ৰেল মন্ত্ৰালয়

ৰে’লসেৱা পুনৰ মুকলি সন্দৰ্ভত সংবাদ পৰিৱেশন : সংবাদ মাধ্যমৰ প্ৰতি বিধি-নিৰ্দেশনাৱলী

Posted On: 10 APR 2020 1:42PM by PIB Guwahati

ৰেলেৰ ভ্ৰমণ কৰিব খোজা সাম্ভাব্য যাত্ৰীসকলে পালন কৰিবলগীয়া কেতবোৰ বিধি-ব্যৱস্থা সম্পৰ্কীয় কিছু বা-বাতৰি শেহতীয়া দুটা দিনত সংবাদ মাধ্যমত প্ৰকাশিত হোৱা দেখিবলৈ পোৱা গৈছে। তেনে বাতৰিত এটা নিৰ্দিষ্ট তাৰিখৰ পৰা একাংশ ৰেলৰ সেৱা পুনৰ আৰম্ভ কৰিব বুলিও উল্লেখ কৰা হৈছে।

ৰেলসেৱা পুনৰ মুকলি সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই, সেয়ে এনেধৰণৰ বা-বাতৰি নিতান্তই অনাহূত আৰু সংকটৰ এই মুহূৰ্তত এনে বাতৰিয়ে ৰাইজৰ মাজত বিভ্ৰান্তিৰহে সৃষ্টি কৰিব বুলি সঁকীয়াই দিয়া হৈছে।

এনে প্ৰেক্ষাপটতে কোনো ধৰণৰ অসমৰ্থিত সূত্ৰ কিম্বা নিশ্চিত কৰিব নোৱাৰা কোনো তথ্যৰ আধাৰত বাতৰি পৰিৱেশন নকৰাৰ বাবে সকলোবোৰ সংবাদ মাধ্যমলৈ বিনম্ৰতাৰে অহ্বান জনোৱা হৈছে।

লক ডাউন-ৰ পৰৱৰ্তি সময়ত ৰেলসেৱা পুনৰাম্ভ কৰাৰ ক্ষেত্ৰত যাত্ৰীসকলৰ লগতে এই সেৱাৰে জড়িত সকলো পক্ষৰ সুবিধা হোৱাকৈ আৰু পৰিস্থিতি-সাপেক্ষে গ্ৰহণ কৰিবলগীয়া আটাইতকৈ উত্তম সিদ্ধান্তটো ৰেল বিভাগে নিশ্চয়কৈ গ্ৰহণ কৰিব।

এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগেই সংশ্লিষ্ট সকলো পক্ষকে এই বিষয়ে অৱগত কৰাৰ দিহা কৰা হ বুলি স্পষ্ট কৰিছে বিভাগটোৱে।  

***

SG/MKV/KB



(Release ID: 1613022) Visitor Counter : 123