বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ লগতে প্ৰভাৱশালী ৰূপত ৰোগবিধ মষিমূৰ কৰিব পৰা উপায় উদ্ভাৱনৰ বাবে ‘চিএছআইআৰ’-ৰ বিজ্ঞানীলৈ আহ্বান ড০ হৰ্ষ বৰ্দ্ধনৰ
‘প’লিও নিৰ্মূলকৰণৰ বাবে যেনেকৈ বংশানুক্ৰমিক তত্ব বিশ্লেষণৰ প্ৰয়োজন হৈছিল ক’ভিড-১৯ৰ উপাচাৰ বিচাৰিবলৈকো একে পন্থাইহে সহায় কৰিব’
এতিয়া যুদ্ধৰ সময়, সেয়ে যুদ্ধ শেষ হোৱাৰ আগতেই সমাধান সূত্ৰ উলিয়াব পৰা গৱেষণাত ব্ৰতী হ’ব লাগিব : ড০ হৰ্ষ বৰ্দ্ধন
ক’ভিড-১৯য়ে দেশৰ আত্মনিৰ্ভৰশীলতা, থলুৱাৰ দক্ষতা বৃদ্ধিৰে স্বাস্থ্য সুৰক্ষাৰ বাবে প্ৰয়োজনীয় জটিল উপকৰণ আদি বিকাশৰ সম্ভাৱনা সৃষ্টিতো সহায় কৰিব : ড০ হৰ্ষ বৰ্দ্ধন
प्रविष्टि तिथि:
12 APR 2020 7:17PM by PIB Guwahati
দেশত অব্যাহত থকা ক’ৰোনাভাইৰাছৰ সন্ত্ৰাস ৰোধৰ বাবে ‘চিএছআইআৰ’ আৰু ইয়াৰ সৈতে সংলগ্ন থকা ৩৮টা পৰীক্ষাগাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ সন্দৰ্ভত আজি কেন্দ্ৰীয় ‘বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰ’ৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে পৰ্যালোচনা কৰে। আজিৰ আলোচনাত ‘চিএছআইআৰ’-ৰ মহা নিৰ্দেশক ড০ শেখৰ চি মাণ্ডেই অংশ গ্ৰহণ কৰে।
আলোচনা কালত মহা নিৰ্দেশকগৰাকীয়ে কয় যে, ক’ভিড-১৯ সম্পৰ্কীয় কাম-কাজ পৰিচালনা কৰাৰ বাবে ‘চিএছআইআৰ’-য়ে এটা ‘বিশেষ কৌশল নিৰূপণ গোট’(ক’ৰ ষ্টেটেজী গ্ৰুপ) গঠন কৰিছে। সেইদৰে, ক’ভিড-১৯ সম্পৰ্কীয় বিশ্লেষণৰ ক্ষেত্ৰত পাঁচোটা বিশেষ ক্ৰম চিনাক্ত কৰি সেই মৰ্মে কাম-কাজ আগবঢ়াই থকা হৈছে। এইকেইটাৰ ভিতৰত আছে : ডিজিটেল আৰু অনুজৈৱিক নিৰীক্ষণ; দ্ৰুত আৰু অৰ্থনৈতিক বিশ্লেষণ; নতুন ঔষধ-ঔষধৰ পুনৰ-ব্যৱহাৰ আৰু আনুষংগিক উত্পাদন সম্পৰ্কীয় প্ৰক্ৰিয়া; হাস্পটালৰ সহায়কাৰী উপকৰণ আৰু ব্যক্তিগত সুৰক্ষা উপকৰণ(পিপিই) আৰু যোগান শৃংখল আৰু যোগান-সহযোগিতা ব্যৱস্থাপনা। ইফালে দেশৰ এই সংকটৰ মুহূৰ্তত ‘চিএছআইআৰ’-ৰ ১৫টা পৰীক্ষাগাৰে প্ৰধান উদ্যোগসমূহৰ লগতে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান, ‘ক্ষুদ্ৰ-লঘূ আৰু মজলীয়া উদ্যোগ’সমূহৰ উপৰি অন্যান্য চৰকাৰী বিভাগসমূহৰ সৈতে ঘনিষ্ঠভাবে কাম কৰি আছে।
ক’ভিড-১৯ সম্পৰ্কত ‘চিএছআইআৰ’-ৰ কাৰ্য-বিৱৰণি শুনাৰ পিছত ড০ হৰ্ষ বৰ্দ্ধনে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সবিশেষ দাঙি ধৰে।
আলোচনা কালত ড০ হৰ্ষ বৰ্দ্ধনে ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ লগতে প্ৰভাৱশালী ৰূপত ৰোগবিধ মষিমূৰ কৰিব পৰা উপায় উদ্ভাৱনৰ বাবে ‘চিএছআইআৰ’-ৰ বিজ্ঞানীসকললৈ আহ্বান জনায়।
প্ৰসংগক্ৰমে তেওঁ, প’লিও নিৰ্মূলকৰণৰ বাবে যেনেকৈ বংশানুক্ৰমিক তত্ব বিশ্লেষণৰ প্ৰয়োজন হৈছিল ক’ভিড-১৯ৰ উপাচাৰ বিচাৰিবলৈকো একে পন্থাইহে সহায় কৰিব বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে।
তেওঁ দেশৰ বিজ্ঞানীসমাজক উদ্দেশি কয় যে, ‘এতিয়া যুদ্ধৰ সময়, সেয়ে যুদ্ধ শেষ হোৱাৰ আগতেই সমাধান সূত্ৰ উলিয়াব পৰা গৱেষণাত ব্ৰতী হ’ব লাগিব’।
ক’ভিড-১৯য়ে সকলোকে সন্ত্ৰাসিত কৰিছে যদিও পৰোক্ষ ভাবে ই দেশৰ আত্মনিৰ্ভৰশীলতা, থলুৱাৰ দক্ষতা বৃদ্ধিৰে স্বাস্থ্য সুৰক্ষাৰ বাবে প্ৰয়োজনীয় জটিল উপকৰণ আদি বিকাশৰ সম্ভাৱনাও সৃষ্টি কৰাত সহায় কৰিব বুলি মন্তব্য কৰে।
*****
KGS/(DST-CSIR)/KB
(रिलीज़ आईडी: 1614019)
आगंतुक पटल : 180
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada