প্ৰতিৰক্ষা মন্ত্ৰালয়

বিদেশ ভ্ৰমণত যোৱা সামুদ্ৰিক জাহাজ আই এন এছ তিৰত নিয়োজিত এন চি চি কেডেটৰ দেশলৈ প্ৰত্যাৱৰ্তন

পোষ্ট কৰা হৈছে: 05 APR 2020 6:41PM by PIB Guwahati

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এনচিচিৰ নৌসেনা শাখাৰ ১৪ গৰাকী কেডেটৰ সৈতে দক্ষিণ নৌসেনা কামাণ্ড চমুকৈ এছ এন চিৰ অন্তৰ্গত ভাৰতীয় নৌসেনাৰ কেডেট প্ৰশিক্ষণ জাহাজ আই এন এছ তীৰে প্ৰথমটো প্ৰশিক্ষণ স্কোৱাড্ৰ’ন সম্পন্ন কৰি কোচিলৈ উভতি আহিছে।

উল্লেখ্য যে বিগত ২৯ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে আইএনএছ তীৰত আৰোহন কৰা এইসকল এনচিচি কেডেটক এক নিৰ্ধাৰিত গাঁথনিপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচীৰ যোগেদি সাগৰীয় জীৱনৰ বিভিন্ন দিশৰ ওপৰত পৰ্যাপ্ত জ্ঞান প্ৰদান কৰা হয়, বিশেষকৈ ভাৰতীয় নৌসেনাৰ কাৰ্যাৱলী সম্পৰ্কে তেওঁলোকক এই প্ৰশিক্ষণ কাৰ্যসূচীত অৱগত কৰোৱা হয়। এই কেডেটসকলে জাহাজত অনুষ্ঠিত আটাইবোৰ কাৰ্যসূচীতেই উৎসাহেৰে অংশগ্ৰহণ কৰে। মৰিছাছৰ প’ৰ্ট লুইছস্থিত এক বৃদ্ধাবাসত অনুষ্ঠিত এক ৰাজহুৱা আউটৰীচ্চ অনুষ্ঠানত এই এনচিচিৰ দলটোৱে তেওঁলোকৰ যতন আৰু লক্ষণীয় উৎসাহৰ বাবেই আবাসীসকলৰ প্ৰসংশা বুটলিবলৈও সক্ষম হৈছিল। অৱশ্যে সমগ্ৰ বিশ্বতে চলি থকা ক’ভিড-১৯ ৰ বাবে মত-বিনিময় অনুষ্ঠান ৰখা হোৱা নাছিল। কেডেটসকলে এই প্ৰশিক্ষণকালত ভাৰতীয় নৌ সেনাবাহিনীৰ বিষয়াসকলৰ লগতে বিদেশী সামূদ্ৰিক ৰাইডাৰ তথা মালদ্বীপ, ছিছেলী, বাংলাদেশ, শ্ৰীলংকা আৰু ম্যানমাৰৰ পৰা অহা প্ৰশিক্ষাৰ্থীসকলৰ সৈতে হোৱা নিয়মিত বাৰ্তালাপৰ যোগেদি যথেষ্ট জ্ঞান আহৰণ কৰিবলৈ সক্ষম হৈছিল।

অৱশ্যে এই প্ৰথমটো স্কোৱাড্ৰ’নৰ বৈদেশিক মোতায়েনৰ সময় ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত চমু কৰা হয় আৰু সমূদ্ৰতেই ১৪ দিনীয়া কোৰেণ্টাইন সময় অতিবাহিত কৰাৰ পিছত ৪ এপ্ৰিলত জাহাজবোৰ বন্দৰলৈ উভতি আহে। যিহেতু জাহাজত সামাজিক দূৰত্ব ৰক্ষা কৰাটো বাস্তৱিক নহয়, সেয়েহে সমগ্ৰ দাহাজখনকেই ইয়াত থকা কৰ্মচাৰীৰে সৈতে কোৰেণ্টাইন ৰখা হৈছিল। এই জাহাজবোৰৰ কৰ্মচাৰীসকল আৰু এনচিচি কেডাৰসকলক সাৱধানতাৰ দিশেৰে বন্দৰতেই এতিয়া আন ১৪ দিনৰ বাবে কোৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

 

___________________________________________________________________

SW/VM/MS/RD


(ৰিলিজ আই ডি : 1611552) অতিথি কক্ষ : 100