মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ লকডাউনৰ সময়ছোৱাত ডিজিটেল শিক্ষাৰ চমকপ্ৰদ উত্থান

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ই-শিক্ষা মঞ্চলৈ প্ৰায় ৫গুণ অধিক সঁহাৰি

কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰীয়ে স্বয়ম প্ৰভা আৰু জ্ঞান দৰ্শনৰ দৰে শিক্ষামূলক টিভি চেনেলৰ উপযোগিতা গ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায়

Posted On: 09 APR 2020 5:18PM by PIB Guwahati

ক’ভিড-১৯ লকডাউনৰ প্ৰভাৱৰ পৰা শিক্ষাৰ্থীসকলক মুক্ত কৰাৰ লক্ষ্যৰে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে এই সময়ছোৱাত শিক্ষাৰ্থীসকলক ই-শিক্ষাৰ সুবিধা অব্যাহত ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ ফলত যোৱা দুটা সপ্তাহত দেশত ই-শিক্ষাৰ চমকপ্ৰদ উত্থান দেখিবলৈ পোৱা গৈছে৷ কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকে প্ৰতিষ্ঠানসমূহৰ মূৰব্বীৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰিছে আৰু প্ৰয়োজনীয় নীতি-নিৰ্দেশনা প্ৰদান কৰিছে৷ লগতে এই বিষয়ত দিহা-পৰামৰ্শ গ্ৰহণ কৰিছে৷

বিদ্যালয় আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে অনলাইন ক্লাছৰ বিভিন্ন পদ্ধতি আৰম্ভ কৰিছে আৰু ছাত্ৰ-ছাত্ৰীৰ সকলক ইয়াৰ সৈতে সাঙুৰি লৈছে৷ শিক্ষকে সাধাৰণতে স্কাইপ, জুম, গুগল ক্লাছৰুম, গুগল হেংআউট, পিয়াজা আদিৰ মাধ্যমেৰে এই অনলাইন ক্লাছসমূহ চলাই আছে৷ আন কিছুমানে ইউটিউব, হোৱাটছ আপ আদিত শিক্ষকৰ ভাষণ আপলোড, ডিজিটেল শিক্ষাৰ লিংক শ্বেয়াৰ কৰি শিক্ষাৰ্থীক শিক্ষাৰ সুবিধা আগবঢ়াইছে৷

কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আইআইটি, আইআইআইটি, এনআইটি, আইআইএছইআৰ আদিৰ দৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ প্ৰায় ৫০-৬০ শতাংশ শিক্ষাৰ্থীয়ে ই-শিক্ষাৰ সুবিধা গ্ৰহণ কৰি আছে৷ ইণ্টাৰনেট সংযোগ আৰু অন্যান্য ডিজিটেল আন্তঃগাথনিৰ অভাৱে বহু ক্ষেত্ৰত ই-শিক্ষাক পিছুৱাই নিছে৷ এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে ৰেকৰ্ডেড ভাষণৰ সমান্তৰালকৈ শ্লাইড আৰু হাতে লিখা নোট শিক্ষাৰ্থীৰ মাজত শ্বেয়াৰ কৰিছে, যাতে বেয়া নেটৱৰ্কৰ সমস্যাত ভোগা ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী সময়ত এই ভিডিঅ’ প্ৰত্যক্ষ কৰিব পাৰে৷ ফেকাল্টী মেম্বাৰসকলে শিক্ষাৰ্থীৰ সৈতে অনলাইন ক্লাছৰো ব্যৱস্থা কৰিছে, যাৰ জৰিয়তে শিক্ষাৰ্থীয়ে যিকোনো প্রশ্নৰ উত্তৰ পোনপটীকা লাভ কৰিছে৷

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ বিভিন্ন ই-শিক্ষা প্লেটফৰ্মত যোৱা ২৩ মাৰ্চৰ পৰা প্ৰায় ১.৪কোটি লোকৰ সঁহাৰি দেখিবলৈ পোৱা গৈছে৷ ৰাষ্ট্ৰীয় অনলাইন শিক্ষা মঞ্চ স্বয়ম কালিলৈ প্ৰায় ২.৫লাখ লোকে দৰ্শন কৰিছে৷ যোৱা সপ্তাহত এই অনলাইন শিক্ষা মঞ্চ দৰ্শন কৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ পৰিমাণ আছিল মাত্ৰ ৫০,০০০৷ ইয়াৰ বাহিৰে স্বয়ম প্লেটফ’ৰ্মত উপলব্ধ ৫৭৪টা পাঠ্যক্ৰমত ইতিমধ্যে ২৫লাখ শিক্ষাৰ্থীৰ সংযুক্ত হৈ আছে৷ একেদৰে, দৈনিক প্ৰায় ৫৯০০০লোকে স্বয়ম প্ৰভা ডিটিএইচ টিভি চেনেলত ভিডিঅ’ প্ৰত্যক্ষ কৰিছে৷ লকডাউন আৰম্ভ হোৱাৰ পৰা প্ৰায় ৬.৮লাখ লোকে এয়া উপভোগ কৰিছে৷

সেইদৰে মন্ত্ৰালয়ৰ অন্যান্য ডিজিটেল পদক্ষেপসমূহৰ সৈতেও যথেষ্টসংখ্যক লোক জড়িত হোৱা দেখা গৈছে৷ শ্ৰী পোখৰিয়ালে কয় যে এক বৃহৎ পৰিমাণৰ ছাত্ৰ-ছাত্ৰীয়ে কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে৷ তেনে শিক্ষাৰ্থীৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰালয়ে টেলিভিচনৰ মাধ্যমেৰে শিক্ষাৰ প্ৰচাৰ কৰিছে৷ ৩২ ডিটিএইচ চেনেলৰ গ্ৰুপ স্বয়ম প্ৰভাই ২৪ ঘণ্টাই উন্নত মানৰ শৈক্ষিক অনুষ্ঠান সম্প্ৰচাৰ কৰি আছে বুলিও তেওঁ লগতে উল্লেখ কৰে৷ একেদৰে, ইগন’ৰ জ্ঞান বাণী(১০৫.৬ এফএম ৰেডিঅ’) আৰু ২৪ ঘণ্টীয়া শিক্ষামূলক চেনেল জ্ঞান দৰ্শনে শিক্ষাৰ্থীৰ বাবে উন্নত মানৰ শিক্ষামূলক অনুষ্ঠান প্ৰস্তুত কৰিছে৷ মন্ত্ৰীগৰাকীয়ে এই চেনেলসমূহৰ উপযোগিতা গ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায়৷

*****

NB/AKJ/AK/MS



(Release ID: 1612648) Visitor Counter : 835