শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

প্ৰ’ভিডেন্ট ফাণ্ড অৰগেনাইজেশ্যনৰদ্বাৰা জন্মৰ সঠিক তথ্য বিচাৰি সদস্যসকললৈ সংশোধিত নিৰ্দেশাৱলী জাৰি

Posted On: 05 APR 2020 3:47PM by PIB Guwahati

’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সময়ত এম্প্লয়িজ প্ৰ’ভিডেন্ট ফাণ্ড অৰগেনাইজেশ্যনে অনলাইন সেৱা বিস্তৃত কৰি ইয়াৰ ক্ষেত্ৰ কাৰ্যালয়সমূহলৈ সদস্যসকলৰ জন্মৰ সঠিক তথ্য বিচাৰি সংশোধিত নিৰ্দেশাৱলী জাৰি কৰিছে, যাৰ ফলত ই পি এফ অ’ৰ ওচৰত কে’ ৱাই চি জমা দিয়াৰ লগতে সদস্যসকলৰ সাৰ্বজনীন খাটা নম্বৰো সুৰক্ষিত থাকিব।  

নথিৰ পুনঃপৰীক্ষণৰ সময়ত যদি দুটা জন্মৰ তাৰিখ পোৱা যায় আৰু দুয়োটাৰ ব্যৱধান ৩ বছৰতকৈ কম হয়, তেন্তে আধাৰ কাৰ্ডত থকা জন্মৰ তাৰিখটো গ্ৰহণযোগ্য হ’ব। সদস্যসকলে অনলাইনযোগে জন্মৰ তাৰিখ শুদ্ধ কৰিবলৈ আবেদন কৰিব পাৰে।

আধাৰ কাৰ্ডৰ লগত মিলাই ই পি এফ অ’ই অনলাইনযোগে লগে লগে সদস্যৰ জন্মৰ তাৰিখ শুদ্ধ কৰিবলৈ সক্ষম হ’ব। এই প্ৰক্ৰিয়া অতি নিৰ্ভৰযোগ্য আৰু কম সময়তে সম্পাদিত হ’ব।  

ই পি এফ অ’ই অনলাইনযোগে লাভ কৰা অনুৰোধসমূহৰ প্ৰতি ক্ষীপ্ৰতাৰে সঁহাৰি জনাবলৈ ক্ষেত্ৰ কাৰ্যালয়সমূহলৈ নিৰ্দেশাৱলী জাৰি কৰিছে আৰু সদস্যসকল যাতে ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময়ত আৰ্থিক সমস্যাত নপৰে তাৰ বাবে তেওঁলোকে ঘূৰাই দিব নলগাকৈ ভৱিষ্যতনিধিৰ ধন আগতীয়াকৈ লাভ কৰিবৰ বাবে অনলাইনযোগে অনুৰোধ কৰাৰো সুবিধা কৰিছে। 

 

*****

RCJ/SKP/IA/PRK


(Release ID: 1611397) Visitor Counter : 184