PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 11 APR 2020 6:59PM by PIB Guwahati

 

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা কভিড-১৯ সন্দৰ্ভত আপডেট

কালিৰে পৰা ভাৰতত ক’ভিড-১৯ নিশ্চিত পৰিঘটনা ১০৩৫টালৈ বৃদ্ধি পাইছে আৰু ৮৫৫টা সক্ৰিয় পৰিঘটনা বুলি প্ৰতিবেদিত হৈছে৷ আজি পৰ্যন্ত মৃত্যুৰ মুঠ সংখ্যা ২৩৯টা৷ এই পৰ্যন্ত ৬৪২জন লোক আৰোগ্য হৈছে৷ সৰ্বমুঠ ৭৪৪৭টা নিশ্চিত পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ভাৰত চৰকাৰে অব্যাহত ৰখা নিৰৱচ্ছিন্ন প্ৰয়াসৰ পৰিপ্ৰেক্ষিতত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যেনে পিপিই, এন৯৫ মাস্ক, পৰীক্ষণ সঁজুলি, ঔষধ আৰু ভেণ্টিলেটৰৰ যোগানত কোনো ধৰণে হ্ৰাস পোৱা নাই বুলি জানিবলৈ দিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ ৰণনীতি প্ৰস্তুতিৰ বাবে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ ৰণনীতি প্ৰস্তুত কৰাৰ বাবে ভিডিঅকনফাৰেন্সিঙৰ মাধ্যমেৰে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ঐক্যৱদ্ধ প্ৰচেষ্টাৰ দ্বাৰা ক’ভিড-১৯ৰ প্ৰভাৱ হ্ৰাস কৰাত নিশ্চিত ধৰণে সহায়ক হৈছে কিন্তু স্থিতি এতিয়া দ্ৰুত গতিত পৰিৱৰ্তিত হোৱা হেতুকে নিৰন্তৰ নিৰীক্ষণৰ আৱশ্যক৷ লকডাউন সমাপ্ত কৰাৰ যোজনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে লকডাউন দুসপ্তাহলৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্যসকলে সহমত প্ৰকাশ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ সাগৰত মাছ-মৰা/জলজ উদ্ভিদজাত উদ্যোগক লকডাউন নিষেধাজ্ঞাৰ পৰা ৰেহাই দি গৃহ মন্ত্ৰালয়ে জাৰি কৰি ৫ম সংশোধনী নিৰ্দেশনা

গৃহ মন্ত্ৰালয়ে সাগৰত মাছ-মৰা/জলজ উদ্ভিদজাত উদ্যোগ, ইয়াৰ প্ৰতিপালন, সংসাধন, পেকেজিং, শীতলীকৃত ভৱন, ক্ৰয় আৰু বিপণন, সঞ্চালন আদিৰ সৈতে জড়িত কৰ্মসমূহক নিষেধাজ্ঞাৰ পৰা ৰেহাই দি ৫ম সংশোধনী নিৰ্দেশনা জাৰি কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ সন্দৰ্ভত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত ৰাজ্যসমূহৰ সৈতে এক ভিডিঅকনফাৰেন্সত অধ্যক্ষতা . হৰ্ষবৰ্ধনৰ

এই ৰোগবিধ নিয়ন্ত্ৰণৰ বাবে পৰৱৰ্তী সময়খিনিত ৰোগৰ শৃংখলা নাইকিয়া কৰিবৰ বাবে সামাজিক দূৰত্ব কঠোৰভাৱে পালন কৰাৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। কেৱল ব্যক্তিগত পৰিস্কাৰ পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্বইহে এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিব পাৰিব বুলিও কয় মন্ত্ৰী ড. হৰ্ষবৰ্ধনে। তেওঁ লগতে ক’ৰোনা সংক্ৰমণৰ বিপদাশংকা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত দেশবাসীক একত্ৰিত কৰিবৰ বাবে আৰোগ্য সেতু শীৰ্ষক এক এপ ডাউনলোড আৰু সেয়া ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায় ৰাজ্যসমূহক।

অধিক বিৱৰণৰ বাবে

এক লাখতকৈও অধিক এফচিআইৰ কৰ্মীৰ বাবে ক’ভিড-১৯ৰ বাবে মৃত্যুৰ হোৱাৰ ক্ষেত্ৰত অনুগ্ৰহ ৰাশিৰ ক্ষতিপূৰণত চৰকাৰ অনুমোদন

ৰোনা ভাইৰাছৰ মহামাৰীৰ মাজতো দিনে-নিশাই দেশৰ বিভিন্ন প্ৰান্তলৈ খাদ্য সামগ্ৰী প্ৰেৰণত জড়িত হৈ থকা ভাৰতীয় খাদ্য নিগম-ৰ ১,০৮,৭২৪গৰাকী বিষয়া-কৰ্মচাৰীলৈ অনুগ্ৰহ ৰাশিক্ষ ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ আওতাত নিগমৰ অধীনত সেৱা আগবঢ়াই থকা ৮০,০০০ শ্ৰমিককো সামৰি লোৱা হৈছে।

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত ভাৰত চৰকাৰৰ কৃষি, সহযোগিতা তথা কৃষক কল্যাণ বিভাগৰ দ্বাৰা গ্ৰহণ কৰা পদক্ষেপসমূহ

লকডাউনৰ সময়ছোৱাত ভাৰত চৰকাৰৰ কৃষি, সহযোগিতা তথা কৃষক কল্যাণ বিভাগৰ দ্বাৰা কৃষক সম্প্ৰদায়ৰ কাৰ্যকলাপসমূহ সুগম কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ জটিলতা স্বত্বেও সন্তোষজনক হৈছে গ্ৰীষ্মকালীন শস্যসমূহৰ চপোৱাৰ কাম

দেশজোৰা ২১ দিনীয়া লকডাউনৰ জটিলতা স্বত্বেও সন্তোষজনক হৈছে গ্ৰীষ্মকালীন শস্যসমূহৰ চপোৱাৰ কাম৷ যোৱা বৰ্ষৰ তুলনাত ১১.৬৪% বৃদ্ধি হৈছে গ্ৰীষ্মকালীন শস্যসমূহৰ খেতি কৰা মুঠ মাটিকালি৷

অধিক বিৱৰণৰ বাবে

ৰপ্তানিকাৰীসকলৰ সুবিধা হোৱাকৈ বিভিন্ন অনুপালনসমূহৰ অন্তিম তাৰিখত শিথিলতা/সম্প্ৰসাৰণ কৰিছে বাণিজ্য বিভাগে

ব্যৱসায়ীসকলক সকাহ দিবলৈ বাণিজ্য মন্ত্ৰালয়ৰ বাণিজ্য বিভাগে বিভিন্ন অনুপালনসমূহৰ অন্তিম তাৰিখত শিথিলতা/সম্প্ৰসাৰণৰ সুবিধা প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ বিৰুদ্ধে যুঁজত প্ৰায় ,০০০ এনচিচি কেডেটক নিযুক্তি, ৫০,০০০তকৈ অধিক স্বেচ্ছাসেৱকে আগবঢ়ালে অৱদান

ৰাষ্ট্ৰীয় কেডেট কৰ্পছে ‘এনচিচি যোগদান কাৰ্যসূচী’ৰ অধীনত ১ এপ্ৰিল, ২০২০ৰ পৰা ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯) মহামাৰীৰ বিৰুদ্ধে যুঁজত অসামৰিক, প্ৰতিৰক্ষা আৰু আৰক্ষী বিষয়াসকলক কান্ধত কান্ধ মিলাই সহায় আগবঢ়াইছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰেলৱেৰ দ্বাৰা আৰ্তসকলক প্ৰদান কৰা হৈছে মিলিয়নতকৈও অধিক বিনামূলীয়া ৰন্ধন খাদ্য

ক’ভিড-১৯ মহামাৰীৰ ফলত ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত ক্ষুধাৰ্ত লোকসকলক ভাৰতীয় ৰে’লৱেৰ সংস্থাসমূহ যেনে আইআৰচিটিচি, আৰপিএফ, মাণ্ডলিক ৰে’লেৱেয়ে বিনামূলীয়াকৈ ৰন্ধন খাদ্য বিতৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ সংকটৰ সময়ছোৱাত স্ব-পৰিচৰ্যাৰ বাবে ৰোগ প্ৰতিৰোধাত্মক ক্ষমতা বৃদ্ধিৰ উপায় আয়ুসৰ

আয়ুস মন্ত্ৰালয়ে আয়ুৰ্বেদৰ জৰিয়তে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে কেতবোৰ পৰামৰ্শ জাৰি কৰিছে৷ এই পৰামৰ্শৱলীৰ জৰিয়তে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহ উনুকিওৱাৰ প্ৰয়াস কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

লকডাউন আৰম্ভ হোৱাৰ দুসপ্তাহৰ ভিতৰত হেল্পলাইন নম্বৰ (১৩৮ আৰু ১৩৯), সামাজিক মাধ্যম আৰু -মেইলযোগে ,০৫,০০০ টা প্ৰশ্নৰ প্ৰতি ৰে কৰ্মচাৰীৰ সঁহাৰি

ৰে’লৰ যাত্ৰী আৰু আন নাগৰিকৰ সুবিধাৰ্থে তথা সামগ্ৰী কঢ়িওৱা ব্যৱস্থাৰ সঠিক ব্যৱস্থাপনাৰ বাবে ৰে’ল বিভাগে লকডাউন ঘোষণা হোৱাৰ পিছত হেল্পলাইনৰ সুবিধাসমূহ অধিক উন্নত কৰি তুলিছে।

অধিক বিৱৰণৰ বাবে

ইপিএফঅ’য়ে পিএম গৰীব কল্যাণ যোজনা অনুসৰি উপভোক্তাৰ ইপিএফ আৰু ইপিএছ একাউণ্টৰ ধনৰাশি জমা কৰাৰ বাবে প্ৰণয়ন কৰিছে অনলাইন ব্যৱস্থা

ক’ৰোনা ভাইৰাছৰ গ্ৰাসৰ পৰা কেন্দ্ৰীয় চৰকাৰে ২৬.০৩.২০২০ তাৰিখে পিএম গৰীব কল্যাণ যোজনাৰ অধীনত দৰিদ্ৰসকলক সহায় কৰাৰ বাবে ঘোষণা কৰা পেকেজ অনুসৰি ইপিএফ আৰু ইপিএছ একাউণ্টত উপভোক্তাৰ ধন জমা কৰাৰ বাবে ইপিএফঅ’য়ে অনলাইন ব্যৱস্থা গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ফলমূল, শাক-পাচলি, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ দৰে সোনকালে নষ্ট হোৱা খাদ্যসমূহৰ যোগানৰ বাবে পাৰ্চেল ৰে’লৰ ৬৭টা পথ চিনাক্ত কৰিছে ৰে’লৱেয়ে

কৃষি বিভাগ, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগে উদ্যানশস্য বিভাগৰ সঞ্চালক প্ৰধান আৰু ৰাজ্যসমূহৰ বিভাগসমূহক এই বিশেষ ৰে’লৰ সুবিধা গ্ৰহণ কৰিবলৈ কৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ৰোনা ভাইৰাছৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ ট্ৰাইফেড কৰ্মী/আত্মসহায়ক গোট, বন ধন হিতাধিকাৰী আৰু এনজিঅ’সমূহৰ দ্বাৰা প্ৰস্তুত মাস্ক যোগান ধৰিবলৈ প্ৰস্তাৱ দিছে ট্ৰাইফেডে

