বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ নিৰ্ণয়ৰ বাবে চিএছআইআৰ-চিএফটিআৰআইয়ে প্ৰদান কৰিব পৰীক্ষণ সঁজুলি

Posted On: 07 APR 2020 10:14AM by PIB Guwahati

বিগত ২৪ ঘণ্টাৰ ভিতৰতে মহীশূৰত ক’ভিড-১৯ৰ ধনাত্মক পৰিঘটনা ২৮লৈ স্পৰ্শ কৰিছে৷ এই তথ্য সদৰী কৰিছে কৰ্ণাটক স্বাস্থ্য বিভাগে৷ মহীশূৰস্থিত চিএছআইআৰ-চেণ্ট্ৰেল ফুড টেকন’ল’জিকেল ৰিচাৰ্ছ ইন্সটিটিউটে (চিএছআইআৰ-চিএফটিআৰআই)জিলা প্ৰশাসনৰ সহযোগত নমুনাসমূহৰ পৰীক্ষণৰ বাবে পৰীক্ষণ সঁজুলি যোগান ধৰিছে৷

বৰ্তমানে ক’ভিড-১৯ সংক্ৰমণৰ নিৰ্ণয় পিচিআৰ পদ্ধতিত সম্পন্ন কৰা হৈছে৷ এই পিচিআৰৰ জৰিয়তে প্ৰাৰম্ভিক অৱস্থাতেই ভাইৰাছসমূহৰ নিৰ্ণয় কৰিব পাৰি৷

চিএছআইআৰ-চিএফটিআৰআইয়ে জিলা প্ৰশাসনক দুটা পিচিআৰ যন্ত্ৰ, এটা আৰএনএ নিষ্কাশন ইউনিট আৰু প্ৰয়োজনীয় ৰাসায়নিক দ্ৰব্যসমূহ যোগান ধৰিছে৷

এই পিচিআৰ যন্ত্ৰ ৫ এপ্ৰিল ২০২০ তাৰিখে ভাইৰাছ ৰিচাৰ্ছ এণ্ড ডাইগনেষ্টিক লেবৰ’টৰী (ভিআৰডিএল)ৰ ন’ডেল বিষয়া ডাঃ অমৰুথা কুমাৰীক প্ৰদান কৰা হয়৷ আৰএনএ নিষ্কাশন ইউনিটটো এসপ্তাহৰ ভিতৰতেই উপলব্ধ হ’ব৷

*****

KGS/(DST-(India Science wire)/MANN



(Release ID: 1611877) Visitor Counter : 118