অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

লাইফলাইন উড়ান আঁচনিৰ অধীনত মেডিকেল কাৰ্গো বিমানে দেশত এদিনতে ১০৮টন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে

Posted On: 12 APR 2020 7:10PM by PIB Guwahati

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ক’ভোড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ সময়ত দেশৰ দুৰ্গম স্থানসমূহত অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী যোগান ধৰিবলৈ ২১৪খনকৈ লাইফলাইন উড়ান বিমান সঞ্চালিত কৰিছে৷ ইয়াৰে ১২৮খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰৰদ্বাৰা পৰিচালিত হৈছে৷ এই বিমানৰ সহায়ত এতিয়ালৈকে প্ৰায় ৩৭৩.২৩ টন সামগ্ৰী কঢ়িওৱা কৰা হৈছে৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী উষা পাড়েই কৈছে যে লাইফলাইন উড়ান বিমানে এইপৰ্যন্ত ১,৯৯,৭৮৪ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে৷ ১১ এপ্ৰিল,২০২০ত কঢ়িওৱা সামগ্ৰীৰ পৰিমাণ হ’ল ১০৮টন৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু বিমান পৰিবহণ খণ্ডই ভাৰতৰ ভিতৰত আৰু বিদেশলৈও অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী কঢ়িয়াই ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজত সহায়ৰ হাত আগবঢ়াবলৈ সংকল্পবদ্ধ৷

উত্তৰ-পূৰ্বাঞ্চল, দ্বীপ অঞ্চল আৰু পাহাৰীয়া ৰাজ্যসমূহৰ ওপৰত বিশেষভাৱে মনোনিৱেশ কৰা হৈছে৷ এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনা বাহিনীয়ে একগোট হৈ সাধাৰণতে জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰ-পূৰ্বাঞ্চল আৰু আন দ্বীপ অঞ্চলসমূহত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে৷

লাউফলাইন উড়ান বিমান সম্বন্ধীয় ৰাজহুৱা তথ্য দৈনিক ভিত্তিত নিম্নোক্ত প’ৰ্টেলত উপলব্ধ হৈছে—  https://esahaj.gov.inlifeline_udan/public_infoএই প’ৰ্টেল প্ৰস্তুত কৰিছে নেচনেল ইনফ’ৰমেটিকছ চেণ্টাৰে(এনআইচি)৷

****

RJ/NG/MS



(Release ID: 1613806) Visitor Counter : 116