স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গৰ্ভধাৰণৰ আগত অথবা পিছত লিংগ বাছনি কৰাত বাধা আৰোপ কৰা পিচি আৰু পিএনডিটি আইন বাতিল কৰা নাই
प्रविष्टि तिथि:
09 APR 2020 7:13PM by PIB Guwahati
একাংশ সংবাদ মাধ্যমত শেহতীয়াকৈ প্ৰকাশ পাইছিল যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গৰ্ভধাৰণৰ আগত অথবা গৰ্ভধাৰণৰ পিছত লিংগ বাছনি কৰাত বাধা আৰোপ কৰা পিচি এণ্ড পিএনডিটি আইন,১৯৯৪ বাতিল কৰিছে৷
কিন্তু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আইনখন বাতিল কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিছে৷
লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য মন্ত্ৰালয়ে যোৱা ৪ এপ্ৰিলত পিচি এণ্ড পিএনডিটি অধিনিয়ম ১৯৯৬ৰ অধীনষ্ঠ নিৰ্দিষ্ট কিছুমান বাধ্য-বাধকতা আৰু নীতি-নিয়ম স্থগিত/বাতিল কৰিবলৈ এক জাননী জাৰি কৰিছিল৷ এই নিয়ম লকাডাউনৰ সময়ছোৱাত ডায়গন’ষ্টিকছ চেণ্টাৰৰ প্ৰতিবেদন দাখিলৰ সময়সীমা আৰু পঞ্জীয়নৰ নৱীকৰণৰ সৈতে জড়িত৷
সকলো আল্টাছাউণ্ড ক্লিনিক, জেনেটিক কাউন্সিলিং চেণ্টাৰ, জেনেটিক লেব’ৰেটৰী, জেনেটিক ক্লিনিক আৰু ইমেজিং চেণ্টাৰে আইনত উল্লেখ থকা ধৰণে দৈনন্দিন ভিত্তিত সকলো বাধ্যতামূলক তথ্য মজুত ৰাখিব লাগিব বুলি স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিছে৷
----
MV/MS
(रिलीज़ आईडी: 1612813)
आगंतुक पटल : 270
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada