শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা অনুসৰি উপভোক্তাৰ ইপিএফ আৰু ইপিএছ একাউণ্ট ক্ৰেডিট কৰিবলৈ ইপিএইঅ’ৱে অনলাইন ব্যৱস্থা আৰম্ভ কৰিছে
প্ৰায় ৭৯লাখ উপভোক্তা আৰু ৩.৮লাখ প্ৰতিষ্ঠান উপকৃত হ’ব
৩মাহৰ বাবে ৪৮০০কোটিৰ ৰাজসাহায্য ব্যয় ধাৰ্য কৰা হৈছে
प्रविष्टि तिथि:
11 APR 2020 2:31PM by PIB Guwahati
কেন্দ্ৰীয় শ্ৰমিক আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনষ্ঠ এক সাংবিধানিক নিকায় ইপিএফঅ’ৱে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ কেন্দ্ৰীয় চৰকাৰে যোৱা ২৬মাৰ্চত ঘোষণা কৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত উপভোক্তাৰ ইপিএফ আৰু ইপিএছ একাউণ্ট ক্ৰেডিট কৰিবলৈ অনলাইন ব্যৱস্থা আৰম্ভ কৰিছে৷
এই অনুসৰি, যোগ্য প্ৰতিষ্ঠান অথবা সংগঠনে ইলেক্ট্ৰ’নিক চালান-কাম-ৰিটাৰ্ণ(ইচিআৰ) পূৰণ কৰি চৰকাৰে ঘোষণা কৰা সাহায্য দাবী কৰিব পাৰিব৷ ইপিএফ আৰু ইপিএছ একাউণ্টৰ ইচিআৰত দেখিবলৈ পোৱা কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ হৈ দিবলগীয়া ধনৰাশি কেন্দ্ৰীয় চৰকাৰে ৩মাহৰ বাবে আদায় দিব৷ মাহিলী ১৫,০০০টকাতকৈ কম উপাৰ্জন কৰা ইপিএফ সদস্যসকলৰ ইউএএন নম্বৰত এই ধন অন্তৰ্ভুক্ত হ’ব৷ প্ৰায় ৭৯লাখ উপভোক্তা আৰু অতি কমেও ৩.৮লাখ প্ৰতিষ্ঠান এই পেকেজৰ পৰা উপকৃত হোৱাৰ আশা কৰা হৈছে৷ তিনি মাহত ইয়াৰ বাবে ৪৮০০কোটি টকাৰ ৰাজসাহায্য ব্যয় ধাৰ্য কৰা হৈছে৷
উল্লেখ্য যে, মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত দৰিদ্ৰসকলক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যোৱা ২৬মাৰ্চত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা মুকলি কৰিছিল৷ এই আঁচনিৰ জৰিয়তে নিম্ন উপাৰ্জনকাৰী ইপিএফ সদস্য আৰু যোগ্য ইপিএফ অন্তৰ্ভুক্ত প্ৰতিষ্ঠানক সহায়ৰ লক্ষ্য লোৱা হৈছিল৷
আঁচনিৰ সবিশেষ আৰু পেকেজ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন-উত্তৰ সন্নিবিষ্ট স্পষ্টীকৰণ ইপিএফঅ’ ৱেবছাইটৰ ‘ক’ভিড-১৯’ টেবত উপলব্ধ হৈছে৷
*****
RCJ/SKP/IA/MS
(रिलीज़ आईडी: 1613703)
आगंतुक पटल : 285
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Gujarati
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada