ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
ক’ভিড ১৯ৰ বিৰুদ্ধে এমএছএমই প্ৰযুক্তি কেন্দ্ৰৰ ব্যাপক অৱদান
प्रविष्टि तिथि:
05 APR 2020 2:15PM by PIB Guwahati
সমগ্ৰ দেশেই এতিয়া বিভিন্ন পৰ্যায়ত ন’ভেল ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। তাৰ সমান্তৰালকৈ ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় চমুকৈ এমএছএমই মন্ত্ৰালয়ৰ অধীনৰ ওঠৰটা সক্ৰিয় প্ৰযুক্তি কেন্দ্ৰ, স্বায়ত্ব শাসিত নিকায়ে।
চেন্নাইৰ চেণ্ট্ৰেল ফুটৱেৰ ট্ৰেইনিং ইনষ্টিটিউট চমুকৈ CFTI এ মাস্ক আৰু মেডিকেল গাউনবোৰ ছীল কৰিবৰ বাবে হট ছীলিং মেচিন ক্ৰয় কৰাৰ লগতে স্থাপনা কৰিছে। এই মেচিনটোত সংশ্লিষ্ট কাৰ্য সম্পাদন কৰাৰ পিছত চেন্নাইৰ শ্ৰী হেল্থ কেয়াৰ সম্প্ৰতি স্বাস্থ্য মন্ত্ৰালয়ৰ অনুমোদিত যোগানকাৰী হিচাপে পৰিগণিত হৈছে। CFTI চেন্নাইয়ে উদ্যোগটোৰ পৰা এনে আৰু দুটা মেচিন ক্ৰয় কৰিব যাতে বিগত ৪ এপ্ৰিল, ২০২০ তাৰিখৰ পৰা আৰম্ভ কৰা এই উৎপাদনৰ কাম তৰিৎ গতিৰে কৰিব পৰা যায়।
হায়দৰাবাদৰ MSME প্ৰযুক্তি কেন্দ্ৰই ইতিমধ্যেই ভেণ্টিলেটৰৰ এটা প্ৰ’ট’টাইপ নিৰ্মাণ কৰি আছে। এইটো হৈছে ছেন্সৰ সংযোজিত ইলেক্ট্ৰ’ মেকানিকেল ভেণ্টিলেটৰ। প্ৰথমটো প্ৰ’ট’টাইপ অতি শীঘ্ৰেই সাজু হৈ উঠিব। ইফালে ঔৰংগাবাদৰ এছএমই প্ৰযুক্তি কেন্দ্ৰই ফে’চমাস্কৰ বাবে থ্ৰীডি প্ৰ’ট’টাইপ প্ৰস্তুত কৰি আছে। অৱশ্যে ইয়াৰ স্থাপনৰ বাবে তথা মানদণ্ড পৰীক্ষণৰ বাবে স্থানীয় চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰা হৈছে।
উল্লেখ্য যে কলকাতাৰ চেণ্ট্ৰেল টুল ৰূম আৰু ট্ৰেইনিং চেণ্টাৰে সাগৰ দত্ত ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ সৈতে আলোচনা কৰি এক অতি সৰল আৰু কম মূল্যৰ ভেণ্টিলেটৰ ছিষ্টেম সাজু কৰি আছে, ইফালে হাস্পতালখনে এই ভেণ্টিলেটৰ ছিষ্টেমটো পৰীক্ষা কৰিবলৈও সন্মত হৈছে আৰু লগতে পৰীক্ষাৰ সময়তো সহায় কৰিবলৈ সন্মত হৈছে। কিছু বায়ুচালিত উপাদানো অনলাইনযোগে অৰ্ডাৰ দিয়া হৈছে আৰু প্ৰ’ট’টাইপটোৰ চূড়ান্ত এছেম্বলিৰ বাবে অপেক্ষা কৰি থকা হৈছে। প্ৰতিষ্ঠানটোৱে লগতে ফে’চশ্বিল্ড প্ৰ’ট’টাইপো গঢ় দিছে। ই প্ৰতিমাহত ২০০০০ টা উৎপাদন কৰিব, যাৰ মূল্য হ’ব প্ৰতিটো গোটত ১৫ টকাৰ পৰা ২০ টকা।
কনৌজৰ MSME প্ৰযুক্তি কেন্দ্ৰই এলক’হলযুক্ত ছেনিটাইজাৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰিছে আৰু উৎপাদিত সামগ্ৰীসমূহ ফাৰুখাবাদৰ ডিএমলৈ প্ৰেৰণ কৰা হৈছে। এই সামগ্ৰীখিনি ৰে’লৱে আৰু অন্যান্য প্ৰতিষ্ঠানলৈও যোগান ধৰা হৈছে।
ইনষ্টিটিউট ফৰ ডিজাইন অৱ ইলেক্ট্ৰিকেল মিজাৰিং ইনষ্ট্ৰুমেণ্টছ চমুকৈ IDEMI এ আয়’ন বা তৰিৎ পৰমাণুভিত্তিক ছেনিটাইজাৰ প্ৰস্তুত কৰি আছে। এইটোও BARC ৰ গৱেষণা পত্ৰৰ ভিত্তিতে সাজু কৰা হৈছে। যদিহে এইটো সফল হৈ পৰে, তেন্তে ইয়াক বিভিন্ন ধৰণৰ কামৰ বাবে ব্যৱহাৰ কৰা হ’ব।
উল্লেখ্য যে হায়দৰাবাদ, ভূৱনেশ্বৰ আৰু জামছেদপুৰৰ MSME প্ৰযুক্তি কেন্দ্ৰই ৬৫০ টা ক’ৰোনা টেষ্টিং কিটৰ বাবে উপাদান প্ৰস্তুত কৰিব। প্ৰতিটো কিটতে থাকিব ২০ টাকৈ হাৰ্ডৱেৰ উপাদান। ইয়াৰ বাবে প্ৰয়োজনীয় পাৰ্টছৰ প্ৰথমটো ছেট অতি সোনকালে ভুৱনেশ্বৰত সাজু হৈ উঠিব। ইয়ালৈ এবাৰ সেউজ সংকেত পোৱাৰ পিছতেই বিভিন্ন প্ৰযুক্তি কেন্দ্ৰত ইয়াৰ উৎপাদনৰ কাম আৰম্ভ কৰা হ’ব।
AMTZ ক ভেণ্টিলেটৰৰ বাবে ১০০০০ উপাদানৰ প্ৰয়োজন। প্ৰেছ টুল প্ৰস্তুত কৰিবৰ বাবে ড্ৰ’য়িং বিলি কৰা হৈছে। ভূৱনেশ্বৰৰ প্ৰযুক্তি কেন্দ্ৰৰ মহাপ্ৰবন্ধকে বিভিন্ন প্ৰযুক্তি কেন্দ্ৰ ক্ৰমে চিটিআৰ – লুধিয়ানা, আইডেমী, ইণ্ডো-জাৰ্মান টুল ৰূম – ঔৰঙ্গাবাদ, কলকাতা আৰু জামছেদপুৰৰ আইডিটিআৰলৈ এইসমূহ সঁজুলি আৰু উপাদান প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছে।
উল্লেখ্য যে ৰামনগৰৰ ESTC য়ে এক আইভি ষ্টেণ্ড সাজি উলিয়াইছে। ক’ভিড-১৯ সংক্ৰান্তীয় সামগ্ৰীৰ বাবে GeM ত পঞ্জীভুক্ত হ’বলৈ উদ্বুদ্ধ কৰিছে ৭০ টাকৈ MFRS ক। ESTC হোষ্টেলক ৮০ জন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ আশ্ৰয়গৃহ হিচাপে পৰিবৰ্তন কৰা হৈছে। ভিৱাড়িৰ MSME প্ৰযুক্তি কেন্দ্ৰ আৰু জামছেদপুৰৰ প্ৰযুক্তি কেন্দ্ৰক ইয়াৰ খালী হৈ থকা কোঠাবোৰ আছুতীয়া কক্ষ হিচাপে গঢ়ি তোলাৰ বাবে নিৰ্দেশ দিয়া হৈছে।
আগ্ৰাৰ সংসাধন আৰু সামগ্ৰী উন্নয়ন কেন্দ্ৰ চমুকৈ PPDC আৰু ইন্দোৰৰ IGTR এ চিকিৎসালয়ৰ ফাৰ্ণিচাৰৰ বাবে যুটীয়াভাৱে পৰিকল্পনা হাতত লৈছে। সবিশেষ ডিজাইনৰ প্ৰস্তুতি ইতিমধ্যেই চলি আছে। মীৰাটৰ PPDC এ ফে’চমাস্কবোৰ ফেব্ৰিকেট কৰিছে আৰু বিনামূলীয়াকৈ বিতৰণ কৰি আছে। আগ্ৰাৰ CFTI এ আগ্ৰাৰেই মেছাৰ্ছ ৰামছন্সৰ বাবে মেডিকেল গাউনবোৰ ফেব্ৰিকেট কৰিছে। ই লগতে তিনি তৰপীয়া ফে’চমাস্কবোৰো ফেব্ৰিকেট কৰিব।
******
RCJ/SKP/IA/RD
(रिलीज़ आईडी: 1611508)
आगंतुक पटल : 349
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam