প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু নেপালৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 10 APR 2020 3:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী কে. পি. শৰ্মা অ’লীয়ে আজি টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

 

দুয়োগৰাকী নেতাই বৰ্তমানৰ ক’ভিড-১৯য়ে সৃষ্টি কৰা সংকট আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অনা প্ৰত্যাহ্বানৰ লগতে দুয়োখন দেশৰ নাগৰিকসকলৰ সুৰক্ষাৰ সন্দৰ্ভত মত ব্যক্ত কৰে৷ এই মহামাৰী ৰোধ কৰাৰ বাবে দেশ দুখনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোচনা কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী লীৰ নেতৃত্বত নেপাল চৰকাৰৰ দ্বাৰা সংকটৰ মোবাকিলা আৰু ব্যৱস্থাপনা কৰা তথা এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ নেপালৰ লোকসকলৰ শক্তিশালী সংকল্পৰ প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰী লীয়ে ছাৰ্ক দেশসমূহৰ মাজত মহামাৰীৰ প্ৰতি দেখুওৱা প্ৰতিক্ৰিয়াক সমন্বয় সাধন কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাৰ শলাগ লয়৷ তেওঁ ভাৰতে নেপাললৈ আগবঢ়োৱা দ্বিপাক্ষিক সহযোগিতাৰ বাবে ধন্যবাদ জনায়৷

প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি চানি ধৰা এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ নেপালৰ প্ৰচেষ্টাৰ প্ৰতি সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ 

দুয়োগৰাকী নেতাই ভিড-১৯ৰ বাবে সৃষ্টি হোৱাৰ পৰিস্থিতিৰ উপৰি দেশখনলৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ইত্যাদি বিষয়বোৰক লৈ বিশেষজ্ঞ আৰু বিষয়াসকলৰ মাজত সঘনে যোগাযোগ অব্যাহত ৰখাৰ সন্দৰ্ভত সহমত প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে নেপাল প্ৰধানমন্ত্ৰী আৰু নেপালবাসীৰ সু-স্বাস্থ্য আৰু কল্যানৰ বাবে শুভকামনা জনায়৷

*****

VRRK/KP/DB



(Release ID: 1613100) Visitor Counter : 234