স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ শেহতীয়া তথ্য
Posted On:
08 APR 2020 6:27PM by PIB Guwahati
দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সংক্ৰমণৰ শৃংখলা ভংগ কৰিবলৈ কেইবালানিও পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্যসমূহক সমগ্ৰ দেশতে পৰ্যাপ্ত পৰিমাণে ক’ভিড-১৯ৰ শুশ্ৰূষা কেন্দ্ৰ স্থাপন কৰিবলৈ কোৱা হৈছে৷ বিভিন্ন জিলাই কেইবা ধৰণৰো উৎকৃষ্ট পদক্ষেপ গ্ৰহণ কৰিছে৷ তাৰে ভিতৰত কেইটামান হ’লঃ
- পুণে জিলাই পুণে আৰু কন্ধৱা অঞ্চল সম্পূৰ্ণৰূপে ছীল কৰি দিছে আৰু ৩৫ বৰ্গ কিলোমিটাৰৰ এলেকাৰ ভিতৰত ঘৰে ঘৰে গৈ সৰ্বেক্ষণ কৰিছে৷
- পাঠানামথিট্টা জিলাই নিৰীক্ষণ, ভ্ৰমণ ইতিহাস সংগ্ৰহ, অনুসৰণ, কোৱাৰেণ্টাইন সুবিধা আদিৰ নিশ্চিতি প্ৰদান কৰিছে আৰু যথাসম্ভৱ অত্যাৱশ্যকীয় আৰু মানসিক সমৰ্থন আগবঢ়াইছে৷
ভাৰত চৰকাৰে ‘দীক্ষা’ত ‘সংবদ্ধ চৰকাৰী অনলাইন প্ৰশিক্ষণ (আইগ’ট)’ শীৰ্ষক ক’ভিড-১৯ ব্যৱস্থাপনাৰ এক প্ৰশিক্ষণ মডিউল মুকলি কৰিছে য’ত মহামাৰী বিধক কাৰ্যকৰীভাৱে প্ৰত্যাহ্বান জনাব পৰাকৈ সন্মুখৰ শাৰীৰ কৰ্মীসকলৰ বাবে সামৰ্থ নিৰ্মাণৰ এক প্লেটফ’ৰ্ম নিৰ্মাণ কৰা হৈছে৷ এওঁলোকৰ ভিতৰত চিকিৎসক, নাৰ্চ, পেৰামেডিকছ, কাৰিকৰবিদ, এএনএম, ৰাজ্য চৰকাৰৰ বিষয়া, অসামৰিক প্ৰতিৰক্ষা কৰ্মী, এনচিচি, এনএছএছ, ইণ্ডিয়ান ৰে’ডক্ৰছ ছ’চাইটী আৰু অন্যান্য স্বেচ্ছাসেৱীসকলক সামৰি লোৱা হৈছে৷ এই প’ৰ্টেলৰ লিংকটো হ’ল https://igot.gov.in/igot/ ৷
নতুন দিল্লীৰ এইমছে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে বিভিন্ন শাখাৰ স্বাস্থ্যকৰ্মীসকলৰ সামৰ্থ নিৰ্মাণৰ ৱেবইনাৰ প্ৰস্তুত কৰিছে৷ এই সপ্তাহটোত এইমছৰ উদ্যোগত সন্দেহযুক্ত অথবা নিশ্চিত ক’ভিড-১৯ত আক্ৰান্ত গৰ্ভৱতী মহিলাৰ প্ৰসৱপূৰ্ব শুশ্ৰূষাৰ আৰু প্ৰসৱকালীন ব্যৱস্থাপনাৰ বাবে চিকিৎসকসকলক অনলাইন প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ সবিশেষ www.mohfw.gov.in. এই ৱেবছাইটত উপলব্ধ হ’ব৷
এই পৰ্যন্ত এই পৰ্যন্ত ৫১৯৪টা ক’ভিড-১৯ৰ নিশ্চিত পৰিঘটনা আৰু ১৪৯টা মৃত্যুৰ ঘটনা প্ৰতিবেদিত হৈছে৷ ৪০২জন ব্যক্তি সুস্থ হোৱাৰ পিছত মুকলি কৰি দিয়া হৈছে৷
ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.
technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷
ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷
*****
MV/MANN
(Release ID: 1612313)
Visitor Counter : 201
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam