গ্ৰামোন্নয়ণ মন্ত্ৰালয়

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত সৈনিকৰ ভূমিকাত অৱতীৰ্ণ হৈছে এনআৰএলএমৰ আত্মসহায়ক গোটৰ মহিলাসকল

২৭টা ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (এছআৰএলএম)ৰ প্ৰায় ৭৮,০০০ গৰাকী আত্মসহায়ক গোটৰ সদস্যই প্ৰস্তুত কৰিছে প্ৰায় ২ কোটি মাস্ক

বিভিন্ন ৰাজ্যত আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত হৈছে ৫০০০ত কৈও অধিক পিপিই কিট; ৯খন ৰাজ্যৰ প্ৰায় ৯০০টা আত্মসহায়ক গোটে প্ৰস্তুত কৰিছে ১ লাখ লিটাৰতকৈও অধিক হেণ্ড ছেনিটাইজাৰ, হাতৰ স্বাস্থ্যবিধি সুনিশ্চিত কৰিবলৈ কিছুমান আত্মসহায়ক গোটে প্ৰস্তুত কৰিছে তৰল চাবোন

Posted On: 12 APR 2020 3:40PM by PIB Guwahati

ক’ভিড-১৯য়ে সমগ্ৰ বিশ্বতে স্বাস্থ্যখণ্ডত জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ভাৰতত সেই অনুসাৰে মাস্ক, পিপিই, স্বাস্থ্যকৰ্মী, আৰক্ষী আৰু চাফাই-কৰ্মীৰ বাবে মুখৰ আৱৰণী আদি বৃহৎ পৰিমাণত প্ৰয়োজনীয় হৈ পৰিছে৷ বিভিন্ন স্থানত চৰকাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি তুলিছে৷

গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনত দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা সমগ্ৰ দেশত ৬৩ লাখ আত্মসহায়ক গোটত প্ৰায় ৬৯০ লাখ মহিলা জড়িত হৈ আছে৷ ক’ভিড-১৯ক পৰাভূত কৰাৰ দিশত তেওঁলোকো পিছ পৰি থকা নাই৷ এই ভাইৰাছবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত মাস্ক প্ৰথম শাৰীৰ অস্ত্ৰ হিচাপে বিবেচিত হোৱাৰ পৰিপ্ৰেক্ষিতত আত্মসহায়ক গোটৰ সদস্যসকলে মাস্ক প্ৰস্তুতিৰ দিশত নামি পৰিছে৷ এই মাস্কসমূহ স্বাস্থ্য বিভাগ, স্থানীয় স্বায়ত্বশাসিত অঞ্চল, স্থানীয় প্ৰশাসন, সন্মুখৰ শাৰীৰ কৰ্মী, আৰক্ষীক যোগান ধৰা হৈছে আৰু কিছুমান বজাৰলৈ বিক্ৰীৰ বাবেও উলিয়াই দিয়া হৈছে৷ বিভিন্ন ৰাজ্যত গ্ৰামাঞ্চলৰ ঘৰসমূহত এই মাস্ক বিনামূলীয়াকৈও যোগান ধৰা হৈছে৷ আত্মসহায়ক গোটৰ সদস্যসকলে এতিয়া পিপিই যেনে এপ্ৰ’ন, গাউন, মুখৰ আৱৰণী আদি নিৰ্মাণ কৰিবলৈও আৰম্ভ কৰিছে৷

 

মাস্কঃ- ২৭টা এছআৰএলএমৰ দ্বাৰা দাখিল কৰা প্ৰতিবেদন অনুসৰি ৮ এপ্ৰিল ২০২০ তাৰিখ পৰ্যন্ত আত্মসহায়ক গোটৰ সদস্যসকলৰ দ্বাৰা প্ৰায় ১.৯৬ কোটি মাস্ক নিৰ্মাণ কৰা হৈছে৷ এই মাস্কসমূহ জিলা আৰু চিকিৎসা বিপণীসমূহত ১০ টকা মূল্যত বিক্ৰী কৰা হৈছে৷

 

 

jk.jpg

ঝাৰখণ্ডৰ আত্মসহায়ক গোটৰ মহিলাই মাস্ক নিৰ্মাণ কৰি আছে (উৎসঃ টুইটাৰ)

 

 

ব্যক্তিগত সুৰক্ষাত্মক সঁজুলি (পিপিই)- আত্মসহায়ক গোটৰ সদস্যসকলে এপ্ৰ’ন, গাউন, মুখৰ আৱৰণীকে ধৰি পিপিই নিৰ্মাণৰ দিশতো অগ্ৰসৰ হৈছে৷ মধ্য প্ৰদেশ, হিমাচল প্ৰদেশ, পাঞ্জাৱ, কৰ্ণাটক, পাঞ্জাৱ এছআৰএলএমকে ধৰি বিভিন্ন ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলে প্ৰায় ৫০০০ পিপিই কিট নিৰ্মাণ কৰিছে৷

 

ব্যয়সাধ্য হেণ্ড ছেনিটাইজৰৰ জৰিয়তে সমাজত হাতৰ স্বাস্থ্যবিধিৰ সজাগতা প্ৰচাৰ কৰিছে মহিলাসকলেঃ- ডিএৱাই-এনআৰএলএমৰ দ্বাৰা সমৰ্থিত ক্ষুদ্ৰ উদ্যোগসমূহে গ্ৰামাঞ্চলত উপলব্ধ নিশ্চিত হোৱাকৈ হেণ্ড ছেনিটাইজাৰ আৰু হেণ্ড ৱাশ্বৰ সামগ্ৰী নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে৷ ৯খন ৰাজ্যৰ ৯০০টা আত্মসহায়ক গোটে ১.১৫ লাখ লিটাৰ ছেনিটাইজাৰ প্ৰস্তুত কৰিছে৷

 

Image

 

বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশিকা অনুসৰি এই ছেনিটাইজাৰসমূহ প্ৰস্তুত কৰা হৈছে৷ ১০০ মিলিলিটাৰ বটলত ৩০ টকাকৈ ধাৰ্য কৰা এই ছেনিটাইজাৰসমূহ সাধাৰণ জনতা, চিকিৎসালয় আৰু আৰক্ষী থানাসমূহৰ বাবে মুকলি কৰি দিয়া হৈছে৷ কিছুমান আত্মসহায়ক গোটে হাতৰ স্বাস্থ্যবিধি সুনিশ্চিত কৰাৰ বাবে তৰল চাবোনো প্ৰস্তুত কৰি বিক্ৰী কৰিছে৷ আত্মসহায়ক গোটসমূহৰ মহিলা সদস্যসকলে স্বাস্থ্যবিধি অভ্যাসৰ সজাগতা প্ৰদান কৰাৰ লগতে নিজৰ জীৱিকাৰ ব্যৱস্থাও সুনিশ্চিত কৰি উৎসৰ্গিত মনোভাৱেৰে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বিৰুদ্ধে যুঁজ দিবলৈ ওলাই আহিছে৷

 

****

 

APS/SG/PK/MANN



(Release ID: 1613633) Visitor Counter : 284