এই যোগানকাৰীসকলৰ দ্বাৰা প্ৰস্তুত মাস্কে তেওঁলোকক জীৱিকাৰ উপায় প্ৰদান কৰাৰ লগতে সুৰক্ষাও প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়পীঠৰ সংবাদ বিবৃতি

অধিক বিৱৰণৰ বাবে

হোমিঅপেথী চিকিৎসকৰ বাবে টেলিমেডিছিন নিৰ্দেশনাৰ অনুমোদন

আয়ুস মন্ত্ৰী শ্ৰীপদ নাইকে বিশ্ব হোমিঅ’পেথী দিৱস উপলক্ষে আন্তৰ্জাতিক ৱেবিনাৰ মুকলি কৰে৷ অধিকাংশ বক্তাই ক’ভিড-১৯ প্ৰতিৰোধত হোমিঅ’পেথীৰ সম্ভাৱনীয়তাক গুৰুত্ব আৰোপ কৰাৰ লগতে ক’ভিড ৰোগীক উপযোগী হোমিঅ’পেথী সেৱনেৰে মানসম্পন্ন সাৱধানতা লোৱাৰ সন্দৰ্ভতো আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

এপ্ৰিল তাৰিখ পৰ্যন্ত  ‘ষ্ট্ৰেণ্ডেড ইন ইণ্ডিয়া ৰ্টেলৰ জৰিয়তে ১১৯৪ গৰাকী পৰ্যটকক সাহায্য প্ৰদান কৰা হৈছে

পৰ্যটন মন্ত্ৰালয়ৰ ষ্ট্ৰেণ্ডেড ইন ইণ্ডিয়া প’ৰ্টেলে ক্ৰমাগতভাৱে পৰ্যটকসকললৈ সাহায্য প্ৰদান কৰি আছে৷ ৯ এপ্ৰিল পৰ্যন্ত ১১৯৪ গৰাকী পৰ্যটকক সাহায্য প্ৰদান কৰা হৈছে৷ তাৰোপৰি ১৩৬৩ হেল্পলাইন নম্বৰত ২২ মাৰ্চৰ পৰা ৯ এপ্ৰিললৈ ৭৭৯টা ফোন কলৰ উত্তৰ প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

পৰীক্ষণ, আইচলেচন আৰু কোৱাৰেণ্টাইনৰ বাবে দুখন বিচনাযুক্ত টেণ্টৰ ব্যৱস্থা কৰিছে এফবিয়ে

অৰ্ডনেন্স ফেক্ট’ৰী ব’ৰ্ড (অ’এফবি)য়ে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দ্ৰুত গতিত অগ্ৰসৰ হৈছে৷ তেওঁলোকে দুখন বিচনাযুক্ত টেণ্ট, হেণ্ড ছেনিটাইজাৰ, মাস্ক, ফিউমিগেচন চেম্বাৰ আৰু হেণ্ড ৱাশ্বিং ব্যৱস্থা নিৰ্মাণ কৰি উলিয়াইছে৷
অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ক’ভাৰঅলৰ নিৰ্মাণৰ বাবে কাপোৰ পৰীক্ষণৰ হেতু উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ অ’এফবি ইউনিটে লাভ কৰিলে এনএবিএলৰ অনুমোদন

উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ দুটা অ’এফবি ইউনিটে ‘টেষ্ট ফ’ৰ ব্লাড পেনিট্ৰেছন ৰেজিছটেন্স’ শীৰ্ষক পৰীক্ষাৰ বাবে এনবিএলৰ পৰা অনুমোদন লাভ কৰে৷

অধিক বিৱৰণৰ বাবে

সম্পূর্ণ দেহ বীজাণুমুক্ত কৰিব পৰা যন্ত্ৰ উদ্ভাৱন আই আই টিৰ (বি এইচ ইউ)

