বিত্ত মন্ত্ৰালয়

ক’ভিড-১৯ৰ লকডাউনৰ সময়ত পুনৰ নৱীকৰণৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা স্বাস্থ্য আৰু যানবাহন (তৃতীয় পক্ষ)বীমা পলিচীৰ গ্ৰাহকসকলক প্ৰিমিয়াম পৰিশোধৰ বাবে ১৫ মে’ তাৰিখলৈ সময় দি কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে এক জাননী

এই অনুগৃহীত সময়ছোৱাত জটিলতাবিহীন দাবী পৰিশোধ আৰু ধাৰাবাহিক ক’ভাৰ নিশ্চিত কৰাৰ বাবে এই ব্যৱস্থা

Posted On: 16 APR 2020 11:23AM by PIB Guwahati

ক’ভিড-১৯ৰ লকডাউনৰ সময়চোৱাত স্বাস্থ্য আৰু যানবাহন (তৃতীয় পক্ষ)বীমা পলিচীৰ গৰাকীসকলে প্ৰিমিয়াম পৰিশোধ কৰিবলৈ সমস্যাৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এক জাননীৰ জৰিয়তে পলিচীৰ গৰাকীসকলক প্ৰিমিয়াম পৰিশোধ কৰাৰ বাবে ১৫ মে’লৈ সময় বৃদ্ধি কৰিছে৷ ইয়াৰ জৰিয়তে অনুগৃহীত সময়ছোৱাত ধাৰাবাহিক ক’ভাৰ আৰু জটিলতাবিহীন দাবী পৰিশোধৰ নিশ্চিতি প্ৰদান হ’ব৷ জাননীখনত কোৱা হৈছে যে যিসকল স্বাস্থ্য আৰু যানবাহন (তৃতীয় পক্ষ)বীমা পলিচীৰ গ্ৰাহকৰ পুনৰ নৱীকৰণৰ তাৰিখ ২৫ মাৰ্চৰ পৰা ৩ মে’ ২০২০ তাৰিখলৈ আছিল আৰু যিসকলে চলিত পৰিস্থিতিৰ ফলত প্ৰিমিয়ামৰ ধন পৰিশোধ কৰিব পৰা নাই, তেওঁলোকৰ বাবে ১৫ মে’ ২০২০ তাৰিখলৈ প্ৰিমিয়াম পৰিশোধৰ তাৰিখ বৃদ্ধি কৰা হৈছে৷

*********

RM/KMN/MANN



(Release ID: 1614975) Visitor Counter : 214