স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ শেহতীয়া তথ্য
Posted On:
13 APR 2020 6:37PM by PIB Guwahati
দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে চিএছআইআৰৰ সঞ্চালক প্ৰধান আৰু ৩৮টা চিএছআইআৰ গৱেষণাগাৰৰ সঞ্চালকৰ উপস্থিতি চিএছআইৰে ক’ভিড-১৯ সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপসমূহ পুনৰীক্ষণ কৰে৷ চিএছআইআৰ গৱেষণাগাৰসমূহে ব্যক্তিগতখণ্ডৰ বৃহৎ উদ্যোগ, ৰাজহুৱা খণ্ডৰ উদ্যোগ, এমএছএমই, মন্ত্ৰালয়সমূহৰ বিভাগসমূহৰ সৈতে সমন্বয় স্থাপন কৰি কাম কৰি আছে৷
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জিলা প্ৰশাসনসমূহৰ পৰা সময়মতে প্ৰতিবেদন লাভ কৰিবলৈ শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰিছে৷ প্ৰযুক্তিৰ জৰিয়তে লাইভ পৰিঘটনা অনুসৰণ, পৰিঘটনা ব্যৱস্থাপনা আদি বিভিন্ন কাৰ্যাৱলী সম্পন্ন কৰা হৈছে৷ বেংগালুৰু ৱাৰ ৰূমৰ পৰা বিভিন্ন প্ৰযুক্তিসম্বলিত সামগ্ৰী আৱণ্টন কৰা হৈছে৷
ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰসমূহে দ্ৰুত সমাধান দল (আৰআৰটি)ৰ সহযোগত নিৰীক্ষণ, এম্বুলেন্স যোগান আৰু কোৱাৰেণ্টাইন ব্যৱস্থাপনা সমূহ পৰিচালনা কৰি আছে৷
কাৰ্যকৰী পৰিকল্পনাৰ প্ৰণয়ন আৰম্ভ হৈছে য’ত পূৰ্বে প্ৰতিবেদন দাখিল কৰা ১৫খন ৰাজ্যৰ ২৫খন জিলাৰ ফলাফল প্ৰদৰ্শিত হৈছে৷ কিন্তু যোৱা ১৪ দিনত কোনো পৰিঘটনা প্ৰতিবেদিত হোৱা নাই৷
১০ এপ্ৰিল ২০২০ তাৰিখ পৰ্যন্ত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত ৩০ কোটিত কৈও অধিক লোকে ২৮,২৫৬ কোটি টকাৰ বিত্তীয় সাহায্য লাভ কৰিছে৷
কালিৰে পৰা দেশত ক’ভিড-১৯ৰ ৭৯৬টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে, মুঠ পৰিঘটনাৰ সংখ্যা ৯১৫২টা৷ ৮৫৭জন লোক আৰোগ্য হৈ মুকলি হোৱাৰ বিপৰীতে এই পৰ্যন্ত মুঠ ৩০৮জনৰ মৃত্যুৰ সংখ্যা প্ৰতিবেদিত হৈছে৷
ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.
technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷
ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷
*****
MV/MANN
(Release ID: 1614189)
Visitor Counter : 147
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam