ৰেল মন্ত্ৰালয়

ক’ভিড-১৯ৰ পৰা ভাৰতক সুৰক্ষিত কৰিবলৈ অগ্ৰণী ভূমিকা পালন কৰিছে ৰে’লেৱেয়ে

এই মহামাৰীক প্ৰতিৰোধ কৰিবলৈ ভাৰতীয় ৰে’লেৱেয়ে প্ৰস্তুত কৰিছে ৬ লাখ পুনৰ ব্যৱহৃত মাস্ক আৰু ৪০০০০ লিটাৰত কৈও অধিক হেণ্ড ছেনিটাইজাৰ

এই কাৰ্যত জড়িত হৈছে ৰে’লৱেৰ সকলো মণ্ডল, উৎপাদন ইউনিট আৰু পিএছইউসমূহ; উৎপাদনৰ শীৰ্ষত আছে ডব্লিউআৰ, এনচিআৰ, এনডব্লিউআৰ, চিআৰ, ইচিআৰ আৰু ডব্লিউচিআৰ মণ্ডল

কৰ্তব্যলৈ অহা সকলো কৰ্মীৰ বাবে উপলব্ধ কৰোৱা হৈছে মাস্ক আৰু ছেনিটাইজাৰ; ঠিকাভিত্তিক শ্ৰমিকসকলকো প্ৰদান কৰা হৈছে মাস্ক আৰু ছেনিটাইজাৰ

Posted On: 09 APR 2020 1:33PM by PIB Guwahati

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ গ্ৰহণ কৰা ভাৰত চৰকাৰৰ বিভিন্ন পদক্ষেপত ভাৰতীয় ৰে’লৱেয়ে সৰ্বোতোপ্ৰকাৰে সহায় কৰিছে৷ এই ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেয়ে তেওঁলোকৰ সকলো মণ্ডল, উৎপাদন ইউনিট আৰু পিএছইউসমূহত পুনৰ ব্যৱহৃত মাস্ক আৰু ছেনিটাইজাৰ উৎপাদনৰ দিশত অগ্ৰসৰ হৈছে৷

ভাৰতীয় ৰে’লেৱেয়ে ৭ এপ্ৰিল ২০২০ তাৰিখ পৰ্যন্ত মুঠ ৫৮২৩১৭খন পুনৰ ব্যৱহৃত মাস্ক আৰু ৪১৮৮২ লিটাৰ হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰিছে৷ এই ক্ষেত্ৰত ৱেষ্টাৰ্ণ ৰে’লৱেয়ে ৮১০০৮খন পুনৰ ব্যৱহৃত মাস্ক আৰু ২৫৬৯ লিটাৰ হেণ্ড ছেনিটাইজাৰ, নৰ্থ চেণ্ট্ৰেল ৰে’লৱেয়ে ৭৭৯৯৫খন পুনৰ ব্যৱহৃত মাস্ক আৰু ৩৬২২ লিটাৰ হেণ্ড ছেনিটাইজাৰ, নৰ্থ ৱেষ্টাৰ্ণ ৰে’লৱেয়ে ৫১৯৬১খন পুনৰ ব্যৱহৃত মাস্ক আৰু ৩০২৭ লিটাৰ হেণ্ড ছেনিটাইজাৰ, চেণ্ট্ৰেল ৰে’লৱেয়ে ৩৮৯০৪ পুনৰ ব্যৱহৃত মাস্ক আৰু ৩০১৫ লিটাৰ হেণ্ড ছেনিটাইজাৰ, ইষ্টাৰ্ণ ৰে’লৱেয়ে ৩৩৪৭৩খন পুনৰ ব্যৱহৃত মাস্ক আৰু ৪১০০ লিটাৰ হেণ্ড ছেনিটাইজাৰ আৰু ৱেষ্ট চেণ্ট্ৰেল ৰে’লৱেয়ে ৩৬৩৪২খন পুনৰ ব্যৱহৃত মাস্ক আৰু ৩৭৫৬ লিটাৰ হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰি শীৰ্ষ স্থান দখল কৰিছে৷

আনহাতে মালবাহী ৰে’লসমূহে চৌবিশ ঘণ্টাই কাৰ্যকৰী হৈ থাকি সামগ্ৰী যোগান আৰু কৰ্মচাৰীসকলৰ প্ৰতিপালনৰ দিশত অগ্ৰসৰ হৈছে৷ তেওঁলোকে কৰ্মচাৰীসকলৰ কৰ্মৰ উৎসাহ বৃদ্ধি তথা তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

****

SG/MKV/MANN



(Release ID: 1612545) Visitor Counter : 208