মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল ‘নিশাংক’-য়ে নতুন দিল্লীত মুকলি কৰিলে ‘যুক্তি’ (যুৱ ভাৰতে জ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনেৰে বিতাড়িত কৰিব ক’ভিড-১৯ক) শীৰ্ষক ৱে’ব প’ৰ্টেল

ক’ভিড-১৯ৰ প্ৰদুৰ্ভাৱত সৃষ্ট পৰিস্থিতিত মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে অব্যাহত ৰখা প্ৰয়াস আৰু পদক্ষেপসমূহৰ নিৰীক্ষণ আৰু তথ্যৰ সংকলন কৰাৰ লক্ষ্যৰেই প্ৰস্তুত কৰা হৈছে এই পৰ্টেল : মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল

Posted On: 12 APR 2020 2:27PM by PIB Guwahati

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পোখ্ৰিয়াল ‘নিশাংক’-য়ে আজি নতুন দিল্লীত ‘যুক্তি’ (যুৱ ভাৰতে জ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনেৰে বিতাড়িত কৰিব কভিড-১৯ক) শীৰ্ষক এটা ৱে’ব প’ৰ্টেল আনুষ্ঠানিক ভাবে মুকলি কৰে। ’ভিড-১৯ৰ প্ৰদুৰ্ভাৱত সৃষ্ট পৰিস্থিতিত মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে অব্যাহত ৰখা প্ৰয়াস আৰু পদক্ষেপসমূহৰ নিৰীক্ষণ আৰু তথ্যৰ সংকলন কৰাৰ লক্ষ্যৰেই এই প’ৰ্টেলটো যুগুত কৰা হৈছে । প’ৰ্টেলটোত ক’ভিড-১৯ বিৰোধী অভিযানৰ সময়চোৱাত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিভিন্ন দিশৰ বিস্তৃত আৰু কল্যাণকামী ৰূপত পৰ্যালোচনা কৰাৰো প্ৰয়াস কৰা হ’ব।

অনুষ্ঠানত ভাষণ দি মন্ত্ৰী পোখ্ৰিয়ালে কয় যে ‘ক’ভিড-১৯য়ে সৃষ্টি কৰা ভীতিগ্ৰস্থতাৰ মাজতো আমাৰ বৌদ্ধিক পৰিমণ্ডলটোক শাৰিৰীক আৰু মানসিকভাবে সুস্থ কৰি ৰখাৰ লগতে শিকাৰুসকলৰ বাবে নিৰবিচ্ছিন্ন ভাবে এক উচ্চ মানৰ শিকন-প্ৰেক্ষাপট এটা বৰ্তাই ৰখাটোৱেই আমাৰ এই আয়োজনৰ মূল লক্ষ্য। সংকটৰ এই সময়তো ইপ্সিত লক্ষ্যত উপনীত হোৱাৰ বাবেই যুগুত কৰা হৈছে এই পৰ্টেল

’ভিড-১৯ সন্দৰ্ভত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, পক্ষই গ্ৰহণ কৰা বিভিন্ন প্ৰয়াস আৰু পদক্ষেপসমূহৰ লগতে ইয়াৰ বৌদ্ধিক আৰু গৱেষণা সম্পৰ্কীয় কথা-বতৰা, সামাজিক উদ্যোগ আৰু ছাত্ৰ-সমাজৰ সামগ্ৰিক সুস্থতা অক্ষুন্ন ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ তথ্যৰ এই পৰ্টেলত সংকলন কৰা হব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। প’ৰ্টেলটোৱে আগন্তুক ৬টা মাহৰ কাৰণে ক’ভিড-১৯ সম্পৰ্কীয় অভিযানৰ অধিক উন্নত পৰিকল্পনা যুগুত কৰিব পৰাকৈ তথ্যৰ যোগান ধৰাৰ লগতে এনে অভিযানৰ নিৰীক্ষণ প্ৰভাৱশালী ৰূপত কৰাত বিশেষ সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে।

*****

NB/AKJ/AK/KB



(Release ID: 1613642) Visitor Counter : 214