গৃহ মন্ত্ৰালয়

লকডাউনৰ সময়ত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ অত্যাৱশ্যকীয় সামগ্ৰী (ইচি) আইন ১৯৫৫ৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ উপলব্ধতা নিশ্চিত কৰিবলৈ ৰাজ্যসমূহলৈ গৃহ মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ

Posted On: 08 APR 2020 11:20AM by PIB Guwahati

দেশত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় কুমাৰ ভাল্লাই প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবলৈ অত্যাৱশ্যকীয় সামগ্ৰী (ইচি) আইন ১৯৫৫ৰ অধীনত সামগ্ৰীসমূহৰ যোগান নিশ্চিত কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে৷

শ্ৰমিকসকলৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত উৎপাদনৰ পৰিমাণো হ্ৰাস হোৱাৰ প্ৰতিবেদন দাখিল হৈছে৷ ফলত ক’লা বজাৰ, চোৰাংকৈ সামগ্ৰী জমা, অত্যাধিক লাভ অৰ্জন আদিৰ দৰে ঘটনাসমূহো সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ সেইবাবে ৰাজ্যসমূহত সচিবগৰাকীয়ে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ উচিত মূল্যত উপলব্ধ কৰিবলৈ নিৰ্দেশ দিছে৷

এই আইন উলংঘাকাৰীয়ে ৭ বছৰৰ কাৰাবাস অথবা জৰিমণা অথবা দুয়োটাৰেই সন্মুখীন হ’ব লাগিব৷

*****

VG/SNC/VM/MANN



(Release ID: 1612169) Visitor Counter : 201