অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

লাইফলাইন উড়ানৰ অধীনত সমগ্ৰ দেশত চিকিৎসা সামগ্ৰীৰ যোগান দিয়াৰ বাবে বিমানসেৱাই ২ লাখ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিছে

Posted On: 13 APR 2020 4:44PM by PIB Guwahati

অসামৰিক বিমান মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে এটা টুইটাৰযোগে প্ৰকাশ কৰে যে, মন্ত্ৰালয়ৰদ্বাৰা ২১৮ খনতকৈও অধিক লাইফলাইন উড়ানৰ বিমানে সমগ্ৰ দেশৰ দুৰ্গম অঞ্চলসমূহতো অত্যাৱশ্যকীয় চিকিসা সামগ্ৰীৰ যোগান দি ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজত দেশক সম্পূৰ্ণ সহযোগ কৰিছে। মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে প্ৰকাশ কৰে যে, এতিয়ালৈকে পঠিওৱা কাৰ্গোৰ ওজন ৩৭৭.৫০ টন আৰু আকাশীপথেৰে লাইফলাইন উড়ানৰ বিমানে অতিক্ৰম কৰা দূৰত্ব ২,০৫,৭০৯ কিলোমিটাৰতকৈও অধিক। ইয়াৰে ১৩২ খন বিমান এয়াৰ ইণ্ডিয়াৰদ্বাৰা চালিত। ১২ এপ্ৰিল ২০২০ তাৰিখে পঠিওৱা কাৰ্গোৰ ওজন ৪.২৭ টন। ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজত দেশক সম্পূৰ্ণ সহযোগ কৰি সমগ্ৰ দেশৰ দুৰ্গম অঞ্চলসমূহৰ লগতে বিদেশলৈও অত্যাৱশ্যকীয় চিকিসা সামগ্ৰীৰ যোগান কম খৰচত আৰু সঠিকভাৱে দিবলৈ বিমান মন্ত্ৰালয় বদ্ধপৰিকৰ।

উত্তৰ-পূৰ্বাঞ্চল, দ্বীপ অঞ্চলসমূহ আৰু পাহাৰীয়া অঞ্চলসমূহত সামগ্ৰী যোগান দিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। কম ওজনৰ কিন্তু অধিক ঠাই লোৱা সামগ্ৰী যেনে মাস্ক, হাতমোজা আদিৰ বাবে যাত্ৰীবাহী বিমানৰ যাত্ৰীৰ আসনত প্ৰয়োজনীয় সুৰক্ষাৰ প্ৰতি নজৰ ৰাখি কঢ়িয়াব পৰাকৈ বিশেষ অনুমতি লোৱা হৈছে।

লাইফলাইন উড়ান বিমানৰ বিতং তথ্য https://esahaj.gov.inlifeline_udan/public_info লিংকত প্ৰতিদিনে উপলব্ধ কৰা হৈছে।

ব্লুডাৰ্ট, ইণ্ডিগো, স্পাইচজেট আদি ঘৰুৱা কাৰ্গো অপাৰেটৰে বাণিজ্যিক ভিত্তিত সেৱা আগবঢ়াই আছে। স্পাইচজেটে ২৪ মাৰ্চৰ পৰা ১২ এপ্ৰিল পৰ্যন্ত ৪,২৬,৫৩৩ কিলোমিটাৰ দূৰত্ব সামৰি ৩০০ খন বিমান চলাচল কৰাইছে আৰু ২৪৭৮ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে, তাৰে ৯৫ খন আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান। ব্লুডাৰ্টে ২৫ মাৰ্চৰ পৰা ১২ এপ্ৰিল পৰ্যন্ত ৯২,০৭৫ কিলোমিটাৰ দূৰত্ব সামৰি ৯৪ খন ঘৰুৱা বিমান চলাচল কৰাইছে আৰু ১৪৭৯ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে। ইণ্ডিগোই ৩ এপ্ৰিলৰ পৰা ১২ এপ্ৰিল পৰ্যন্ত ২১,৯০৬ কিলোমিটাৰ দূৰত্ব সামৰি ২৫ খন বিমান চলাচল কৰাইছে আৰু ২১.৭৭ টন ওজনৰ সামগ্ৰী কঢ়িয়াইছে।

স্পাইচজেটৰ ঘৰুৱা কাৰ্গো

তাৰিখ

বিমানৰ সংখ্যা  

 কঢ়িওৱা ওজন (টন)

দূৰত্ব (কিলোমিটাৰ)

১২.০৪.২০২০

৬৮.২১

৬,৯৪৩

স্পাইচজেটৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্গো

তাৰিখ

বিমানৰ সংখ্যা

কঢ়িওৱা ওজন (টন)

দূৰত্ব (কিলোমিটাৰ)

১২.০৪.২০২০

৭৫.২৩

১৮,৩০০

আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰ: অতি প্ৰয়োজনীয় ঔষধ আৰু চিকিসা সামগ্ৰী তথা ক’ভিড-১৯ ৰ বাবে দুৰ্দশাত পতিত হোৱাসকলৰ বাবে সাহাৰ্য কঢ়িয়াই নিবৰ বাবে ৪ এপ্ৰিল ২০২০ ৰ পৰা এখন আকাশী দলং গঢ়ি তোলা হৈছে। দক্ষিণ এচিয়াৰ দেশসমূহৰ ভিতৰত এয়াৰ ইণ্ডিয়াই ৭ এপ্ৰিল ২০২০ তাৰিখে প্ৰায় ৯ টন সামগ্ৰী আৰু ৮ এপ্ৰিল ২০২০ তাৰিখে ৪ টন সামগ্ৰী কলম্বোলৈ কঢ়িয়াই নিছে। প্ৰয়োজন সাপেক্ষে সময়সূচী নিৰ্দিষ্ট কৰা বিমানেৰে এয়াৰ ইণ্ডিয়াই অন্যান্য দেশলৈও জটিল চিকিসা সামগ্ৰীৰ যোগান দিব।

তাৰিখ অনুযায়ী কাৰ্গো বিমানেৰে তলত দিয়া পৰিমাণৰ চিকিসা সামগ্ৰী কঢ়িওৱা হৈছেঃ

ক্ৰ. নং

তাৰিখ

যাত্ৰাৰম্ভৰ স্থান

পৰিমাণ (টন)

০৪.৪.২০২০

সাংহাই

২১

০৭.৪.২০২০

হংকং

০৯.৪.২০২০

সাংহাই

২২

১০.৪.২০২০

সাংহাই

১৮

১১.৪.২০২০

সাংহাই

১৮

১২.৪.২০২০

সাংহাই

২৪

 

 

মুঠ

১০৯

কাৰ্গো বিমানেৰে সামগ্ৰী পৰিৱহণ কৰোৱাৰ ক্ষেত্ৰত প্ৰতিটো খোজতে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা হাতত লোৱা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001NQC6.jpg

ভিডিঅ’ত কেৰেলাত কৰ্মচাৰীসকলে চিকিসা সামগ্ৰী পৰিৱহণৰ বাবে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। 

****

RJ/NG/PRK



(Release ID: 1614185) Visitor Counter : 130