ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ক’ভিড-১৯ সন্দৰ্ভত কাৰ্যাৱলীসমূহৰ ড০ জিতেন্দ্ৰ সিঙৰ পুনৰীক্ষণ
পিএম-কেয়াৰ্ছ পুঁজিলৈ আগবঢ়োৱা বৰঙণিৰ বাবে বিভাগক ড০ জিতেন্দ্ৰ সিঙৰ প্ৰশংসা
Posted On:
07 APR 2020 3:52PM by PIB Guwahati
ড’নাৰ মন্ত্ৰালয়, প্ৰধানমন্ত্ৰী কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) ড০ জিতেন্দ্ৰ সিঙে আজি ভিডিঅ’ কনফাৰেন্সযোগে ডিঅ’পিটি, ডিএআৰপিজি আৰু ডিঅ’পিপিডব্লিউৰ কামকাজৰ খতিয়ান লয়৷ পোন প্ৰথমে মন্ত্ৰীগৰাকীয়ে লকডাউনৰ সময়ছোৱাত ডিঅ’পিটিয়ে গ্ৰহণ কৰা বিভিন্ন প্ৰস্তুতিসমূহৰ খতিয়ান লয়৷ ডিএআৰপিজিৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীক এইবুলি অৱগত কৰোৱা হয় যে ১ এপ্ৰিল ২০২০ তাৰিখে ক’ভিড-১৯ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰীক্ষণ কৰিবলৈ এক ডেশ্বব’ৰ্ড (https://darpg.gov.in) মুকলি কৰা হয়৷ প’ৰ্টেলটোত ৰাজহুৱা অভিযোগ ১ এপ্ৰিল তাৰিখে ৩৩৩ৰ পৰা ৬ এপ্ৰিল তাৰিখলৈ ২৩৪৩লৈ বৃদ্ধি হয়৷ ডিএআৰপিজিয়ে সকলো মন্ত্ৰালয়/বিভাগ তথা ৰাজ্য চৰকাৰক এই ৰাজহুৱা অভিযোগসমূহ নিষ্পত্তি কৰিবলৈ ৩দিনকৈ সময় দিছে৷ আনহাতে পেঞ্চন বিভাগৰ তৰফৰ পৰা ড০ সিঙক এইবুলি অৱগত কৰোৱা হয় যে বিভাগটোৰ সকলো কাম ১০০%ই ভিপিএন সংযোগৰ দ্বাৰা পৰিচালিত হৈ আছে আৰু বিভাগটোৱে ই-অফিচৰ জৰিয়তে আন্তঃমন্ত্ৰালয়ৰ ফাইল বিনিময় ব্যৱস্থা সক্ষম কৰি তুলিছে৷ প্ৰায় ৪ লাখ এছএমএছ পেঞ্চনাৰসকললৈ প্ৰদান কৰি তেওঁলোকক ক’ভিড-১৯ মহামাৰীৰ সন্দৰ্ভত ল’বলগীয়া সাৱধানতাসমূহৰ বিষয়ে অৱগত কৰোৱা হৈছে৷ বিভাগটোৱে ১০০জন পেঞ্চনাৰৰ বাবে জ্যেষ্ঠ চিকিৎসকৰ সৈতে টেলি পৰামৰ্শৰ সুবিধাৰো ব্যৱস্থা কৰি দিছে৷ তাৰোপৰি লকডাউনৰ সময়ছোৱাত ভাৰতৰ ২৪-২৫খন চহৰৰ পেঞ্চনাৰসকলৰ বাবে ১৩.০৪.২০২০ তাৰিখে যোগাভ্যাসৰ এক ভিডিঅ’ কনফাৰেন্সৰো ব্যৱস্থা কৰিব৷ এই প্ৰক্ৰিয়া লকডাউনৰ পিছতো অব্যাহত থাকিব৷
উল্লেখ্য, ডিঅ’পিটি, ডিএআৰপিজি আৰু ডিঅ’পিপিডব্লিউৰ সকলো বিভাগীয় কৰ্মচাৰী নিজৰ এদিনৰ দৰমহা ক’ভিড-১৯ সাহায্য পুঁজিলৈ বৰঙণি হিচাপে আগবঢ়াইছে৷ চিভিল ছাৰ্ভিচেছ অফিচাৰ্ছ ইন্সটিটিউটেও (চিএছঅ’আই) পিএম-কেয়াৰ্ছলৈ ২৫ লাখ টকা বৰঙণি আগবঢ়াইছে৷
<><><><><>
VG/SNC/MANN
(Release ID: 1611978)
Visitor Counter : 213
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam