ৰেল মন্ত্ৰালয়

সমাজ সেৱাৰ লক্ষ্যৰে ২৮ মাৰ্চৰ পৰা ৰে’লৱেই দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰিলে ৮.৫ লাখ ৰন্ধা খাদ্যৰ পেকেট

ইয়াৰে ৫ লাখৰো অধিক পেকেটৰ খাদ্য প্ৰস্তুত কৰা হৈছে আইআৰচিটিচিৰ ৰান্ধনীশালত; আৰপিএফে ইয়াৰ নিজৰ উৎসৰ পৰা দিলে প্ৰায় ২ লাখ পেকেট ৰন্ধা খাদ্য; এনজিঅ’ৰ আগবঢ়ালে প্ৰায় ১.৫ লাখ ৰন্ধা খাদ্যৰ পেকেট

আৰপিএফে অকলেই বিতৰণ কৰিলে প্ৰায় ৬ লাখ পেকেট খাদ্য; খাদ্য বিতৰণ কাৰ্যসূচীত সহায়ৰ হাত ৰে’লৱেৰ অন্যান্য আৰু অন্য চৰকাৰী বিভাগ তথা এনজিঅ’ই

Posted On: 09 APR 2020 3:07PM by PIB Guwahati

ক’ভিড-১৯ প্ৰতিহত কৰাৰ অংশ হিচাপে সমগ্ৰ দেশতে লকডাউন আহ্বান কৰাৰ পিছৰে পৰাই দেশৰ অভাৱী আৰু দৰিদ্ৰ লোকসকলক ভাৰতীয় ৰে’লৱেই ৰন্ধা খাদ্য প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছে। ভাৰতীয় ৰে’লৱেই ইয়াৰ সমাজ সেৱাৰ অংশ হিচাপে আইৰআৰচিটিচিৰ ৰান্ধনীশাল, আৰপিএফৰ নিজস্ব উৎস আৰু বিভিন্ন এনজিঅ’ৰ বৰঙণিৰ যোগেদি বৃহৎ পৰিমাণত দুপৰীয়া আৰু নিশাৰ আহাৰ যোগান ধৰি আহিছে। এই খাদ্য বিতৰণ কাৰ্যসূচীৰ ভিতৰত সামৰি লোৱা হৈছে দৰিদ্ৰ, গৃহহীন, মগনীয়া, শিশু, কুলী, প্ৰব্ৰজনকাৰী শ্ৰমিক, আবদ্ধ হৈ থকা লোকসকলক। অৱশ্যে ৰে’লৱে ষ্টেশ্যনৰ কাষলৈ খাদ্য বিচাৰি অহা লোকসকলৰ মাজতো এই খাদ্য বিতৰণ কৰা হৈছে।

কেন্দ্ৰীয় ৰে’ল তথা বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ পৰামৰ্শ অনুসৰি ৰে’ল বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। মন্ত্ৰাগৰাকীয়ে কৈছিল যে ৰে’লৱেই ইয়াৰ বিভিন্ন পদক্ষেপৰ প্ৰসাৰতা আৰু অধিক ব্যাপক কৰি তুলিব লাগে আৰু কেৱল ৰে’ল ষ্টেশ্যনৰ এলেকাতে সীমাবদ্ধ নাথাকি বিভিন্ন জিলা প্ৰশাসন আৰু এনজিঅ’সমূহৰ সহযোগত বিভিন্ন প্ৰত্যন্ত অঞ্চললৈও যাব লাগে, বিশেষকৈ অভাৱী তথা দৰিদ্ৰ লোকসকলক খাদ্য আৰু অন্যান্য সাহায্য প্ৰদানৰ বাবে এই কাৰ্য কৰা উচিত।

উল্লেখ্য যে এই পৰ্যন্ত আৰপিএফ, জিআৰপি, মাণ্ডলিক বাণিজ্যিক বিভাগ, ৰাজ্য চৰকাৰ আৰু বিভিন্ন এনজিঅ’ৰ সহযোগত খাদ্য বিতৰণ কৰি থকা হৈছে। অভাৱী লোকসকলৰ মাজত খাদ্য বিতৰণ কৰোতে সামাজিক ব্যৱধান আৰু পৰিস্কাৰ পৰিচ্ছন্নতা অক্ষুণ্ণ ৰখা হৈছে। নিৰ্দিষ্ট মণ্ডল আৰু সংমণ্ডলৰ জিএম/ডিআৰএমসকলো আইআৰচিটিচিৰ সৈতে ধাৰাবাহিকভাৱে সংযোজিত হৈ আছে, যাতে এই পদক্ষেপক অধিক প্ৰসাৰী কৰি তুলিব পাৰি আৰু ষ্টেশ্যনৰ বাহিৰলৈ গৈ অভাৱী লোকৰ হাতত খাদ্যসামগ্ৰী তুলি দিব পাৰি। স্থানীয় জিলা প্ৰশাসন আৰু এনজিঅ’সমূহৰ সহযোগত ৰে’লৱে ষ্টেশ্যনৰ চৌপাশৰ এক বিস্তীৰ্ণ এলেকাক সামৰি লোৱা হৈছে এই সাহায্য কাৰ্যসূচীত।

এই পৰ্যন্ত ভাৰতীয় ৰে’লৱেই ২৮ মাৰ্চ, ২০২০ তাৰিখৰ পৰা দৰিদ্ৰ আৰু অভাৱী লোকসকলৰ মাজত ৮.৫ লাখ খাদ্য সামগ্ৰীৰ পেকেট বিতৰণ কৰিছে। ইয়াত সক্ৰিয়ভাৱে সহযোগ কৰিছে উত্তৰ, পশ্চিম, পূৱ, দক্ষিণ আৰু দক্ষিণ কেন্দ্ৰীয় মণ্ডল সামৰি থকা নতুন দিল্লী, বাঙ্গালোৰ, হুবলী, মুম্বাই চেণ্টেল, আহমেদাবাদ, ভূচাৱল, হাওৰা, পাটনা, গয়া, ৰাঁচী, কাটিহাৰ, দীন দয়াল উপাধ্যায় নগৰ, বালাশোৰ, বিজয়ৱাড়া, খুড়দা, কাটপাড়ি, তিৰুচিৰাপল্লি, ধানবাদ, গুৱাহাটী, সমষ্টিপুৰ, প্ৰয়াগৰাজ, ইটাৰ্ষি, বিশাখাপট্টনম, ছেংগালপাটু, পুনে, হিজপুৰ, ৰাইপুৰ আৰু টাটানগৰত থকা আইআৰচিটিচিৰ মুখ্য ৰান্ধনীশালসমূহে। লগতে ৰে’ল বিভাগৰ অন্যান্য বিভাগ আৰু চৰকাৰী বিভাগৰ উপৰিও এনজিঅ’সমূহেও ব্যাপকভাৱে সহায় কৰিছে।

আইআৰচিটিচিয়ে এই পৰ্যন্ত ৬ লাখৰো অধিক খাদ্য সামগ্ৰীৰ পেকেট প্ৰদান কৰিছে, ইয়াৰ ভিতৰত প্ৰায় ২ লাখ পেকেট খাদ্য নিজ উৎসৰ পৰা প্ৰদান কৰিছে আৰপিএফে। ৰে’লৱে সংগঠনৰ সৈতে কাম কৰি থকা বিভিন্ন এনজিঅ’ই বৰঙণি হিচাপে আগবঢ়াইছে প্ৰায় ১.৫ লাখ খাদ্যৰ পেকেট। ইফালে দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য বিতৰণৰ ক্ষেত্ৰত ৰে’লৱে সুৰক্ষা বাহিনীয়ে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। আইআৰচিটিচি, এনজিঅ’ তথা নিজৰ উৎসৰে সাজু কৰা খাদ্যসমূহ সুন্দৰভাৱে বিতৰণ কৰিছে আৰপিএফে। ২৮ মাৰ্চ তাৰিখে দেশৰ ৭৪ টা স্থানত ৫৪১৯ গৰাকী অভাৱী লোকৰ মাজত খাদ্যৰ পেকেট বিতৰণেৰে আৰম্ভ কৰা এই প্ৰক্ৰিয়া প্ৰতিদিনেই বৃদ্ধি পাইছে। ৮ এপ্ৰিল তাৰিখলৈ আৰপিএফে ৩১৩ টা স্থানত বিতৰণ কৰা খাদ্যৰ পেকেটৰ পৰিমাণ হৈছে প্ৰায় ৬ লাখ। ভাৰতীয় ৰে’লৱেই আজি বিতৰণ কৰা খাদ্যৰ পেকেটৰ পৰিমাণ প্ৰায় ১ লাখ হৈছেগৈ।

উল্লেখ্য যে ইয়াৰ উপৰিও IRCTC য়ে পিএম-কেয়াৰ্ছ পুঁজিলৈ ২০ কোটি টকা বৰঙণি আগবঢ়াইছে। ইয়াৰ ভিতৰত আছে ২০১৯-২০ বৰ্ষৰ চিএছআৰ পুঁজিৰ পৰা ১.৫ কোটি টকা, ২০২০-২১ বৰ্ষৰ চিএছআৰ পুঁজিৰ পৰা ৬.৫ কোটি টকা আৰু ১২ কোটি টকা বৰঙণি।

ক’ভিড-১৯ প্ৰতিহত কৰাৰ অংশ হিচাপে আহ্বান কৰা লকডাউনৰ এনে এক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ পিছতো ভাৰতীয় ৰে’লৱেই অভাৱী লোকসকলক খাদ্য প্ৰদান কৰিবৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে। ইয়াৰ বাবে পৰ্যাপ্ত পৰিমাণ খাদ্য সামগ্ৰী আৰু অন্যান্য কেচাসামগ্ৰীও পৰ্যাপ্ত পৰিমাণে মজুত কৰি ৰখা হৈছে।

****

SG/MKV/RD



(Release ID: 1612572) Visitor Counter : 211