বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ত আক্ৰান্ত ৰোগীক চিকিৎসাৰ বাবে বায়ুৰ জৰিয়তে অক্সিজেন যোগানসমৃদ্ধ সঁজুলিৰ উৎপাদন বৃদ্ধি কৰিবলৈ কোম্পানীক বিনিয়োগ কৰিব ডিএছটিয়ে

“এই অভিনৱ উদ্ভাৱনে উকৃষ্টতাৰ প্ৰতিশ্ৰুতি বহন কৰিছে,” ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মা

Posted On: 09 APR 2020 10:43AM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা বিনিয়োগকাৰী তথা পুনেৰ চিএছআইআৰ-নেচনেল কেমিকেল লেবৰেটৰীৰ অনুজ্ঞাপ্ৰাপ্ত জেনৰিচ মেমব্ৰেনছে ভিড-১৯ ৰোগীক চিকিসাৰ বাবে পাতলীয়া আৱৰণৰ অক্সিজেনেৰেটৰ সঁজুলি(এমঅ) বিকাশ সাধন কৰিছে৷ থলুৱা প্ৰযুক্তিৰে সাজি উলিওৱা এই এমঅইত বিশেষ কম্প্ৰেচৰৰ সহায়ত বায়ুত ৩৫শতাংশ অক্সিজেনসমৃদ্ধ কৰি তুলিব পৰা যায়৷

এই সঁজুলিবিধত এটা পাতল আৱৰণযুক্ত কাৰ্ট্ৰিজ, তেলবিহীন কম্প্ৰেছৰ, নিৰ্গমন ফ্লমিটাৰ, জলীয় বাষ্পৰ বটল, নাকত লগোৱা কেনুলা আৰু টিউবিং আৰু অন্যান্য সামগ্ৰী আছে৷ কম্প্ৰেছৰৰ পৰা এই কম্প্ৰেচড তথা শোধিত বায়ু পাতল আৱৰণযুক্ত কাৰ্ট্ৰিজলৈ যায়, যিটোৱে পৰিৱেশগত চাপত তালৈ অক্সিজেনৰ লগত সোমাই অহা নাইট্ৰজেন পৃথক কৰি অক্সিজেনসমৃদ্ধ বায়ু প্ৰদান কৰে৷ অক্সিজেন আৰু নাইট্ৰজেন পৃথক কৰিব পৰা এই পাতল আৱৰণযুক্ত কাৰ্ট্ৰিজে ভাইৰাছ, জীৱানু আৰু অন্যান্য কণিকা পাৰ হৈ যোৱাত বাধা দিয়ে৷ এই পাদিত বায়ু চিকিসাৰ উপযোগী৷

এই সঁজুলি সম্পূৰ্ণ নিৰাপদ আৰু ইয়াক চলোৱাৰ বাবে কোনো প্ৰশিক্ষিত লোকৰ প্ৰয়োজন নহয়, কেৱল ন্যূনতম চোৱা-চিতা কৰিব লাগে৷ তদুপৰি, এই সঁজুলিবিধ এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰি, সৰু তথা সহজে অক্সিজেনসমৃদ্ধ বায়ু পোৱাৰ সুবিধা আছে৷

ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয়, চিকিসা উপযোগী অক্সিজেন সমৃদ্ধ এই সঁজুলিবিধ ভিড-১৯ৰ দৰে পৰিস্থিতি ৰোগীৰ সহায়ক, কিয়নো ১৪% সংক্ৰমিত এজন লোকক এইধৰণৰ শ্বাস-প্ৰশ্বাসজনিত সহায়ৰ প্ৰয়োজন, কিন্তু ভেণ্টিলেটৰযুক্ত আইচিইউত ইয়াৰ %হে প্ৰয়োজন হয়৷ ইয়াৰ বাদে বাকী লোকসকল, যিসকলে দীৰ্ঘদিন ধৰি উশাহ-নিশাহৰ সমস্যাত ভোগে তেওঁলোকৰ বাবে এই সঁজুলিবিধ কৃষ্ট হিচাপে পৰিগণিত হৈছে৷

ভিড-১৯ৰ গুৰুত্বপূৰ্ণ লক্ষণ যিহেতু শ্বাস-প্ৰশ্বাসজনিত সমস্যাও অন্যতম, সেই ক্ষেত্ৰত ইণ্টেনছিভ কেয়াৰ ইউনিটছ(আইচিইউ) পৰা মুক্তি দিয়া ৰোগী চিকিসাৰ বাবে এই সঁজুলিবিধ ব্যৱহাৰ কৰিব পাৰে৷ দীৰ্ঘদিনীয়া উশাহ-নিশাহৰ সমস্যাত ভোগা ৰোগী যেনে-ক্ৰনিক অৱষ্ট্ৰাক্টিভ পালমোনেৰী ডিজিজ(চিঅপিডি), এজমা, অন্তৰ্ৱতী হাওফাও ৰোগ(আইএলডি), সময়ৰ পূৰ্বে জন্ম হোৱা শিশু, সাপে খোতা ইত্যাদিৰ ক্ষেত্ৰত এই সঁজুলিবিধে সহায় কৰিব পাৰে৷

ইতিমধ্যে পৰীক্ষণ সম্পূৰ্ণ কৰা এই সঁজুলিবিধ অহা তিনিমাহৰ ভিতৰত সাজু কৰি তোলাৰ বাবে ডিএছটি ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা উদ্যমিতা বিকাশ পৰিষদ(এনএছটিইডিবি) সমৰ্থনত পুনেৰ উদ্যমিতা বিকাশ কেন্দ্ৰই এনে এমঅ প্ৰস্তুতকাৰী কোম্পানীক সহায়ৰ হাত আগবঢ়াইছে৷

(অধিক তথ্যৰ বাবে ড০ ৰাজেন্দ্ৰ কে খাৰুলৰ সৈতে এই -মেইল rk.kharul@genrichmembranes.com, আৰু নম্বৰত 8308822216 যোগাযোগ কৰক)

 

*****

KGS/(DST)/DB



(Release ID: 1612478) Visitor Counter : 166