PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 15 APR 2020 6:49PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

কালিৰে পৰা দেশত ভিড-১৯ৰ ১০৭৬টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে আৰু ৩৭৭জনৰ মৃত্যুৰ সংখ্যা প্ৰতিবেদিত হৈছে৷ মুঠ নিশ্চিত পৰিঘটনাৰ সংখ্যা ১১,৪৩৯৷ ১৩০৬জন লোক আৰোগ্য হৈ মুকলি হৈছে৷ প্ৰতিখন জিলাক হটস্পট, প্ৰতিবেদিত পৰিঘটনাৰ সৈতে নন-হটস্পট আৰু সেউজ মণ্ডল জিলা হিচাপে চিহ্নিত কৰা হৈছে৷ কেবিনেট সচিবে আজি সকলো ৰাজ্যৰ মুখ্য সচিব, স্বাস্থ্য সচিব, ডিজিপি, জিলা উপাযুক্ত, পৌৰ নিগমৰ আয়ুক্ত, এছপি, চিএমঅ’ আৰু অন্যান্য বিষয়াসকলৰ সৈতে হটস্পট আৰু নিয়ন্ত্ৰণৰ কৌশল সন্দৰ্ভত এক ভিডিঅ’ কনফাৰেন্সিঙৰ বৈঠকত অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

দেশত ক’ভিড-১৯ মহামাৰীক প্ৰতিৰোধ কৰাৰ বাবে গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে সংশোধিত সন্মিলিত নিৰ্দেশনাৱলী

দেশত ক’ভিড-১৯ মহামাৰীক প্ৰতিৰোধ কৰিবলৈ মন্ত্ৰালয়/ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহৰ বিভাগসমূহে লকডাউনৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা পদক্ষেপসমূহৰ এক সংশোধিত নিৰ্দেশনাৱলী প্ৰস্তুত কৰিছে গৃহ মন্ত্ৰালয়ে৷ এই নিৰ্দেশনাৱলীত ক’ভিড-১৯ ব্যৱস্থাপনা, কাৰ্যালয়, কৰ্মস্থান, কাৰখানা আদিৰ বাবে সামাজিক ব্যৱধান আৰু লকডাউন উলংঘা কৰা সকলৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ আৰু আইপিচি, ১৮৬০ৰ অধীনত শাস্তিৰ ৰাষ্ট্ৰীয় নিৰ্দেশাৱলীসমূহ উল্লেখ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

গৃহ মন্ত্ৰালয়ৰ পৰা সংশোধিত সন্মিলিত নিৰ্দেশনাৱলী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ এপ্ৰিল ২০২০ তাৰিখে তেওঁৰ ভাষণত লকডাউন ৩ মে’ ২০২০ তাৰিখলৈ বৃদ্ধি কৰা বুলি ঘোষণা কৰে৷ তেওঁ ভাষণত ২০ এপ্ৰিল ২০২০ তাৰিখৰ পৰা কিছুমান আৱশ্যকীয় কামৰ বাবে লকডাউনৰ শিথিলতা প্ৰদান কৰিব বুলিও উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীৰ সেই ঘোষণাৰ পৰিপ্ৰেক্ষিতত গৃহ মন্ত্ৰালয়ে ১৪ এপ্ৰিল ২০২০ তাৰিখে ভাৰতত ৩ মে’ ২০২০ তাৰিখলৈ লকডাউন সম্প্ৰসাৰিত কৰা হৈছে বুলি এক নিৰ্দেশনা জাৰি কৰে৷ ইয়াৰ পিছত গৃহ মন্ত্ৰালয়ে ১৫ এপ্ৰিল ২০২০ তাৰিখে আন এক নিৰ্দেশনাত ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ/জিলা প্ৰশাসনৰ দ্বাৰা নিয়ন্ত্ৰিত ক্ষেত্ৰসমূহৰ অধীনত নথকা স্থানসমূহত কিছুমান অতিৰিক্ত গতিবিধি বাচনি কৰাৰ অনুমতি প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

