প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 13 APR 2020 3:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী নিগুৱেন জুৱান ফুকৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে৷ দুয়োগৰাকী নেতাই মহামাৰীক প্ৰতিহত কৰিবলৈ দ্বিপাক্ষিক সহযোগিতা আগবঢ়াবলৈ সন্মত হয়৷ তেওঁলোকে পৰস্পৰৰ নাগৰিকসকলক প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবেও সহমত পোষণ কৰে৷

দুয়োগৰাকী নেতাই আগন্তুক দিন কেইটাত ঐক্যৱদ্ধ হৈ কাম কৰিব বুলি সন্মতি প্ৰদান কৰে৷ চলিত সংকটৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে ভিয়েটনামৰ নাগৰিকসকলৰ সু-স্বাস্থ্য আৰু কল্যাণ কামনা কৰে৷

 

***

VRRK/AK/MANN



(Release ID: 1613995) Visitor Counter : 192