বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ক’ভিডৰ পিছৰ সময়ছোৱাত নিজৰ সম্ভাৱনীয়তাক সঠিক দিশেৰে পৰিচালনা কৰিবলৈ সাজু হোৱাৰ উদ্দেশ্যে বহল পৰিসৰত চিন্তা কৰিবৰ বাবে শ্ৰী পিয়ুষ গোৱেলে ৰপ্তানি বাণিজ্যৰ লগত জড়িতসকলক সাক্ষাৎ কৰে আৰু কয় যে আমি বিশ্বৰ বাবে দায়িত্বশীল নাগৰিক

Posted On: 08 APR 2020 7:46PM by PIB Guwahati

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেলে আজি এক ভিডিঅ’ কনফাৰেন্সযোগে ৰপ্তানি বাণিজ্যৰ লগত জড়িত দেশৰ বিভিন্ন সংস্থাৰ প্ৰতিনিধিৰ সৈতে সাক্ষা কৰে আৰু ক’ভিড-১৯ তথা ইয়াৰ ফলত হোৱা লকডাউনে ৰপ্তানি বাণিজ্যৰ ক্ষেত্ৰখনত সৃষ্টি কৰা সমস্যাৰ বুজ লয়। লকডাউনৰ পিছত তৃতীবাৰৰ বাবে এনে সভা অনুষ্ঠিত হ’ল আৰু এই সভাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ তথা ৰে’ল মন্ত্ৰী শ্ৰী পিয়ুষ গোৱেল, ৰাজ্য মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, বাণিজ্য সচিৱ ড০ অৰূপ ৱাধৱান, ডি জি এফ টি আৰু বাণিজ্য বিভাগৰ কেইবাজনো বিষয়া উপস্থিত থাকে।

’ভিডৰ পিছৰ সময়ছোৱাত নিজৰ সম্ভাৱনীয়তাক সঠিক দিশেৰে পৰিচালনা কৰিবলৈ সাজু হোৱাৰ উদ্দেশ্যে বহল পৰিসৰত চিন্তা কৰিবৰ বাবে আহ্বান জনাই শ্ৰী পিয়ুষ গোৱেলে ৰপ্তানি বাণিজ্যৰ লগত জড়িতসকলক কয় যে আমি যদি সামগ্ৰীৰ মান উন্নত কৰিব পাৰো, উপাদন কৰিব পৰা সামৰ্থ বঢ়াব পাৰো, প্ৰতিযোগিতামূলক দৰত বস্তু উপলব্ধ কৰিব পাৰো, তেন্তে আমি ক’ভিডৰ আতংক নোহোৱা হোৱাৰ পিছত আমাৰ সম্ভাৱনীয়তাৰ সঠিক ব্যৱহাৰ কৰিব পাৰিম। “মোৰ ব্যক্তিগত বিশ্বাস যে যেতিয়া এখন দেশে বৃহ মাত্ৰাত সামগ্ৰী উপাদন কৰি বজাৰ দখল কৰিবলৈ চেষ্টা কৰে, তেতিয়া স্বতঃস্ফূৰ্তভাৱে সামগ্ৰীৰ মান উন্নত হয়, উপাদনৰ খৰচ কমি আহে, উপাদন ক্ষমতা বাঢ়ে আৰু অধিক কৰ্মক্ষম হয়”, তেওঁ কয়। এল ই ডি বাল্ব, সমগ্ৰ দেশত শৌচালয়ৰ বিতৰণ, সাৰ্বজনীন স্বাস্থ্য আঁচনি আদিৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বহল চিন্তাৰে আগবাঢ়িছে আৰু চিন্তাক বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে।