দেশত ক’ভিড-১৯ত প্ৰতিহত কৰিবলৈ ৩ মে’ ২০২০ তাৰিখলৈ বাহাল থাকিব লকডাউনৰ নিষেধাজ্ঞা

ভাৰত চৰকাৰে সমগ্ৰ মন্ত্ৰালয়/বিভাগ, ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ প্ৰশাসন আৰু প্ৰাধিকৰণৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে আৰু এই নিৰ্দেশনাত ক’ভিড-১৯ক প্ৰতিহত কৰাৰ বাবে লকডাউনৰ নিষেধাজ্ঞা ৩ মে’ ২০২০ তাৰিখলৈ বাহাল থাকিব বুলি কোৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ সময়ছোৱাত কৰদাতাসকলক সকাহ প্ৰদান কৰিবলৈ এটা সপ্তাহত চিবিডিটিৰ দ্বাৰা ৪২৫০ কোটি টকাৰ প্ৰায় ১০. লাখ ৰিফাণ্ড নিষ্পত্তি কৰা হৈছে

চৰকাৰে ৫ লাখ টকা পৰ্যন্ত দিবলৈ বাকী থকা আয়কৰ ৰিফাণ্ডসমূহ নিষ্পত্তি কৰাৰ বাবে কৰা ঘোষণাৰ পৰিপ্ৰেক্ষিতত আজি কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে কয় যে ইতিমধ্যেই ১৪ এপ্ৰিল ২০২০ তাৰিখ পৰ্যন্ত ১০.২ লাখ ৰিফাণ্ডৰ সৈতে প্ৰায় ৪,২৫০ কোটি টকা নিষ্পত্তি কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত সোনকালে নষ্ট হোৱা খাদ্য-সামগ্ৰীসমূহৰ আন্তঃৰাজ্যিক পৰিবহণত সুবিধা হোৱাৰ বাবে ১৮০০১৮০৪২০০ আৰু ১৪৪৮৮ নম্বৰৰ সদৌ ভাৰতীয় কৃষি সামগ্ৰী কল চেণ্টাৰৰ সেৱা মুকলি

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে লকডাউনৰ সময়ছোৱাত সোনকালে নষ্ট হোৱা খাদ্য-সামগ্ৰীসমূহৰ আন্তঃৰাজ্যিক পৰিবহণত সুবিধা হোৱাৰ বাবে সদৌ ভাৰতীয় কৃষি সামগ্ৰী কল চেণ্টাৰৰ সেৱা মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

লকডাউন আৰম্ভ হোৱাৰে পৰা .২৭ কোটিত কৈও অধিক নিঠৰুৱা/ভিক্ষাৰী/গৃহহীন লোকৰ বাবে বিনামূলীয়া খাদ্য বিতৰণৰ ব্যৱস্থা কৰিছে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে

লকডাউন আৰম্ভ হোৱাৰে পৰা (১০.০৪.২০২০ তাৰিখলৈ) ১.২৭ কোটিত কৈও অধিক নিঠৰুৱা/ভিক্ষাৰী/গৃহহীন লোকৰ বাবে প্ৰধান পৌৰ নিগমসমূহৰ সহযোগিতাত বিনামূলীয়া খাদ্য বিতৰণৰ ব্যৱস্থা কৰিছে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে৷

অধিক বিৱৰণৰ বাবে

পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মেহমুদ আব্বাছৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ভিড-১৯ মহামাৰীৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আৰু এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে পৰম্পৰৰ পদক্ষেপসমূহ উভয়ৰে আগত অৱগত কৰে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ উপ ৰাষ্ট্ৰপতিৰ আহ্বান-লকডাউনৰ সময়ছোৱাত অগ্ৰাধিকাৰ প্ৰদান কৰক কৃষক আৰু কৃষি ব্যৱস্থাক

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে আজি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক লকডাউনৰ সময়ছোৱাত কৃষক আৰু কৃষি ব্যৱস্থাত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে আৰু এই সময়ছোৱাত কৃষিজাত সামগ্ৰীৰ সুচল পৰিবহণৰ সুবিধা প্ৰদান কৰিবলৈও পৰামৰ্শ আগবঢ়াইছে৷ তাৰোপৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষি মন্ত্ৰীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক প্ৰশংসা কৰে৷ তেওঁ উৎপাদক আৰু গ্ৰাহক দুয়োপক্ষৰে স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত উদ্যান-শস্য আৰু আনুষংগিক ক্ষেত্ৰৰ উত্তৰণৰ বাবেকৃষি, সমবায় আৰু কৃষক কল্যাণ বিভাগ বিভিন্ন উদ্যোগ

লকডাউনৰ সময়চোৱাত কৃষক আৰু কৃষি-কৰ্মৰে জড়িতসকলক সকাহ দিব পৰাকৈ ‘কৃষি, সমবায় আৰু কৃষক কল্যাণ বিভাগে’ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

সমগ্ৰ দেশতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগানৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ চৰকাৰ আৰু বিমান পৰিবহণ উদ্যোগ

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু বিমান পৰিবহণ উদ্যোগে ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজত অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী দেশৰ ভিতৰলৈ আৰু বিদেশলৈ ব্যয়সংকুচিত প্ৰক্ৰিয়াৰে পৰিবহণ কৰাৰ জৰিয়তে সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ‘লাইফলাইন উড়ান’ বিমানৰ জৰিয়তে দেশৰ দুৰ্গম প্ৰান্তলৈ অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীসমূহ পৰিবাহিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় উদ্যোগ সংঘৰ নেতাসকলৰ সৈতে ডাঃ হৰ্ষৱৰ্ধনৰ বাৰ্তালাপ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে আজি ভিডিঅ’ কনফাৰেন্সিং যোগে ৫০ গৰাকীতকৈও অধিক ঔদ্যোগিক নেতৃবৰ্গৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ বৈঠকখনত ঔদ্যোগিক নেতাসকলে অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণ, পৰীক্ষণ সুবিধাৰ উপলব্ধতা, কোৱাৰেণ্টাইনৰ সুবিধা, ফাৰ্মাচিউটিকেল উদ্যোগসমূহৰ বাবে কেঁচামাল, ৰোগ নিৰীক্ষণ, টেলিমেডিচিন সুবিধাৰ ব্যৱহাৰ, প্ৰতিৰোধাত্মক স্বাস্থ্যসেৱা ইত্যাদিৰ ক্ষেত্ৰত প্ৰকাশ কৰা উদ্বেগসমূহৰ উত্তৰ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ অন্তত অনুষ্ঠিতব্য পৰীক্ষাসূচী ঘোষণাইউপিএছচি’-

যিসকল প্ৰাৰ্থীয়ে বিভিন্ন সাক্ষাৎকাৰ, পৰীক্ষা আদিৰ বাবে দেশৰ বিভিন্ন প্ৰান্ত ঘূৰিবলগীয়া হয় তেওঁলোকৰ বাবে ইউপিএছচিয়ে সময়ে সময়ে তাৰিখবোৰ পুনৰীক্ষণ কৰিব৷ ‘অসামৰিক সেৱা, ২০১৯’ৰ বাকী থকা ‘পাৰ্ছনেলিটী টেষ্ট’ৰ বাবে নতুন তাৰিখ অহা ৩ মে’ অৰ্থাৎ ‘লকডাউন’ৰ দ্বিতীয় পৰ্যায়ৰ সামৰণি পৰাৰ পিছত ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ সভাত ক’ৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত দেশৰ অৰ্থনৈতিক পৰিমণ্ডলটোত হোৱা ব্যাপক ক্ষতিৰ বিষয়েও আলোচনা কৰা হয়। এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় পৰ্যায়ত বিত্তীয় সমলসমূহৰ সংৰক্ষণ অতিকে গুৰুত্বপূৰ্ণ হৈ উঠালৈ চাই এপ্ৰিল, ২০২০ৰ পৰা বলৱৎ হোৱাকৈ এবছৰৰ বাবে ‘বেচিক পে’-ৰ ৩০শতাংশ স্বেচ্চাই নোলোৱাকৈ থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োগৰ অধ্যক্ষ আৰু সদস্যবৃন্দই।

