PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 05 APR 2020 7:09PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত আপডেট

এই পৰ্যন্ত ৩৩৭৪ টা ক’ভিড-১৯ৰ নিশ্চিত পৰিঘটনা আৰু ৭৯টা মৃত্যুৰ ঘটনা প্ৰতিবেদিত হৈছে৷ ২৬৭জন ব্যক্তি সুস্থ হোৱাৰ পিছত মুকলি কৰি দিয়া হৈছে৷ দেশৰ ২৭৪খন জিলা ক’ভিড-১৯ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷ কেবিনেট সচিবে সকলো ডিএমক ফাৰ্মা উদ্যোগসমূহত ঔষধ আৰু চিকিৎসাগত সঁজুলিৰ নিৰ্মাণ অব্যাহত নিশ্চিত ৰাখিবলৈ নিৰ্দেশ দিছে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611416

প্ৰধানমন্ত্ৰী আৰু আমেৰিকান যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ

দুয়োখন দেশৰ মাজৰ বিশেষ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই বিশ্বজনীন সংকটৰ পৰা মুক্তি পাবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সহযোগিতা স্থাপন কৰিব বুলি উল্লেখ কৰে৷ ক’ভিড-১৯ৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে যুদ্ধ কৰিবলৈ প্ৰধানমন্ত্ৰী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সহমত পোষণ কৰে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611264

প্ৰধানমন্ত্ৰী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ মেছিয়াছ বলছোনাৰোৰ সৈতে সমগ্ৰ বিশ্বতে দেখা দিয়া ক’ভিড-১৯ মহামাৰী সন্দৰ্ভত আলোচনা কৰে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611265

প্ৰধানমন্ত্ৰী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্পেইন চৰকাৰৰ অধ্যক্ষ (প্ৰধানমন্ত্ৰী মোদীৰ সমপৰ্যায়) পেড্ৰ ছানছেজ পেৰেজ-কাষ্টেজনৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয। দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা বিশ্বজোৰা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰে।

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611263

লাইফলাইন উড়ান বিমানে সমগ্ৰ দেশতে ১৬১ টন সামগ্ৰী পৰিবাহিত কৰিছে

লাইফলাইন উড়ানৰ অধীনত ১১৬খন বিমান পৰিচালিত হৈছে আৰু আজিৰ তাৰিখ পৰ্যন্ত প্ৰায় ১৬১ টন সামগ্ৰী পৰিবাহিত হৈছে৷ তাৰোপৰি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু এয়াৰ ইণ্ডিয়াই চীনৰ সৈতে যোগাযোগ স্থাপন কৰি জৰুৰীকালীন চিকিৎসা সামগ্ৰী পৰিবহণৰ দিশতো অগ্ৰসৰ হৈছে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611428

ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে প্ৰধানমন্ত্ৰী-কেয়াৰ্ছ পুঁজিলৈ ৪৩০ কোটি টকা আগবঢ়ালে বিত্ত মন্ত্ৰালয়, বিত্তীয় প্ৰতিষ্ঠান আৰু ৰাজহুৱা খণ্ডৰ বেংক/প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীয়ে

দৰমহাৰ ২২৮.৮৪ কোটি টকা আৰু চিএছআৰ তথা অন্য উৎসৰ পৰা ২০১.৭৯ কোটি টকা বৰঙণি হিচাপে আগবঢ়োৱা হৈছে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611400

লাইট আউটৰ সময়ক পাৱাৰ গ্ৰীডৰ কাৰ্যসূচীৰ বিষয়ে কিছুমান সঘনাই সোধা প্ৰশ্ন

অধিক জানিবলৈ পৰিদৰ্শন কৰকঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1611447

মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ অধীনৰ প্ৰতিষ্ঠান/স্বায়ত্বশাসিত অনুষ্ঠান/বিভাগসমূহে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ পিএম কেয়াৰ্ছ পুঁজিলৈ ৩৮.৯১ কোটি টকাতকৈও অধিক ধন বৰঙণি হিচাপে আগবঢ়াইছে

মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ অধীনৰ ২৮টা ভিন্ন প্ৰতিষ্ঠান/স্বায়ত্বশাসিত অনুষ্ঠান/বিভাগসমূহে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ পিএম কেয়াৰ্ছ পুঁজিলৈ ৩৮.৯১ কোটি টকাতকৈও অধিক ধন বৰঙণি হিচাপে আগবঢ়াইছে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=16113785

নন-মেডিকেল ব্যক্তিসকলৰ বাবে ছাউডাৰ্ণ নেভেল কমাণ্ডে ডিজাইন কৰিলে প্ৰশিক্ষণ কেপছুল

ৰুৰীকালীন পৰিস্থিতিত স্বাস্থ্য কৰ্মী হিচাপে সেৱা আগবঢ়াবলৈ স্বাস্থ্য-খণ্ডৰ বাহিৰৰ পৰা অহা ব্যক্তিসকল অথবাবেটল ফিল্ড নাৰ্ছিং এছিষ্টটেণ্ট- থোৰতে প্ৰশিক্ষণ দিয়াৰ বাবে এলানি প্ৰশিক্ষণ সূচী যুগুতাই উলিয়াইছেছাউদাৰ্ন নেভেল কমাণ্ড- ভিড-১৯ সংক্ৰান্তীয় কাম-কাজৰে জড়িত মূল কৰ্ম-গোটটোৱে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611356

কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ সৈতে এইচআৰডি মন্ত্ৰীৰ বৈঠক

আলোচনাকালত মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়সমূহৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক ‘স্বয়ম’ আৰু ‘স্বয়ম প্ৰভা’-ৰ লগতে অন্যান্য বিদ্যায়তনিক ডিজিটেল মঞ্চসমূহ সণ্ঢালনিকৈ ব্যৱহাৰ কৰাৰ বাবে উৎসাহিত কৰাৰ দিহা কৰিবলৈ উপাচাৰ্যসকলক আহ্বান জনায়। ইফালে ‘অন লাইন’ ব্যৱস্থাৰে পৰীক্ষা অনুষ্ঠিত কৰা অথবা এনে পৰীক্ষাৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰি পৰামৰ্শ আগবঢ়োৱাৰ বাবে ‘ইগনৌ’-ৰ উপচাৰ্য অধ্যাপক নাগেশ্বৰ ৰাওৰ অধ্যক্ষতাত এখন পৰামৰ্শদাতা সমিতি ইতিমধ্যে গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611360

ডাঃ হৰ্ষবৰ্ধনে ঝাঝাৰৰ এইমছ পৰিদৰ্শন কৰি ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ষ্ট’কসমূহৰ প্ৰস্তুতি পুনৰীক্ষণ কৰে

স্বাস্থ্য মন্ত্ৰীয়ে কয় যে ঝাঝৰৰ এইমছে ৩০০ আইচ’লেচন বেড ৱাৰ্ডৰ সৈতে ক’ভিড-১৯ৰ বাবে উৎসৰ্গিত চিকিৎসালয় হিচাপে কাম কৰিব৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611392

অত্যাৱশ্যকীয় সামগ্ৰী আৰু চিকিৎসা সামগ্ৰীসমূহৰ সৈতে উত্তৰ পূৰ্বাঞ্চললৈ নিয়মীয়াকৈ আহি আছে এয়াৰ কাৰ্গ’ৰ বিমানঃ ড জিতেন্দ্ৰ সিং

জিতেন্দ্ৰ সিঙে কয় যে লকডাউন ঘোষণাৰ কৰাৰ ঠিক পিছৰে পৰাই এয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে উত্তৰ পূৰ্বাঞ্চল, জম্মু-কাশ্মীৰ, লাডাখ আৰু দ্বীপৰাজ্যসমূহলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণক অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611384

প্ৰধানমন্ত্ৰী কেয়াৰ্ছ সাহায্য পুঁজিলৈ চিএছঅআইৰ ২৫ লাখ টকাৰ বৰঙণি

অধিক জানিবলৈ চাওক https://pib.gov.in/PressReleseDetail.aspx?PRID=1611198

ক’ভিড-১৯ সম্পৰ্কীয় সমাধানমূলক কাৰ্যসূচীৰ বাবে ব্যক্তিগত খণ্ড, এনজিঅ’ আৰু আন্তৰ্জাতিক সংস্থাসমূহৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ ক্ষমতাসম্পন্ন গোটৰ #৬ বৈঠক

৩০ মাৰ্চৰ পৰা ৩ এপ্ৰিলললৈ ঔদ্যোগিক সংস্থা, আন্তৰ্জাতিক সংস্থা আৰু চিএছঅ’সমূহৰ সৈতে অনুষ্ঠিত ছয়খন বৈঠকত তেওঁলোকৰ প্ৰতিক্ৰিয়া, আগন্তুক সপ্তাহকেইটাত তেওঁলোকৰ পৰিকল্পনা আৰু তেওঁলোকে সন্মুখীন হোৱা সমস্যা তথা চৰকাৰৰ পৰা তেওঁলোকৰ প্ৰত্যাশা কি, এই বিষয়ে আলোচনা কৰা হয়৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611345

ভিড-১৯ক প্ৰতিহত কৰাৰ দিশত অগ্ৰসৰ প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগ, এফবি

ভিড-১৯ক প্ৰতিহত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰজোৰা প্ৰয়াসত হাত উজান দিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত প্ৰতিৰক্ষা খণ্ডৰ ৰাজহুৱা উদ্যোগ (ডিপিএছইউ) আৰু অৰ্ডনেন্স ফেক্টৰী ৰ্ডে (এফবি)

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611301

ভিড-১৯ৰ লকডাউনৰ সময়ত উদ্যোগখণ্ডৰ প্ৰতিনিধিবৰ্গৰ সৈতে দ্বিতীয়খন ভিডিঅকনফাৰেন্সত মিলিত হৈছে খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী

উদ্যোগসমূহৰ সামগ্ৰীৰ যোগান শৃংখলা তথা জিষ্টিক ব্যৱস্থাৰ বাবে পৰ্যাপ্ত খাদ্য আৰু ঔষধ যোগান ধৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সৰু সৰু সমস্যাৱলী সমাধানৰ বাবে এক অভিযোগ কোষ গঠন কৰা হৈছে, যাৰ জৰিয়তে ইতিমধ্যে ৫০% সমাধান দিয়াৰ বিপৰীতে বাকীবোৰ অভিযোগ পৰ্যায়ক্ৰমে নিষ্পত্তি কৰি থকা হৈছে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611346

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ বৃহৎ অৱদান আগবঢ়াইছে এমএছএমই প্ৰযুক্তি কেন্দ্ৰসমূহে

ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয় (এমএছএমই)ৰ অধীনত ওঠৰটা কাৰ্যকৰী প্ৰযুক্তি কেন্দ্ৰই ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611318

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত দেশত বলবৎ কৰালকডাউন সমছোৱাত জনসাধাৰণৰ বাবে পৰ্যাপ্ত পৰিমাণে চেনী, নিমখ আৰু খোৱাতেলৰ যোগান নিশ্চিত কৰিবভাৰতীয় ৰেলৱেয়ে

২৩ মাৰ্চৰ পৰা ৪ এপ্ৰিল ২০২০ তাৰিখলৈ ৰে’লৱেয়ে ১৩৪২ ৱাগন চেনী, ৯৫৮ ৱাগন চেনী আৰু ৩৭৮ ৱাগন খোৱা তেল পৰিবহণ কৰিছে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611368

ইপিএফঅ’য়ে পিএফৰ সদস্যসকলক তেওঁলোকৰ জন্মৰ তথ্য শুদ্ধ কৰিবলৈ জাৰি কৰিছে সংশোধনী নিৰ্দেশনাৱলী

ই পি এফ অ’ই অনলাইনযোগে লাভ কৰা অনুৰোধসমূহৰ প্ৰতি ক্ষীপ্ৰতাৰে সঁহাৰি জনাবলৈ ক্ষেত্ৰ কাৰ্যালয়সমূহলৈ নিৰ্দেশাৱলী জাৰি কৰিছে আৰু সদস্যসকল যাতে ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময়ত আৰ্থিক সমস্যাত নপৰে তাৰ বাবে তেওঁলোকে ঘূৰাই দিব নলগাকৈ ভৱিষ্যতনিধিৰ ধন আগতীয়াকৈ লাভ কৰিবৰ বাবে অনলাইনযোগে অনুৰোধ কৰাৰো সুবিধা কৰিছে।

