কৃষি মন্ত্ৰালয়

লকডাউনৰ সময়ছোৱাত কৃষিজাত কাম-কাজ সুবিধাজনক কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত কৃষি মন্ত্ৰীয়ে বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে পৰ্যালোচনা কৰে

শ্ৰী নৰেন্দ্ৰ সিং টোমাৰে নিয়মীয়া নিৰীক্ষণৰ বাবে নিয়ন্ত্ৰণ কক্ষ স্থাপনৰ নিৰ্দেশ দিয়ে, তেওঁ কয় যে ফাৰ্মত উৎপাদিত সামগ্ৰী আৰু কৃষিৰ সৈতে জড়িত সামগ্ৰীৰ পৰিবহণ বাধাগ্ৰস্ত হ’ব নোৱাৰে

Posted On: 07 APR 2020 8:12PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি, গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমাৰে আজি জেষ্ঠ বিষয়াসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত মিলিত হয়৷ বৈঠকত তেওঁ লকডাউনৰ সময়ছোৱাত কৃষিজাত কাম-কাজ সুবিধাজনক কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যালোচনা কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত কেন্দ্ৰীয় চৰকাৰে কৃষি আৰু আনুসংগিক খণ্ডত কৃষক আৰু শ্ৰমিকৰ ব্যস্ততা নিশ্চিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰছে৷ কৃষি আৰু আনুসংগিক খণ্ডলৈ চৰকাৰে আগবঢ়োৱা ৰেহাইসমূহ সঠিকভাৱে ৰূপায়ন হোৱাটো নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক আহ্বান জনায়৷ লগতে তেওঁ বিভিন্ন ৰেহাই আৰু সকাহসমূহৰ নিয়মীয়া নিৰীক্ষণৰ বাবে এক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে৷

       ২১দিনীয়া লকডাউনৰ সময়ছোৱাত কৃষকসকলে আৰম্ভণিতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল৷ কিন্তু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে শ্ৰী টোমাৰে কেন্দ্ৰীয় গৃহ আৰু বিত্তমন্ত্ৰীৰ জেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কৃষকৰ বাবে এলানি সাহায্য ব্যৱস্থা গ্ৰহণ কৰে৷

বৈঠকত শ্ৰী টোমাৰে আলোকপাত কৰে যে কৃষি আৰু আনুসংগিক খণ্ডলৈ আগবঢ়োৱা ৰেহাই আৰু সকাহ ৰূপায়নৰ সময়ত যাতে সামাজিক দূৰত্বৰ সকলো নিয়ম সঠিকভাৱে পালন কৰা হয়৷ মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকে শস্য চপোৱাৰ সময়ত কোনো জটিলতাৰ সন্মুখীন হোৱা উচিত নহয়৷ তেওঁ লগতে উল্লেখ কৰে যে কৃষকে যাতে নিজৰ উৎপাদিত শস্য নিকটৱৰ্তী স্থানত বিক্ৰী কৰিব পাৰে অথবা উৎপাদিত শস্য ৰাজ্য অথবা ৰাজ্যৰ বাহিৰলৈ অনা-নিয়া কৰিব পাৰে, সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে সকলো ব্যৱস্থা হাতত লৈছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে লকডাউনৰ সময়ছোৱাত কৃষি সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ চলাচলৰ ক্ষেত্ৰত নিয়ম শিথিল কৰা হৈছে৷

কৃষি বিপণনক শক্তিশালী কৰিবলৈ ৰাষ্ট্ৰীয় কৃষি বজাৰ(ই-নাম)ত সন্নিবিষ্ট কৰা হৈছে নতুন বৈশিষ্ট, যাৰ ফলত কৃষকে নিজৰ উৎপাদিত শস্য বিক্ৰী কৰিবলৈ শাৰিৰীকভাৱে পাইকাৰী ব্যৱসায়ীৰ ওচৰলৈ অহাৰ প্ৰয়োজন কমিছে৷ চৰকাৰে লগতে ৩লাখ টকা পৰ্যন্ত হ্ৰস্বকালীন কৃষি ঋণৰ কিস্তি পৰিশোধৰ সময়সীমা ৩১মে, ২০২০লৈ বঢ়াই দিছে৷

*****

APS/PK/MS/BA/MS



(Release ID: 1612125) Visitor Counter : 155