প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বাৰ্তা

Posted On: 07 APR 2020 1:50PM by PIB Guwahati

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা বাৰ্তা অসমীয়া অনুবাদ তলত উল্লেখ কৰা হ’ল-

আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আহক আমি কেৱল ইজনে সিজন সু-স্বাস্থ্য আৰু কল্যান কামনা কৰাই নহয় বৰঞ্চ ক’ভিড-১৯ৰ ভয়াবহতাৰ বিৰুদ্ধে যুঁজত সাহসেৰে অগ্ৰণী ভূমিকা লোৱা সকলো চিকিসক, নাৰ্ছ, মেডিকেল কৰ্মচাৰী আৰু স্বাস্থ্যকৰ্মীৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰো৷

এই বিশ্ব স্বাস্থ্য দিৱসত আহক আমি সকলোৱে সামাজিক দুৰত্ব বজাই ৰখাৰ অভ্যাস গঢ়ি তোলো, যিটোৱে নিজৰ লগতে আনৰ জীৱনো ৰক্ষা কৰিব৷ এই দিনটোৱে গোটেই বছৰটোত আমাৰ ব্যক্তিগত সুস্থতাৰ দিশত গুৰুত্ব দিয়াত প্ৰেৰণা যোগাওক, যিটোৱে আমাৰ সামগ্ৰিক স্বাস্থ্যৰ উন্নতিত সহায় কৰিব৷

***

VRRK/SH/DB



(Release ID: 1611993) Visitor Counter : 200