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611397

পিআইবি ক্ষেত্ৰীয় কাৰ্যালসমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

উত্তৰ পূৰ্বাঞ্চল

১. অৰুণাচল প্ৰদেশৰ পাছিঘাটত ক’ভিড-১৯ৰ বাবে বিশেষ ৫০খন বিচনাযুক্ত চিকিৎসালয় প্ৰস্তুত কৰা হৈছে৷

২. গুৱাহাটীৰ ক’ভিড-১৯ পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ ১০৫টা নমুনা সংগ্ৰহ কৰা হৈছে৷

৩. মণিপুৰত প্ৰধান চিকিৎসালয়সমূহত জৰুৰীকালীন ক’ভিড ব্যৱস্থাৰ বাবে কম প্ৰয়োজনীয় জৰুৰীকালীন ব্যৱস্থাসমূহ বাতিল কৰা হৈছে৷

৪. আজি নিশা ৯ বজাত ৯ মিনিটৰ কাৰ্যসূচীৰ বাবে মেঘালয় বৈদ্যুতিক নিগমে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে৷

৫. মিজোৰামত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ দুৰ্যোগ প্ৰশমন আৰু পুনৰ্বাসন বিভাগে ৪.২৮ কোটি টকা ব্যয় কৰিছে৷

৬. নাগালেণ্ডে সকলো জিলাতে স্থাপন কৰিব ক’ভিড-১৯ চিকিৎসালয়; এই পৰ্যন্ত ক’হিমা, মোককচাং আৰু ডিমাপুৰ স্থাপন হৈছে এই ধৰণৰ চিকিৎসালয়৷

৭. ছিক্কিমত জনসাধাৰণে নিৰ্দেশাৱলী নমনাৰ পৰিপ্ৰেক্ষিতত ৰংপ্ৰো টাউনৰ সাপ্তাহিক বজাৰ কেই ঘণ্টামানৰ বাবে বন্ধ কৰি দিয়া হৈছে৷

৮. ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক আজি নিশা ৯ বজাত দুৱাৰৰ কাষত অথবা বেলকনীত চাকি, টৰ্চ অথবা মম জ্বলাবলৈ নিৰ্দেশ দিছে৷ 

দক্ষিণ মণ্ডল

কেৰেলা

ক’ভিডৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ পাথানামথিট্টা জিলাৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগক কেবিনেট সচিবৰ প্ৰশংসা৷

কেৰেলা-কৰ্ণাটকা সীমাৰ বন্ধৰ পৰিপ্ৰেক্ষিতত কাছাৰগড়ত এজন ৰোগীৰ মৃত্যু৷

কাছাৰগড় চিকিৎসা মহাবিদ্যালয়ত ৰাজ্যই স্থাপন কৰিছে ক’ভিড-১৯ৰ সুবিধা কেন্দ্ৰ৷

তামিলনাডু

২জনৰ মৃত্যু, মুঠ ৫ জনলৈ বৃদ্ধি পালে মৃত্যুৰ সংখ্যা৷

আজিৰে পৰা ৬,০০০ কৰ্মীক চেন্নাইত পৰীক্ষণ কৰা হ’ব৷

কৰ্ণাটক

মুঠ পৰিঘটনাৰ সংখ্যা ১৪৬৷ আজি বেংগালোৰত ২টা পৰিঘটনা নতুনকৈ সংযোজিত হৈছে৷ এই পৰ্যন্ত ৪জনৰ মৃত্যু আৰু ১১জনক মুকলি কৰি দিয়া হৈছে৷

অন্ধ্ৰ প্ৰদেশ

আজি ৩৪টা নতুন পৰিঘটনা সংযোজিত হৈছে, এতিয়ালৈকে মুঠ ২২৬টা ধনাত্মক পৰিঘটনা৷

আজি কুৰ্ণুলত (২৩) সৰ্বাধিক পৰিঘটনা প্ৰতিবেদিত হৈছে৷

 



(Release ID: 1611466) Visitor Counter : 143