বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ফৰিদাবাদ অঞ্চলৰ বাবে ডিবিটি প্ৰতিষ্ঠানক ক’ভিড-১৯ পৰীক্ষা কেন্দ্ৰ হিচাপে স্বীকৃতি আইচিএমআৰৰ
ডিবিটি হ’ল ফৰিদাবাদ অঞ্চলৰ প্ৰথম আৰু একমাত্ৰ ক’ভিড-১৯ পৰীক্ষা কেন্দ্ৰ
Posted On:
12 APR 2020 11:52AM by PIB Guwahati
ফৰিদাবাদৰ ট্ৰেনশ্লেচনেল হেল্থ ছায়েন্স এণ্ড টেকন’লজী প্ৰতিষ্ঠান(টিএইচএছটিআই)ৰ বায়’নেকন’লজী বিভাগৰ জৈৱ চিনাক্তকৰণ পৰীক্ষাগাৰক এতিয়াৰে পৰা ক’ভিড-১৯ৰ পৰীক্ষা কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হ’ব৷ ফৰিদাবাদ ইএছআইচি মেডিকেল কলেজ আৰু হস্পিতালৰ ডাইগন’ষ্টিক সুবিধাৰ সম্প্ৰসাৰণ হিচাপে এই কেন্দ্ৰত ক’ভিড-১৯ৰ পৰীক্ষা সম্পন্ন হ’ব৷
দুয়োখন প্ৰতিষ্ঠানৰ মাজত এক বুজাবুজিৰ চুক্তি(এমঅ’ই)স্বাক্ষৰিত হৈছে৷ এই অনুসৰি, জৈৱ চিনাক্তকৰণ পৰীক্ষাগাৰত মানৱসম্পদক প্ৰশিক্ষণ আগবঢ়োৱা হ’ব আৰু ক’ভিড-১৯ৰ পৰীক্ষাৰ বাবে ইএছআই হস্পিতালত সা-সুবিধা বৃদ্ধি কৰা হ’ব৷
উল্লেখ্য যে, ফৰিদাবাদৰ ট্ৰেনশ্লেচনেল হেল্থ ছায়েন্স এণ্ড টেকন’লজী প্ৰতিষ্ঠান(টিএইচএছটিআই)হ’ল কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনষ্ঠ বায়’টেকন’লজী বিভাগৰদ্বাৰা বিত্তপোষিত৷ একেদৰে, ইএছআইচি মেডিকেল কলেজ আৰু হস্পিতাল, ফৰিদাবাদ হ’ল কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ এক আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান৷
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(আিচিএমআৰ)-এ ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ অন্তৰ্ভুক্ত নোহোৱা চৰকাৰী লেব’ৰেটৰীসমূহকো পৰীক্ষাৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিবলৈ শেহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সিদ্ধান্ত অনুসৰি, প্ৰতিষ্ঠান দুখনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷
[যোগাযোগ কৰিব পৰা ব্যক্তি:ড০ ছিউলী মিত্ৰ (smitra@thsti.res.in)]
*****
KGS/(DST/Vigyan Samachar)/MS
(Release ID: 1613709)