শ্ৰী পিয়ুষ গোৱেলে কয় যে এই সংকটৰ সময়তো আমি ৰপ্তানি বাণিজ্য খোলা ৰাখিব লাগিব যাতে আমি সৰ্বকালৰ কাৰণে আমাৰ গ্ৰাহকসকলক নেহেৰুৱাও। তেওঁ সুনিশ্চিত কৰে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ ৰপ্তানি কিবা কাৰণে যদি কৰবাত ৰৈ গৈছে, সেইসমূহ অতি সোনকালে লক্ষ্যস্থান পোৱাৰ ব্যৱস্থা কৰা হ’ব। তেওঁ কয় যে বহুক্ষেত্ৰত দোশসমূহৰ ভৌগোলিক স্থিতিয়ে ৰপ্তানি বাণিজ্যৰ বিস্তৃতিৰ ক্ষেত্ৰত চিন্তাৰ উদ্ৰেক কৰে। তাৰবাবে ইয়াতকৈ ভাল সময় আৰু নাই, এতিয়াই উপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত মনোযোগেৰে কাম কৰি সেই দেশসমূহৰ মানসিকতা সলনি কৰাৰ উকৃষ্ট সময়।   

মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিডৰ পিছৰ সময়ছোৱাত স্বচ্ছ গণতন্ত্ৰৰ দেশ হিচাপে আইনমতে লেৱা মানৱতাবাদী পদক্ষেপসমূহৰ বাবে বিশ্বমানত ভাৰত জিলিকি থাকিব। তেওঁ কয়, “আমি বিশ্বৰ বাবে দায়িত্বশীল নাগৰিক আৰু আমাৰ ঔষধী সামগ্ৰীয়ে বিশ্বৰ প্ৰয়োজন পূৰাব পৰাকৈ কাম কৰিব লাগিব। আমাৰ দেশৰ প্ৰধানমন্ত্ৰীক লৈ আমি গৰ্বিত যি বিশ্বাস কৰে যে আমাৰ সমগ্ৰ বিশ্বৰ প্ৰতি দায়িত্ব আছে।”

মন্ত্ৰীগৰাকীয়ে কয় যে আমি মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিবলৈ নিদিয়াকৈ দেশৰ অৰ্থনীতিক পুনৰ আগৰ সূঁতিলৈ আনিব লাগিব। চূড়ান্ত সিদ্ধান্ত স্বাস্থ্যৰ ওপৰতে নিৰ্ভৰশীল হ’ব। তেওঁ ৰপ্তানিকাৰ সকলক আৰোগ্য সোতু এপটো নিজৰ নিজৰ মোবাইলত ইনষ্টল কৰি আনৰ লগতো ভাগ-বতৰা কৰিবলৈ আহ্বান জনায় যিয়ে সকলোকে প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু চিনাক্ত কৰিবপৰা হটস্পটৰ সহায়ত ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে সকলোকে খোলা অন্তৰেৰে পি এম কেয়াৰ্চ পুঁজিলৈ বৰঙণি আগবঢ়াবলৈও আহ্বান জনায়।

এই সভাত ফিয়’ৰ বিষয়া কৰ্মচাৰীৰ লগতে মূল্যাৱান পাথৰ আৰু গহণা, চামৰা, ইলেক্ট্ৰনিক্স আৰু চফ্টৱেৰ, চিন্থেটিক আৰু ৰেয়ন, হস্তশিল্প, প্ৰজেক্ট এক্সপোৰ্ট, টেলিকম, বস্ত্ৰশিল্প, কাজু, প্লাষ্টিক, খেলৰ সামগ্ৰী, ঊণ, তৈলবীজ আৰু তাৰপৰা উপাদিত সামগ্ৰী, পাট, আভিযান্ত্ৰিক সামগ্ৰী, সেৱা, ঔষধ, ৰসায়ন আৰু ৰং, বনজ সম্পদৰ পৰা উপাদিত সামগ্ৰী, কাৰ্পেট, আনুসঙ্গিক ৰসায়ন আদিৰ ৰপ্তানি প্ৰচাৰ পৰিষদসমূহে অংশ গ্ৰহণ কৰে।  

 

*****

YB/AP/PRK



(Release ID: 1612409) Visitor Counter : 212