মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীৰ পৰামৰ্শ অনুসৰি জেইই (মেইন) ২০২০ৰ অনলাইন আবেদনত কেন্দ্ৰ চহৰসমূহৰ বাচনিৰ শুধৰণিৰ সময়সীমা সম্প্ৰসাৰণ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই

Posted On: 09 APR 2020 3:56PM by PIB Guwahati

ক’ভিড-১৯ৰ বাবে চৌদিশে সৃষ্টি হোৱা জটিলতাসমূহৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল নিশাংকে জেইই (মেইন) ২০২০ৰ প্ৰাৰ্থীসকলৰ বাবে অনলাইন আবেদনত কেন্দ্ৰ চহৰসমূহৰ বাচনিৰ শুধৰণি ব্যৱস্থাৰ সময়সীমা সম্প্ৰসাৰিত কৰিবলৈ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাক পৰামৰ্শ আগবঢ়াইছে৷ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ০১.০৪.২০২০ তাৰিখে অন্যান্য সংশোধনী সন্দৰ্ভত এক জাননী প্ৰকাশ কৰিছিল৷ আজি সংস্থাটোৱে আবেদনত অন্যান্য সংশোধনীৰ ভিতৰত কেন্দ্ৰ চহৰসমূহৰ বাচনিৰ শুধৰণিৰ প্ৰক্ৰিয়াও অন্তৰ্ভুক্ত কৰাৰ বিষয়ে জানিবলৈ দিয়ে৷

এয়া উল্লেখ কৰা প্ৰয়োজন যে জেইই (মেইন)-২০২০ৰ সকলো প্ৰাৰ্থীয়ে অনলাইন আবেদন অন্যান্য সংশোধনীৰ সৈতে কেন্দ্ৰ চহৰ বাচনি কৰা সংশোধনী https://jeemain.nta.nic ৱেবছাইটত কাৰ্যকৰী কৰা হৈছে আৰু এয়া ১৪.০৪.২০২০* তাৰিখলৈ উপলব্ধ থাকিব৷ প্ৰাৰ্থীসকলক ৱেবছাইটটো পৰিদৰ্শন কৰি প্ৰয়োজন অনুসাৰে শুধৰণীসমূহ সম্পন্ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷

*অনলাইন আবেদনত শুধৰণি সমূহ সন্ধিয়া ৫ বজালৈ আৰু মাচুল জমা নিশা ১১.৫০ বজালৈ গ্ৰহণ কৰা হ’ব৷

যদি প্ৰযোজ্য হয় তেন্তে অতিৰিক্ত মাচুল ক্ৰেডিট/ডেবিট কাৰ্ড/নেট বেংকিং/ইউপিআই আৰু পে’টিএমৰ দ্বাৰা পৰিশোধ কৰিব পৰা হ’ব৷ যদি আবেদনখনত কৰা পৰিৱৰ্তনৰ ভিত্তিত অতিৰিক্ত মাচুলৰ আৱশ্যক হয় তেন্তে চূড়ান্ত আপডেট মাচুল পৰিশোধ কৰাৰ পিছতহে প্ৰতিফলিত হ’ব৷

প্ৰাৰ্থীসকলক এই শুধৰণীসমূহ অতি সাৱধানেৰে সম্পন্ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে কিয়নো পিছলৈ শুধৰণিৰ সুবিধা প্ৰদান কৰা নহ’ব৷

প্ৰাৰ্থীসকল আৰু তেওঁলোকৰ অভিভাৱকসকলক শেহতীয়া আপডেটৰ বাবে jeemain.nta.nic.in আৰু www.nta.ac.in পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ প্ৰাৰ্থীসকলে তেওঁলোকৰ জিজ্ঞাসাৰ বাবে ৮২৮৭৪৭১৮৫২, ৮১৭৮৩৫৯৮৪৫, ৯৬৫০১৭৩৬৬৮, ৮৮৮২৩৫৬৮০৩ নম্বৰতো ফোন কৰিব পাৰিব৷

*****

NB/AKJ/AK/MANN



(Release ID: 1612609) Visitor Counter : 163