বিত্ত মন্ত্ৰালয়

ক’ভিড-১৯ এ সৃষ্টি কৰা পৰিস্থিতিত কৰদাতাক সকাহ দিবৰ বাবে চি বি ডি টিয়ে ৪,২৫০ কোটি টকাৰ ১০.২ লাখতকৈও অধিক ৰিফাণ্ড আদায় দিছে

प्रविष्टि तिथि: 15 APR 2020 5:42PM by PIB Guwahati

৮ এপ্ৰিল ২০২০ তাৰিখে চৰকাৰে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ক’ভিড-১৯ এ সৃষ্টি কৰা পৰিস্থিতিত কৰদাতাক সকাহ দিবৰ বাবে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডে (চি বি ডি টি) ১৪ এপ্ৰিল ২০২০ তাৰিখে ৪,২৫০ কোটি টকাৰ ১০.২ লাখতকৈও অধিক ৫ লাখলৈকে বাকী থকা আয়কৰ ৰিফাণ্ড আদায় দিছে। ২০১৯-২০ বিত্তীয় বৰ্ষত আদায় দিয়া ১.৮৪ লাখ কোটি টকাৰ ২.৫০ কোটি ৰিফাণ্ডৰ হিচাপ ইয়াত সামৰি লোৱা হোৱা নাই।

চি বি ডি টিয়ে লগতে কয় যে ১,৭৫ লাখ ৰিফাণ্ডৰ প্ৰক্ৰিয়া চলি আছে। এই ধনৰাশি কৰদাতাৰ খাটাত ৫ ৰপৰা ৭ টা কৰ্মদিনৰ ভিতৰত সোমাব। অৱশ্যে ১.৭৪ লাখ কৰদাতাৰপৰা এতিয়াও ই-মেইলৰ সঁহাৰি পাবলৈ বাকী আছে আৰু তেওঁলোকৰপৰা সঁহাৰি পালেই অনাগত ৭ দিনৰ ভিতৰত কাম আগবঢ়োৱা হ’ব। 

চি বি ডি টিয়ে কয় যে কৰদাতাৰ খৰতকীয়া সঁহাৰিয়ে তেওঁলোককো ক্ষীপ্ৰতাৰে ব্যৱস্থা লোৱাত সহায় কৰিব। কৰদাতাক তেঁওলোকৰ ই-মেইল খুলি চাবলৈ আৰু আয়কৰ বিভাগৰ মেইলৰ প্ৰতি সঁহাৰি জনাই ই-ফাইলিং কৰিবলৈ আহ্বান জনায়।

চি বি ডি টিয়ে লগতে কয় যে তেওঁলোকে সামাজিক মাধ্যমকে ধৰি বহুকেইটা মাধ্যমৰ যোগেদি কৰদাতাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিছে। সমস্যাযুক্ত আয়কৰ ৰিফাণ্ড আদিৰ কোনো সন্দেহ থাকিলেও তেওঁলোকে সেইসমূহ স্পষ্ট কৰিবলৈ চেষ্টা কৰিছে।

****

RM/KMN/PRK


(रिलीज़ आईडी: 1614891) आगंतुक पटल : 252
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam