প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধত চাৰি সপ্তাহৰ ভিতৰত চতুর্থ বাৰলৈ দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

অহা ৩ মে’ পৰ্যন্ত বৃদ্ধি কৰিলে লকডাউনৰ সময়সীমা


অতি ক্ষতিশংকা অঞ্চল আৰু হটস্পটত অনবৰতে নিৰীক্ষণৰ ব্যৱস্থা


কম আশংকাপূর্ণ এলেকাত কিছু নিষেধাজ্ঞা ২০ এপ্রিলৰ পৰা ৰেহাই দিয়া হ’ব


চৰকাৰে কাইলৈ জাৰি কৰিব বিস্তৃত নির্দেশনা


প্ৰধানমন্ত্রীয়ে জ্যেষ্ঠসকলক যত্ন লোৱা, সামাজিক দূৰত্ব বজাই ৰখা, লকডাউনসহ সাতটা বিষয়ত নাগৰিকৰ সমর্থন বিচাৰিলে

Posted On: 14 APR 2020 1:04PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আজি লকডাউনৰ ম্যাদ অহা মে’ পর্যন্ত বৃদ্ধিৰ কথা ঘোষণা কৰে৷ ইয়াৰ পূৰ্বে ২১ দিনীয়া লকডাউন আজি  শেষ হোৱাৰ কথা আছিল।

ক’ৰোনা ভাইৰাছৰ মোকাবিলা কৰাৰ লক্ষ্যৰে দেশবাসীক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে বিভিন্ন ৰাজ্য, বিশেষজ্ঞ আৰু জনগণৰ পৰা লাভ কৰা পৰামর্শৰ পাছত এই লকডাউনৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷

সজাগ হৈ থকা আৰু লকডাউনৰ সময়ত শাৰীৰিক দূৰত্ব বজাই ৰাখি চলিবলৈ তেওঁ সকলোকে অনুৰোধ জনায়৷

প্ৰধানমন্ত্রী যিবোৰ এলেকা কম আশংকাপূর্ণ, সেইবোৰৰ কিছু কিছু ক্ষেত্রত নিষেধাজ্ঞা ২০ এপ্রিলৰ পৰা শিথিল কৰাৰ পৰামৰ্শ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয়, অহা ২০ এপ্ৰিললৈ প্ৰতিখন চহৰ, প্ৰতিখন আৰক্ষী চকী, প্ৰতিখন জিলা, প্ৰতিখন ৰাজ্যই লকডাউন কিধৰণে পালন কৰা হৈছে, সেয়া মূল্যায়ন কৰিব৷ ক’ৰোনা ভাইৰাছৰ পৰা সুৰক্ষিত হোৱা অঞ্চলসমূহ চিনাক্ত কৰা হ’ব৷ হট-স্পটত কেটেগ’ৰীত অন্তৰ্ভুক্ত নোহোৱা এনে অঞ্চলসমূহত অহা ২০ এপ্ৰিলৰ পৰা নিৰ্বাচিত অত্যাৱশ্যকীয় সেৱাসমূহ মুকলিৰ অনুমতি দিয়া হ’ব পাৰে৷ অৱশ্য, মনত ৰখা ভাল যে এই অনুমতি চৰ্ত প্ৰযোজ্য হ’ব আৰু বাহিৰলৈ ওলাই যোৱাৰ নীতি-নিৰ্দেশনাসমূহ অত্যন্ত কঠোৰ হ’ব৷

অৱশ্যে নিয়ম ভংগ হ’লে অথবা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ আশংকা সৃষ্টি হ’লে এই অনুমতি লগে লগে প্ৰত্যাহাৰ কৰা হ’ব বুলি তেওঁ সকিয়াই দিয়ে৷

এই সন্দৰ্ভত কাইলৈ চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিব৷

দুখীয়া আৰু দৈনিক মজুৰি কাম কৰা লোকসকলৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ কয়৷

প্ৰধানমন্ত্ৰীয়ে কয়, একমাত্ৰ আমাৰ দৰিদ্ৰ ভাই-ভনীসকলৰ জীৱন-জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি  কেতবোৰ ৰেহাইৰ কথা চিন্তা কৰা হৈছে৷ যিসকলে, দৈনিক উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰে, পৰিয়াল পোহপাল দি আছে, তেওঁলোকৰ জটিলতা হ্ৰাস কৰা মোৰ অন্যতম প্ৰধান্যৰ বিষয়৷ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ মাধ্যমেৰে তেওঁলোকক সহায় কৰিবলৈ চৰকাৰে পাৰ্যমানে প্ৰয়াস চলাইছে৷ নতুন নিৰ্দেশনা প্ৰস্তুত কৰোতেও তেওঁলোকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰখা হ’ব৷

বাবা চাহেব আম্বেদকাৰৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, মই বুজি পাইছো আপোনালোকে কিমান সমস্যাৰ সন্মুখীন হৈছে৷ কাৰোৱাৰ খোৱা-বোৱাৰ সমস্যা, কাৰোবাৰ অহা-যোৱা কৰাত অসুবিধা, কোনোবাজন ঘৰ-পৰিয়ালৰ পৰা বহু দুৰত আছে৷ কিন্ত দেশৰ স্বাৰ্থত, এক নিয়মানুৱৰ্তী জোৱানৰ দৰে নিজৰ কৰ্তব্য পালন কৰি আছে৷ মই আপোনালোক সকলোকে আদৰেৰে প্ৰণাম জনাইছো৷ আমাৰ সংবিধানত যিআমি ভাৰতবাসীবুলি শক্তিৰ কথা কোৱা হৈছে, সেয়াই এই কথাকে প্ৰতিপন্ন কৰিছে৷

ক’ভিড-১৯ আক্ৰান্ত নহ’ওতেই ভাৰতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰি কৰি তেওঁ কয়, যেতিয়া আমাৰ ইয়াত এগৰাকীও কৰোনাক্ৰান্ত নাছিল, তাৰপূৰ্বেই ভাৰতে কৰোনা প্ৰভাৱিত দেশৰ পৰা অহা যাত্ৰীসকলৰ স্ক্ৰীনিং আৰম্ভ কৰা হৈছিল৷ ৰোনা ৰোগীৰ সংখ্যা ১০০ হোৱাৰ পূৰ্বেই ভাৰতে বিদেশৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীৰ ১৪দিন আছুতীয়াকৈ থকাটো বাধ্যতামুলক কৰি দিয়াৰ লগতে বহু ঠাইত মল, ক্লাব, জীম বন্ধ কৰি দিয়া হ’ল

বিশ্বৰ শক্তিশালী দেশবোৰৰ তুলনাত ভাৰতে ক’ৰোনা ভাইৰাছ প্ৰতিহত কৰা সফল হোৱা বুলিও কয় প্ৰধানমন্ত্ৰীয়ে৷

তেওঁ কয় এমাহ-ডেৰমাহৰ পূৰ্বে একাংশ দেশত কৰোনাক্ৰান্তৰ সংখ্যা প্ৰায় ভাৰতত সমানেই আছিল৷ বৰ্তমান সেই দেশবোৰত ভাৰতৰ তুলনাত কৰোনাক্ৰান্তৰ সংখ্যা ২৫ৰপৰা ৩০ গুন অধিক হৈছে৷ সেই দেশসমূহত হাজাৰ হাজাৰ লোকৰ কৰুণ মৃত্যু হৈছে৷

ভাৰতৰ উকৰ্ষমুলক তথা সংহত দৃষ্টিভংগীৰ লগতে ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ নকৰা হলে আজি ভাৰতৰ স্থিতি কেনে হলহেতেন সেয়া কল্পনা কৰিলেই নোম সিয়ঁৰি উঠে৷ কিন্তু বিগত দিনৰ অভিজ্ঞতাৰ পৰা এইটো স্পষ্ট হৈছে যে আমি যি পথ বাছি ললো, সেয়া শুদ্ধ৷

সামাজিক দুৰত্ব আৰু লকডাউনৰ প্ৰচুৰ লাভ দেশে পাইছে৷ যদি কেৱল আৰ্থিক দৃষ্টিৰে চাও সেয়া যথেষ্ট লোকচান হোৱা যেন লাগে, কিন্তু ভাৰতবাসীৰ জীৱনৰ স্বাৰ্থত ইয়াৰ কোনো তুলনা নহয়৷ সীমিত সম্পদ স্বত্তেও, ভাৰতে যি পথত অগ্ৰসৰ হৈছে, সেই পথৰ সন্দৰ্ভত আজি বিশ্বজুৰি চৰ্চা হোৱাটো অতি স্বাভাৱিক৷

প্ৰধানমন্ত্ৰীয়ে কয় ভাৰতে লকডাউনৰ পৰা লাভান্বিক হৈছে৷ ইয়াৰ জৰিয়তে বহু লোকৰ জীৱন ৰক্ষা পৰিছে৷