অধিক বিৱৰণ বাবে

নিটি আয়োগৰ উপাধ্যক্ষ আৰু সদস্য, প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষই পিএম কেয়াৰ্ছ ফাণ্ডলৈ এবছৰৰ বাবে তেওঁলোকৰ দৰমহাৰ ৩০% অনুদান হিচাপে আগবঢাইছে

ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দেশে চলাই থকা যুঁজলৈ সহায়ৰ হাত আগবঢ়াইছে নীতি আয়োগৰ উপাধ্যক্ষ আৰু সদস্য তথা প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষই৷ এবছৰৰ বাবে তেওঁলোকে নিজৰ দৰমহাৰ ৩০% ধন চৰকাৰৰ পৰা স্বেচ্ছামূলকভাৱে গ্ৰহণ নকৰে৷ এই ধনৰাশি পিএম কেয়াৰ্ছ পুজিলৈ আগবঢ়োৱা হ’ব৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰেলৱে এপ্ৰিল, ২০২০ত ৩০,০০০ৰো অধিক পিপিই উৎপাদনৰ লক্ষ্য লৈছে

ভাৰতীয় ৰেলৱে’ৰ উৎপাদন কেন্দ্ৰ, ৱৰ্কশ্ব’প ইউনিট আৰু ফিল্ড ইউনিটে ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সৈতে কাম কৰি থকা চিকিৎসা আৰু স্বাস্থ্যসেৱা কৰ্মীসকলৰ বাবে ব্যক্তিগত সুৰক্ষামূলক সা-সজুলি(পিপিই) প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে৷

ভাৰতীয় ৰেলৱে’ই এপ্ৰিল,২০২০ত ৩০,০০০ৰো অধিক এনে সজুলি উৎপাদন কৰিব আৰু মে’,২০২০ত প্ৰায় ১,০০,০০০ পিপিই প্ৰস্তুতৰ পৰিকল্পনা যুগুত কৰিছে৷ পিপিই সা-সজুলিসমূহে ইতিমধ্যে গোৱালিয়ৰৰ ডিআৰডিঅ’ লেব’ৰেটৰীৰ পৰীক্ষাত প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে৷

অধিক বিৱৰণৰ বাবে

ৰেলৱেৰ বাবে ৰাজহৰ যোগান ধৰা আৰম্ভ কৰিছে পাৰ্চেল ৰেলে; লকডাউন আৰম্ভ হোৱাৰে পৰা ২০৪০০ টনতকৈও অধিক ওজনৰ সামগ্ৰী বোজাই কৰা হৈছে আৰু উপাৰ্জন হৈছে প্ৰায় .৫৪ কোটি টকা

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত সৰু পাৰ্চেল আকাৰত চিকিৎসা সামগ্ৰী, খাদ্য আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ পৰিবহণৰ কাৰ্য ধাৰাবাহিকভাৱে চলি আছে৷ ভাৰতীয় ৰে’লৱেয়ে এই সামগ্ৰীসমূহৰ পৰিবহণ দ্ৰুত গতিত সম্পন্ন কৰিবলৈ ৰে’লৱেয়ে পাৰ্চেল ভ্যানৰো ব্যৱস্থা কৰিছে৷ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান ব্যৱস্থা নিৰৱচ্ছিন্ন কৰি ৰখাৰ বাবে ৰে’লৱেয়ে নিৰ্বাচিত পথত পাৰ্চেল ৰে’লসমূহ চলোৱাৰ ব্যৱস্থা কৰিছে৷

