কেবিনেট

ক’ভিড-১৯ৰ মোকাবিলা কৰাৰ বাবে অহা দুবছৰ(২০২০-২১ আৰু ২০২১-২০২২)লৈ সংসদীয় এলেকা উন্নয়ন আঁচনি (এমপিলেডছ)ৰ পুঁজি অন্য শিতানত ব্যয় নকৰাৰ সিদ্ধান্তত কেবিনেটৰ অনুমোদন

Posted On: 06 APR 2020 5:23PM by PIB Guwahati

ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰি অহা প্ৰচেষ্টাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত অহা দুবছৰ(২০২০-২১ আৰু ২০২১-২০২২)লৈ সংসদীয় এলেকা উন্নয়ন আঁচনি (এমপিলেডছ)ৰ পুঁজি অন্য শিতানত ব্যয় নকৰাৰ সিদ্ধান্ত লোৱা হয়৷ এই পুঁজিসমূহ ক’ভিড-১৯ৰ বাবে দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু ক্ষতি মোকাবিলা কৰাৰ বাবে চৰকাৰে লোৱা প্ৰচেষ্টাৰ শক্তিশালী কৰাত ব্যৱহাৰ কৰা হ’ব৷

*****

VRRK/DB



(Release ID: 1611790) Visitor Counter : 171