এই যন্ত্ৰটো ইচ্ছানুসৰি অনা-নিয়া কৰিব পৰাৰ লগতে ই স্বয়ংক্রিয়ভাৱে কাম কৰিব৷ যিকোনো স্থানৰ প্ৰৱেশপথত ইয়াক স্থাপন কৰিব পৰা যাব৷ ছেনচৰসমৃদ্ধ এই যন্ত্রৰ আগত কোনো ব্যক্তি আহি থিয় হ’লে ১৫ ছেকেণ্ড স্প্রে’ হ’ব আৰু কাপোৰ-কানি, জোতাসহ সম্পূৰ্ণ দেহটো বীজানুমুক্ত কৰিব৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ লকডাউনৰ পৰিপ্ৰেক্ষিতত আয়কৰ আপীল ন্যায়াধীকৰণে আয়োজন কৰিলে প্ৰসিদ্ধ আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবিশংকৰৰ সৈতে মত-বিনিময় অনুষ্ঠান

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশত ৪৩৫লৈ বৃদ্ধি হৈছে ধনাত্মক পৰিঘটনাৰ সংখ্যা৷ ৰাজ্য চৰকাৰে বিধায়কসকলক স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা ধন ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ব্যয় কৰাত অনুমোদন প্ৰদান কৰিছে৷

ছট্টিশগড়ঃ ছট্টিশগড়ত ৮টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে ১৮টালৈ বৃদ্ধি পাইছে ধনাত্মক পৰিঘটনা৷ তাৰে ৯জনে আৰোগ্য লাভ কৰিছে৷

ৰাজস্থানঃ ৰাজস্থানত ক্ষুধাৰ্তসকলক খাদ্য বিতৰণৰ সময়ত ফটোগ্ৰাফী গ্ৰহণ কৰাত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে৷

মহাৰাষ্ট্ৰঃ উৰিষ্যা আৰু পাঞ্জাৱৰ পিছত মহাৰাষ্ট্ৰইও ৩০ এপ্ৰিললৈ লকডাউন অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কম আক্ৰান্ত অঞ্চলসমূহত কিছু শিথিলতা প্ৰদান কৰিলেও হটস্পটসমূহত লকডাউন কঠোৰভাৱে বলৱৎ হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা৷ আইআইটি ব’ম্বেৰ এটা দলে উদ্ভাৱন কৰিছে ‘‘ডিজিটেল ষ্টেথিচস্কোপ’’ যাৰ জৰিয়তে এটা দূৰত্বৰ পৰা হৃদস্পন্দন পৰিমাপ কৰিব পৰা হ’ব আৰু স্বাস্থকৰ্মীসকলে আক্ৰান্ত হোৱাৰ পৰিঘটনা হ্ৰাস হ’ব৷

অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত পূব ছিয়াংস্থিত বস্ত্ৰ উদ্যোগে পিপিই আৰু মাস্ক প্ৰস্তুতিৰ দিশত অগ্ৰসৰ হৈছে৷

অসমঃ  অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অন্য ৰাজ্য বা দেশৰ পৰা অসমলৈ অহা ব্যক্তিক ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হ’ব৷

মণিপুৰঃ মণিপুৰৰ শিক্ষা মন্ত্ৰীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক লকডাউনৰ সময়ছোৱাত মাচুল গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে৷ উচ্চতৰ শিক্ষাৰ বাবে অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে৷

মিজোৰামঃ মিজোৰাম শিক্ষা বিভাগে শিশুসকলৰ বাবে টেলিভিচনৰ জৰিয়তে ঘৰুৱা বিদ্যালয়ৰ দৰে উদ্ভাৱনী ব্যৱস্থা গ্ৰহণ কৰিছে৷

মেঘালয়ঃ মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে লকডাউন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ নকৰিলেও প্ৰদান কৰা হ’ব শিথিলতা; বাহিৰৰ ৰাজ্যৰ পৰা প্ৰৱেশ নিষিদ্ধ৷

নাগালেণ্ডঃ নাগালেণ্ডত ডিমাপুৰ জিলা প্ৰশাসনে প্ৰকৃততে আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক হেল্পলাইন নম্বৰত তেওঁলোকৰ বিৱৰণ প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷

ছিক্কিমঃ লকডাউনৰ সময়ছোৱাত ছিক্কিমৰ স্বেচ্ছাসেৱী ৰক্তদাতা সংস্থাই ১২টা ক্ষুদ্ৰ ৰক্তদান শিবিৰৰ আয়োজন কৰিছে৷

ত্ৰিপুৰাঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰা বুলি টুইট কৰে, ত্ৰিপুৰাৰ স্থিতিৰ বিষয়ে তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰে৷

কেৰালাঃ দাখিল কৰা আবেদনৰ ভিত্তিত কেৰালাৰ উচ্চ ন্যায়ালয়ে বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক ঘূৰাই অনাৰ সম্ভাৱনীয়তা সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে৷ কান্নুৰত এজনৰ মৃত্যু৷ কালি পৰ্যন্ত সক্ৰিয় পৰিঘটনাৰ সংখ্যা ২৩৮টা৷

তামিলনাডুঃ ২ সপ্তাহলৈ লকডাউন সম্প্ৰসাৰিত কৰাৰ সম্ভাৱনা ৰাজ্যৰ৷ ৮টা প্ৰতিষ্ঠানে পিপিই কিট নিৰ্মাণ আৰু যোগান ধৰাৰ প্ৰস্তাৱ দাখিল কৰিছে৷ কালি ৭৭টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে; মুঠ পৰিঘটনা ৯১১টা; মৃত্যু ২০; সক্ৰিয় পৰিঘটনা ৮৫৮টা; আৰোগ্য হৈছে ৪৪জন; নমুনা পৰীক্ষণ কৰা হৈছে ৮৪১০টা; ফলাফল ওলাবলৈ বাকী আছে ৬৬১টা৷

কৰ্ণাটকঃ আজি সন্ধিয়া পৰ্যন্ত ৭টা নতুন পৰিঘটনা; মহীশূৰত ৫টা, বেংগালোৰত ১টা, বিদাৰত ১টা৷ মুঠ নিশ্চিত পৰিঘটনা ২১৪টা; মৃত্যু ৬টা; আৰোগ্য হৈছে ৩৪টা৷ প্ৰধানমন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে ৩০ এপ্ৰিললৈ লকডাউন সম্প্ৰসাৰিত কৰাৰ কথা ঘোষণা কৰে৷

অন্ধ্ৰ প্ৰদেশঃ আজি সন্ধিয়া পৰ্যন্ত ২১টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ পৰিঘটনা ৪০২লৈ বৃদ্ধি৷ কাৰ্ণুলত ৮২টা, গুণ্টুৰত ৭২টা, নেল্ল’ৰত ৪৮টা৷ বিগত ২৪ ঘণ্টাত ৯০৯টা নমুনা পৰীক্ষণ কৰা হৈছে; ৩৭টা ধনাত্মক প্ৰমাণিত হৈছে৷ সক্ৰিয় পৰিঘটনা ৩৮৫টা, আৰোগ্য হৈছে ১১টা আৰু মৃত্যু ৬টা৷

তেলেংগানাঃ আজি সন্ধিয়া পৰ্যন্ত ৬টা নতুন ধনাত্মক পৰিঘটনা প্ৰতিবেদিত হৈছে; মুঠ পৰিঘটনা ৪৯৩টা৷ ক’ভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে পাঁচখন চৰকাৰী চিকিৎসালয় চিনাক্ত কৰা হৈছে৷ তেলেংগানাত কাৰ্যক্ষম কৰা হ’ব প্ৰথমখন ৰে’লৱে ক’ৰোনা চিকিৎসালয়৷ ৰাজ্যৰ জনসাধাৰণে লাভ কৰিছে টেলিমেডিচিনৰ সুবিধা৷

#কভিড-১৯ৰ ফেক্ট চেক

 

 

 

 

 

 

 

 

 



(Release ID: 1613453) Visitor Counter : 990