাম-কাজ পূৰ্বৰ দৰেই আৰম্ভ হ’ব৷ নতুন সময়সূচীৰে এক পৃথক কেলেণ্ডাৰ পৰৱৰ্তী সময়ত এআইচিটিইৰ ৱেবছাইটত উপলব্ধ হ’ব৷

) অনলাইন ক্লাছ আৰু ছেমিষ্টাৰ পৰীক্ষাঃ এয়া স্পষ্ট কৰা হ’ল যে বৰ্ধিত লকডাউনৰ সময়ছোৱাত বৰ্তমানৰ ছেমিষ্টাৰৰ অনলাইন ক্লাছসমূহ অব্যাহত থাকিব৷ ইউজিচি/এআইচিটিইৰদ্বাৰা এক সংশোধিত শৈক্ষিক কেলেণ্ডাৰ প্ৰকাশ কৰা হ’ব৷ ছেমিনাৰ পৰীক্ষা আয়োজন সন্দৰ্ভত, এয়া স্পষ্ট কৰা হ’ল যে ইউজিচিয়ে এক কমিটি গঠন কৰিছে আৰু এই কমিটিয়ে পৰীক্ষা আয়োজনৰ আৰ্হি, নম্বৰ দিয়াৰ পদ্ধতি আৰু উত্তীৰ্ণৰ মানদণ্ড নিৰ্ধাৰণ কৰিব৷ এই সন্দৰ্ভত পৃথককৈ নিৰ্দেশনা জাৰি কৰা হ’ব৷ ইউজিচি/এআইচিটিইৰ ৱেবছাইট নিয়মীয়াকৈ পৰিদৰ্শন কৰা উচিত৷

) ইণ্টাৰ্নশ্বিপঃ চলিত লকডাউনৰ পৰিপ্ৰেক্ষিতত কিছুসংখ্যক শিক্ষাৰ্থীয়ে গ্ৰীষ্মকালীন ইণ্টাৰ্নশ্বিপ অব্যাহত ৰাখিব নোৱাৰিব৷ সেয়েহে, তেওঁলোকক ঘৰৰ পৰা ইণ্টাৰ্নশ্বিপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে৷ এইদৰে সম্ভৱপৰ নহ’লে এয়া ডিচেম্বৰ,২০২০ত সম্পূৰ্ণ কৰা হ’ব৷

) আন মহাবিদ্যালয়, প্ৰতিষ্ঠানৰ সৈতে ইণ্টাৰনেটৰ সুবিধা ভগাই লোৱাঃ একাংশ শিক্ষাৰ্থীৰ সৈতে ইণ্টাৰনেটৰ সুবিধা উপলব্ধ নোহোৱাৰ বাবে মহাবিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহক আহ্বান জনোৱা হৈছে যে তেওঁলোকে নিকটৱৰ্তী অঞ্চলৰ আন মহাবিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীক ইণ্টাৰনেট সুবিধা গ্ৰহণ কৰিবলৈ অনুমতি দিব লাগে৷

সকলো মহাবিদ্যালয়, প্ৰতিষ্ঠানে এই নিৰ্দেশনা কঠোৰভাৱে পালন কৰিব লাগিব আৰু নিৰ্দেশ অমান্য কৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

*****

NB/AKJ/AK/MS



(Release ID: 1615136) Visitor Counter : 192