অধিক বিৱৰণৰ বাবে

জম্মু-কাশ্মীৰ আৰু লাডাখৰ দূৰৱৰ্তী অঞ্চসমূহৰ বাবে ডাক বিভাগে কৰিছে বিশেষ ব্যৱস্থা

জম্মু-কাশ্মীৰ আৰু লাডাখৰ ডাকসেৱা জনসাধাৰণৰ নগদ সংবহনৰ প্ৰাথমিক প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ খোলা ৰখা হৈছে৷ তাৰোপৰি আধাৰ সমৰ্থিত লেনদেন ব্যৱস্থাও ডাকঘৰসমূহত প্ৰণয়ন কৰা হৈছে যাতে বেংক একাউণ্ট থকা লোকসকলে প্ৰতিমাহে যিকোনো ডাকঘৰৰ পৰা ১০,০০০ টকা উলিয়াব পাৰে৷

অধিক বিৱৰণৰ বাবে

দেখো অপনা দেশ কাইলৈ সম্প্ৰচাৰিত লগা দ্বিতীয়ৱেবিনাৰ কলকাতাৰ মহান ইতিহাস আৰু সাংস্কৃতিক ৰূপৰেখা সম্পৰ্কে অৱগত হওক

দিল্লীৰ বিশেষ সাফল্যৰ পিছতদেখো অপনা দেশ পৰৱৰ্তিৱেৱিনাৰকাইলৈ অৰ্থাত ১৬এপ্ৰিলৰ দিনৰ ১১.০০বজাৰ পৰা ১২.০০বজালৈ পৰিৱেশিত ব। এইবেলিৰ খণ্ডত ৰাইজেকলকাতা- কনফ্লুৱেন্স অব কালছাৰ’- জৰিয়তে কলকাতাৰ সমৃদ্ধ ইতিহাস আৰু সাংস্কৃতিক বৈভৱৰ তথ্যাৱলী প্ৰত্যক্ষ কৰিব পাৰিব

অধিক বিৱৰণৰ বাবে

জনসাধাৰণৰ সুৰক্ষা আৰু ক’ভিড-১৯ৰ বাবে তেওঁলোকৰ মাজত সজাগতা প্ৰদানৰ ক্ষেত্ৰত শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰিছে স্মাৰ্ট চিটীসমূহে

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ পাৱাৰগ্ৰীডে সম্পন্ন কৰিছে চিএছআৰ কাৰ্যসূচী

