স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ সম্বন্ধীয় শেহতীয়া তথ্য

Posted On: 10 APR 2020 7:42PM by PIB Guwahati

দেশত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ লগ হৈ স্বতঃপ্ৰণোদিতভাৱে আৰু অতি-সক্ৰিয়তাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে। এই পদক্ষেপসমূহ নিয়মিয়াকৈ উচ্চতম পৰ্যায়ত পৰ্যবেক্ষণ কৰি থকা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষৱৰ্দ্ধনে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চ্চবে’ৰ উপস্থিতিত এখন ভিডিঅ’ কনফাৰেন্সযোগে আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্যমন্ত্ৰী, মূখ্য সচিৱ/স্বাস্থ্য সচিৱসকলৰ পৰা ক’ভিড-১৯ ৰ ব্যৱস্থাপনা তথা কাৰ্যব্যৱস্থাসমূহৰ বুজ লয়।  

ড০ হৰ্ষৱৰ্দ্ধনে দেশৰ প্ৰতিখন জিলাতে এখনকৈ ’ভিডৰ বাবে নিৰ্দিষ্ট কৰা চিকিসালয় (ডিচিএইচ) যিমান পাৰি সোনকালে গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে কোন পৰ্যায়ৰ স্বাস্থ্যকৰ্মীয়ে কেনেধৰণৰ সুৰক্ষা সাজ (পি পি ই) পৰিধান কৰিব লাগে তাৰ বিতং বিৱৰণ মন্ত্ৰালয়ৰ ৱেবছাইট www.mohfw.gov.in ত উপলব্ধ কৰা আছে আৰু ৰাজ্যসমূহে সেইসমূহৰ যুক্তিসঙ্গত ব্যৱহাৰ সম্পৰ্কে সজাগতা অনাৰ ব্যৱস্থা কৰিব লাগিব। চিকিসালয়ৰ বিভিন্ন বিভাগত কিদৰে পি পি ই পৰিধান কৰিব লাগে তাৰ বিতং বিৱৰণৰ এটা ভিডিঅhttps://www.youtube.com/watch?v=LzB5krucZoQ&feature=youtu.be লিংকত উপলব্ধ আছে।

ভাৰত চৰকাৰে ১৫০০০ কোটি টকাৰ ‘ভাৰত ’ভিড-১৯ জৰুৰীকালীন সঁহাৰি আৰু স্বাস্থ্যব্যৱস্থা প্ৰস্তুতি পেকেজ’ৰ অনুমোদন জনাইছে।  এই পুঁজিৰে ক’ভিড-১৯ ৰোগীৰ চিকিসা কৰাৰ লগতে ইয়াক ক’ভিড-১৯ ৰ লগত জড়িত স্বাস্থ্য আন্তঃগাঁথনিমূলক কামত ব্যৱহাৰ কৰা হ’ব। ক’ভিড-১৯ পৰীক্ষণৰ সুবিধা বৃদ্ধি কৰাৰ লগতে পি পি ই ক্ৰয়, আচুতীয়া বিচনা, আই চি ইউ বিচনা, ভেন্টিলেটৰ আৰু অন্যান্য চিকিসা সামগ্ৰী ক্ৰয়, স্বাস্থ্যকৰ্মীৰ প্ৰশিক্ষণ আদি ক্ষেত্ৰতো এই পুঁজিয়ে সহায় কৰিব।  

৩৯ টা দেশীয় নিৰ্মাণ কেন্দ্ৰই পি পি ই তৈয়াৰ কৰি আছে আৰু প্ৰয়োজন অনুযায়ী যাতে সকলো ৰাজ্যৰে স্বাস্থ্যকৰ্মীৰ বাবে পি পি ই সুনিশ্চিত কৰিব পাৰে তাৰবাবে ভাৰত চৰকাৰে যথোচিত পদক্ষেপ হাতত লৈছে।

প্ৰায় ২০.৪ লাখ এন-৯৫ মাস্ক ৰাজ্যসমূহলৈ পঠিওৱা হৈছে আৰু ভৱিষ্যতে ক্ৰয় কৰিবৰ বাবে ইতিমধ্যে সকলো যোগাৰ কৰা হৈছে। ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে ৪৯০০০ ভেন্টিলেটৰ ক্ৰয় কৰি ৰখা হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে তেজ দান আৰু তেজৰ পৰিৱহণৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। উক্ত নিৰ্দেশনা https://www.mohfw.gov.in/pdf/NBTCGUIDANCEFORCOVID19.pdf লিংকত উপলব্ধ আছে।

তদুপৰি হাইড্ৰক্সিক্ল’ৰ’কুইনৰ আগতে উল্লেখ কৰা প্ৰয়োজনীয় ১ কোটি টেবলেটৰ ঠাইত ৩.২৮ কোটি টেবলেট উপলব্ধ আছে। আৰু ২-৩ কোটি জমা কৰি থোৱা অৱস্থাত আছে। 

এইমছে গৰ্ভাৱস্থা আৰু প্ৰসৱবেদনাৰ ব্যৱস্থাপনা সন্দৰ্ভত অনলাইযোগে প্ৰশিক্ষণৰ ব্যৱস্থা হাতত লৈছে, যিটো

https://www.youtube.com/watch?v=MJwgi1LCu8o&feature=youtu.be লিংকত উপলব্ধ আছে।

এতিয়ালৈকে ১৪৬ চৰকাৰী পৰীক্ষাগাৰ, ৬৭ ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰ আৰু ১৬০০০ সংগ্ৰহ কেন্দ্ৰৰে পৰীক্ষণৰ সুবিধা বৃদ্ধি হৈছে। ৯ এপ্ৰিল ২০২০ তাৰিখে ১৬০০২ টা পৰীক্ষণ সম্পাদন কৰৈ হৈছিল আৰু তাৰে ৩২০ টা পজিটিভ পোৱা গৈছে। অৱশ্যে নমুনা সংগ্ৰহৰ ওপৰত ভিত্তি কৰি প্ৰতিদিনে এই নম্বৰ সলনি হৈ আছে।

এতিয়ালৈকে ৬৪১২ জন নিশ্চিত ৰোগী পোৱা গৈছে আৰু তাৰে ১৯৯ জনৰ ম়ৃত্যু হৈছে, ৫০৩ জন আৰোগ্য হৈ ঘৰলৈ উভতিছে।

’ভিড-১৯ সম্পৰ্কে সকলো ধৰণৰ প্ৰযুক্তিগত কথা তথা নিৰ্দেশনা আদিৰ শেহতীয়া তথ্য শুদ্ধকৈ লাভ কৰিবলৈ নিয়মীয়াকৈ https://www.mohfw.gov.in/ চাব পাৰিব।

’ভিড-১৯ সম্পৰ্কে কোনো ধৰণৰ প্ৰযুক্তিগত প্ৰশ্ন ই-মেইলযোগে technicalquery.covid19[at]gov[dot]in লৈ আৰু আন সাধাৰণ কোনো প্ৰশ্ন থাকিলে ncov2019[at]gov[dot]in লৈ পঠিয়াব পাৰে।

’ভিড-১৯ সম্পৰ্কে যিকোনো প্ৰশ্নৰ উত্তৰ বিচাৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (বিনামূলীয়া) ত ফোন কৰিব পাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ক’ভিড-১৯ সম্পৰ্কীয় হেল্পলাইন নম্বৰৰ তালিকা  https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf  ত উপলব্ধ কৰা হৈছে।

*****

MV/PRK



(Release ID: 1613179) Visitor Counter : 171