সামাজিক দুৰত্ব আৰু লকডাউনৰ প্ৰচুৰ লাভ দেশে পাইছে৷ যদি কেৱল আৰ্থিক দৃষ্টিৰে চাও সেয়া যথেষ্ট লোকচান হোৱা যেন লাগে, কিন্তু ভাৰতবাসীৰ জীৱনৰ স্বাৰ্থত ইয়াৰ কোনো তুলনা নহয়৷ সীমিত সম্পদ স্বত্তেও, ভাৰতে যি পথত অগ্ৰসৰ হৈছে, সেই পথৰ সন্দৰ্ভত আজি বিশ্বজুৰি চৰ্চা হোৱাটো অতি স্বাভাৱিক৷”, তেওঁ কয়৷

প্ৰধানন্ত্ৰীয়ে কয়, দেশত ঔষধ, খাদ্য-সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু যোগান শংখল বিঘ্নিত হ’বলৈ দিয়া হোৱা নাই৷ স্বাস্থ্য আন্তঃগাথনি দ্ৰুতগতিৰে বিকশিত কৰি তোলাৰ ক্ষেত্ৰতো আমি পিছপৰি থকা নাই৷ জানুৱাৰীত আমাৰ হাতত আছিল ক’ৰোনা ভাইৰাছ পৰীক্ষাৰ বাবে মাত্ৰ ১টা টেষ্টিং লেবৰেট’ৰী৷ এতিয়া আমাৰ হাতত আছে ২২০টাৰো অধিক কাৰ্যকৰী টেষ্টিং লেব৷ গোলকীয় অভিজ্ঞতাৰ পৰা আমি প্ৰত্যক্ষ কৰিছো যে প্ৰত্যেক ১০,০০০ ৰোগীৰ বাবে প্ৰয়োজন হয় ১,৫০০-১,৬০০ বিছনা৷ ভাৰতত আজি এইপৰ্যন্ত প্ৰায় ১লাখ বিছনা সাজু কৰি তুলিছো৷ অকল এয়াই নহয়, ৬০০ৰো অধিক চিকিসালয় ক’ভিড-১৯ৰ চিকিসাৰ বাবে সাজু কৰি তোলা হৈছে৷ আমি ক’ব পাৰো যে, এই সুবিধাসমূহ অধিক দ্ৰুতগতিৰে বৃদ্ধি পাই থাকিব৷

প্ৰধানমন্ত্ৰী  শেষত ৭টা বিষয়ৰ বাবে আপোনালোকৰ সহযোগিতা কামনা কৰে৷ সেইকেইটা হৈছে

প্ৰথম কথা

আপোনাৰ পৰিয়ালত থকা বয়োজ্যেষ্ঠজনৰ যতন লওক, বিশেষকৈ সেইসকলৰ যি দূৰাৰোগ্য ৰোগত আক্ৰান্ত৷ আমি তেওঁলোকৰ অতিৰিক্ত যতন ল’ব লাগিব আৰু ক’ৰোনা ভাইৰাছৰ পৰা নিৰাপদে ৰাখিব লাগিব৷

দ্বিতীয় কথা—

লকডাউনৰ ‘লক্ষ্মণ ৰেখা’ আৰু সামাজিক দূৰত্ব সম্পূৰ্ণৰূপে পালন কৰক৷ লগতে, অনুগ্ৰহ কৰি ঘৰত নিৰ্মিত মুখ ঢকা মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব৷

 

তৃতীয় কথা—

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ অনুগ্ৰহ কৰি আয়ুস মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশাৱলীসমূহ পালন কৰক৷ নিয়মীয়াকৈ গৰম পানী সেৱন কৰক৷

চতুৰ্থ কথা—

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আৰোগ্য সেতু মোবাইল এপ ডাউনলোড কৰক৷ লগতে আনকো এইক্ষেত্ৰত উসাহিত কৰক৷

পঞ্চম কথা—

পাৰ্যমানে দৰিদ্ৰ পৰিয়ালৰ যতন লওক৷ বিশেষকৈ তেওঁলোকৰ খাদ্যৰ প্ৰয়োজনীয়তা দূৰ কৰাৰ চেষ্টা কৰক৷

ষষ্ঠ কথা—

আপোনাৰ ব্যৱসায় অথবা উদ্যোগত কাম কৰি থকা লোকসকলৰ প্ৰতি দয়াশীল হওক৷ তেওঁলোকক চাকৰিৰ পৰা বাদ নিদিব৷

সপ্তম কথা

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকা আমাৰ চিকিসক, নাৰ্ছ, চাফাই কৰ্মী আৰু আৰক্ষীৰ লোকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক৷.

*****

VRRK/KP/DB



(Release ID: 1614582) Visitor Counter : 189