শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

২০২০ চনৰ মাৰ্চ মাহৰ দৰমহাৰ বাবে ইলেক্ট্ৰ’নিক চালান তথা ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ ১৫ এপ্ৰিল ২০২০ ৰ পৰা ১৫ মে’ ২০২০ লৈ বৃদ্ধি

লকডাউনৰ সময়ছোৱাত দৰমহা প্ৰদানৰ বাবে প্ৰায় ৬ লাখ প্ৰতিষ্ঠানৰ বোনাচ স্থানান্তৰ

Posted On: 15 APR 2020 5:48PM by PIB Guwahati

ক’ভিড-১৯ আৰু ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২৪ মাৰ্চ, ২০২০ তাৰিখৰ পৰা ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা অপ্ৰত্যাশিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্চ মাহৰ দৰমহা প্ৰদান কৰা নিয়োগকৰ্তাসকলৰ বাবে উক্ত মাহৰ দৰমহাৰ বিপৰীতে দাখিল কৰিবলগীয়া ইলেক্ট্ৰ’নিক চালান তথা ৰিটাৰ্ণৰ অন্তিম তাৰিখ ১৫ মে’ ২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে পূৰ্বে মাৰ্চ, ২০২০ ৰ দৰমহাৰ বাবে এই ৰিটাৰ্ণ দাখিলৰ অন্তিম তাৰিখ আছিল ১৫ এপ্ৰিল, ২০২০ তাৰিখ, গতিকে মাৰ্চ, ২০২০ ৰ বাবে ৰিটাৰ্ণ দাখিল কৰিবলৈ বাকী থকা নিয়োগকৰ্তাসকলৰ বাবে ত্ৰিশ দিনৰ এক ৰেহাই সময় প্ৰদান কৰা হৈছে, অৱশ্যে যিবোৰ প্ৰতিষ্ঠান ইপিএফ আৰু এমপি আইন ১৯৫২ ৰ অধীনত আছে সেইবোৰ প্ৰতিষ্ঠানকহে প্ৰশাসনিক মাচুল ৰেহাই দিয়াৰ উদ্দেশ্যে এই ব্যৱস্থা হাতত লোৱা হৈছে।

ক’ভিড-১৯ মহামাৰীৰ এই সংকটপূৰ্ণ সময়তো মাৰ্চ, ২০২০ ৰ দৰমহা মোকলাই দিয়া নিয়োগকৰ্তাসকলক সহায়-সমৰ্থন জনাবলৈ ওপৰোক্ত সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে। মহামাৰীৰ সময়ছোৱাত মহামাৰীৰে যুঁজ কৰিবলৈ উপাৰ্জন নিশ্চিত কৰি ৰাখিবলৈ আৰু চাকৰি কৰ্তন ৰোধ কৰাৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ উদ্দেশ্যৰ সৈতে সংগতি ৰাখিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই সাহায্যই দেশৰ প্ৰায় ৬ লাখ প্ৰতিষ্ঠানক কোনোধৰণৰ জৰিমনা অবিহনে ইচিআৰ দাখিল কৰাত সহায় কৰিব আৰু লগতে পৰোক্ষভাৱে ৫ কোটি কৰ্মচাৰীক দৰমহা লাভ কৰাতো সহায় কৰিব।

উল্লেখ্য যে নিয়োগকৰ্তাসকলে মাৰ্চ, ২০২০ ৰ বাবে ইচিআৰত মাৰ্চ ২০২০ ৰ বাবে দৰমহা প্ৰদানৰ তাৰিখ উল্লেখ কৰিব লাগিব।

উক্ত ঘোষণাৰে ইচিআৰ আৰু বৰঙণি আৰু মাৰ্চ, ২০২০ ৰ বাবে প্ৰশাসনিক মাচুল আদি সকলো পৰিশোধ কৰিবলগীয়া দিশ ১৫ মে’ ২০২০ তাৰিখ বা তাৰ পূৰ্বে পৰিশোধ কৰিব লাগিব।

মাৰ্চ মাহৰ দৰমহা পৰিশোধ কৰা নিয়োগকৰ্তাসকলে কেৱল ইপিএফ পৰিশোধৰ বাবেও পৰিবৰ্ধিত তাৰিখ লাভ নকৰিব, বৰঞ্চ তেওঁলোকে যদিহে ১৫ মে’ ২০২০ তাৰিখৰ পূৰ্বে পৰিশোধ কৰে তেন্তে, তাৰ বাবে সূদ, জৰিমণা আদিৰ পৰাও মুক্ত হ’ব পাৰিব।

*****

RCJ/SKP/IA/RD



(Release ID: 1615134) Visitor Counter : 171