ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

দেশত পৰ্যাপ্ত পৰিমাণৰ সাৰৰ উপলব্ধতা নিশ্চিত কৰিছে চৰকাৰেঃ গৌড়া

प्रविष्टि तिथि: 09 APR 2020 5:14PM by PIB Guwahati

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই কয় যে তেওঁৰ মন্ত্ৰালয়ৰ সাৰ বিভাগে আগন্তুক খাৰিফ শস্যৰ ঋতুৰ বাবে প্ৰয়োজন হোৱাকৈ পৰ্যাপ্ত পৰিমাণ সাৰৰ যোগান ধৰাটো নিশ্চিত কৰাৰ বাবে যথাসম্ভৱ সকলো প্ৰয়াস কৰিছে৷ শ্ৰী গৌড়াই টুইটাৰত এই পৰ্যন্ত সাৰ পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি প্ৰকাশ কৰে৷

শ্ৰী গৌড়াই কয় যে কৃষকসকলক উপযুক্ত সময়ত সাৰৰ যোগান ধৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷ সাৰ বিভাগে সাৰৰ উৎপাদন, সঞ্চালন আৰু কৃষকৰ বাবে উপলব্ধতা আদি বিষয়সমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে আৰু ৰাজ্য চৰকাৰ তথা ৰে’লৱে মন্ত্ৰালয়ৰ সৈতেও সমন্বয় স্থাপন কৰিছে৷

এই সন্দৰ্ভত তেওঁ কৰ্ণাটক সন্দৰ্ভত আন এটা টুইটত এইদৰে লিখে, ‘‘কৰ্ণাটকৰ বাবে বীজ, সাৰ আৰু কীটনাশক যথেষ্ট পৰিমাণে আছে৷ এই সন্দৰ্ভত আমি কৰ্ণাটক চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰিছো৷ ৰাজ্যখনত বৰ্তমানে মাহিলী ২.৫৭ লাখ টনৰ আৱশ্যকতাৰ বিপৰীতে ৭.৩ লাখ টন মজুত আছে৷’’ 

 

***********

RCJ/RKM/MANN


(रिलीज़ आईडी: 1612617) आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada