গৃহ মন্ত্ৰালয়

‘ঝুম মীটিং প্লেটফৰ্ম’-ৰ সুৰক্ষিত ব্যৱহাৰ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শাৱলী

Posted On: 16 APR 2020 4:30PM by PIB Guwahati

ব্যক্তিগত পৰ্যায়ত ঝুম মীটিং প্লেটফৰ্ম ব্যৱহাৰ কৰোতাসকলৰ বাবে সুৰক্ষিত ৰূপত এই প্লেটফৰ্মৰ ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ চাইবাৰ ক-অৰ্ডিনেশ্যন চেণ্টাৰ(CyCord)য়ে এক পৰামৰ্শাৱলী জাৰি কৰিছে। সেই অনুসৰি কোনো পৰিস্থিতিতে এই প্লেটফৰ্ম চৰকাৰী বিষয়া-বৰ্গ, বিষয়া-কৰ্মচাৰী অথবা কোনোধৰণৰ চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰিব নোৱাৰিব।

এই পৰামৰ্শাৱলীত ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সী ৰেছপন্স টীম(Cert-In)-য়ে ইতিমধ্যে জাৰি কৰা বিধি-নিৰ্দেশনাৰ জেৰ টানি কোৱা হয় যে ঝুম কেতিয়াও এক নিৰাপদ প্লেটফৰ্ম নহয়। অৱশ্যে ব্যক্তিগত পৰ্যায়ত এতিয়াও যদি কোনোবাই এই প্লেটফৰ্ম ব্যৱহাৰ কৰিব খোজে তেন্তে সুৰক্ষিত ৰূপত ইয়াৰ ব্যৱহাৰ নিশ্চিত কৰাৰ বাবেই এই বিধি-নিৰ্দেশনা জাৰি কৰা হৈছে।

ঝুম কনফাৰেন্স ৰুম-ত যিকোনো ধৰণৰ অকৰ্তৃত্বশীল প্ৰৱেশ ৰোধ কৰাৰ লগতে কোনো পৰস্থিতিতে যাতে আলোচনাত অংশ লোৱা আন ব্যৱহাৰকাৰীৰ টাৰ্মিনেলসমূহত অকৰ্তৃত্বশীল অংশগ্ৰহণকাৰীয়ে কোনো ধৰণৰ উদ্দেশ্য-প্ৰণোদিত আক্ৰমণ সংঘটিত কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাই এই বিধি-নিৰ্দেশনাৰ সামগ্ৰীক উদ্দেশ্য বুলি উল্লেখ কৰা হৈছে।

এই সম্পৰ্কীয় সবিশেষ তথ্য তলৰ লিংক যোগে উপলব্ধ কৰিব পৰা যাব।

link.

*****

VG/SNC/VM/KB



(Release ID: 1615127) Visitor Counter : 251