সমগ্ৰ ৰাষ্ট্ৰ লকডাউনৰ মাজত আৱদ্ধ হৈ থকাৰ সময়তে ৰাজহুৱা খণ্ডৰ উদ্যোগ পাৱাৰগ্ৰীডে চৌবিশ ঘণ্টাই কেৱল শক্তি যোগান ধৰাৰ কামতে ব্যস্ত হৈ থকাই নহয় বৰঞ্চ মানৱীয়তা সাহায্যমূলক কাৰ্যসূচীৰ সৈতেও জড়িত হৈছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ ৰাজ্যখনৰ একমাত্ৰ তথা দেশৰ ভিতৰত দ্বিতীয়গৰাকী গৰ্ভৱতী ক’ভিড-১৯ ৰোগী আৰোগ্য হোৱাৰ পিছত কোল্লাম চিকিৎসা মহাবিদ্যালয়ৰ পৰা মুকলি কৰা দিয়া হৈছে৷ নিউয়ৰ্ক আৰু ডুবাইত ২জন মালায়লী লোকৰ মৃত্যু হৈছে আৰু ইয়াৰ জৰিয়তে বিদেশত মৃত্যু হোৱা কেৰালাৰ লোকৰ সংখ্যা ৩০লৈ বৃদ্ধি পালে৷ ইতিহাসত প্ৰথমবাৰলৈ বাতিল কৰা হ’ল থ্ৰিছুৰপুৰম উৎসৱ৷
  • তামিলনাডুঃ চেন্নাই নিগমে ৩ মে’ৰ ভিতৰত পৰীক্ষণ কৰিব ৪০,০০০ নমুনা৷ সুৰক্ষিত কোৱাৰেণ্টাইন স্থানৰ সংখ্যা ১০,০০০ লৈ চহৰখনত বৃদ্ধি কৰা হৈছে৷ কালি পৰ্যন্ত মুঠ পৰিঘটনা ১২০৪; মুকলি কৰা হৈছে ৮১; মুঠ পৰীক্ষিত নমুনা ১৯৫৫৷
  • কৰ্ণাটকঃ চীনৰ চৰকাৰ আৰু কেন্দ্ৰৰ মাজত নীতি পৰিৱৰ্তন হোৱা হেতুকে ৰাজ্যই অপেক্ষা কৰিবলগীয়া হৈছে এক লাখ দ্ৰুত পৰীক্ষণ কিটৰ বাবে৷ মুঠ প্ৰতিবেদিত পৰিঘটনা ২৬০; মৃত্যু ১; আৰোগ্য ৭১৷ 
  • তেলেংগানাঃ ২০ এপ্ৰিলৰ পিছত আক্ৰান্ত নোহোৱা স্থানসমূহত লকডাউন শিথিল কৰাৰ পৰিকল্পনা ৰাজ্যৰ৷ ডিআৰডিএল হায়দৰাবাদে উদ্ভাৱন কৰিলে COVSACK শীৰ্ষক নমুনা গ্ৰহণ কিঅ’স্ক৷ এই পৰ্যন্ত প্ৰতিবেদিত মুঠ পৰিঘটনা ৬৪৪৷
  • অন্ধ্ৰ প্ৰদেশ- ১৯টা নতুন পৰিঘটনাৰ সৈতে মুঠ নিশ্চিত পৰিঘটনা ৫০২টা৷ মৃত্যু ১১; আৰোগ্য ১৬৷ ৰাজ্যত কাইলৈৰ পৰা দৰিদ্ৰসকলৰ মাজত বিতৰণ কৰা হ’ব বিনামূলীয়া খাদ্য৷
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশৰ একমাত্ৰ ক’ভিড-১৯ ৰোগীজনক তৃতীয় বাৰৰ পৰীক্ষাৰ পিছত ঋণাত্মক ফলাফল ঘোষিত কৰা হৈছে৷
  • অসমঃ ৩ মে’লৈ বন্ধ থাকিব ৰাজ্যখনৰ সুৰাৰ বিপণীসমূহ৷
  • মণিপুৰঃ  মেঘালয়ত কোভিড পজিটিভ প্ৰতিবেদিত হোৱা লোকজনৰ জোৱাইয়েকৰ মণিপুৰত থকা ১১ গৰাকী পৰিয়ালৰ সদস্যকো পৰীক্ষা কৰা হ’ব৷
  • মেঘালয়ঃ মেঘালয়ৰ প্ৰথম গৰাকী ক’ভিড-১৯ৰ সংস্পৰ্শলৈ অহা ৫০টা নমুনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষা কৰা হৈছে আৰু ঋণাত্মক ফলাফল পোৱা গৈছে৷
  • মিজোৰামঃ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ পৰা ১৮০০টা ন’ভেল ক’ৰোনা পৰীক্ষণ কিট লাভ কৰিছে মিজোৰামে৷
  • নাগালেণ্ডঃ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে ক’হিমাত ফিউমিগেচনৰ কাম সম্পন্ন কৰিছে৷
  • ত্ৰিপুৰাঃ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক ‘আৰোগ্যসেতু’ এপ ডাউনলোড কৰিবলৈ আহ্বান জনাইছে৷

 

#ক’ভিড-১৯ৰ ফেক্ট চেকসমূহ

 



(Release ID: 1614855) Visitor Counter : 339