ৰাষ্ট্ৰপতি সচিবালয়
ক’ভিড-১৯ মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ লেফটেনেণ্ট গৱৰ্ণৰ তথা প্ৰশাসকসকলৰ সৈতে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ বৈঠক
Posted On:
03 APR 2020 4:55PM by PIB Guwahati
ক’ভিড-১৯ মহামাৰী মোকাবিলা কৰাৰ ক্ষেত্ৰত দেশবাসীয়ে যি সাহস, শৃংখলাবোধ আৰু ঐক্যবদ্ধ প্ৰচেষ্টা অব্যাহত ৰাখিছে, সেয়া দৃষ্টান্তমূলকক বুলি সদৰি কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে দিল্লীৰ আনন্দবিহাৰত প্ৰব্ৰজিত শ্ৰমিকৰ সমাগম আৰু নিজামুদ্দিনত তবলিগী জামাতৰ সমাগমৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে৷ ইয়াৰ ফলত এই মহামাৰী মোকাবিলা কৰাত সমস্যাই দেখা দিয়া বুলিও তেওঁ কয়৷
ৰাষ্ট্ৰপতিয়ে আজি উপ-ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গৱৰ্ণৰ তথা প্ৰশাসকসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ বৈঠকত ক’ভিড-১৯ মহামাৰীৰ মোকাবিলা কৰাত কেন্দ্ৰ আৰু ৰাজ্যসমূহে গ্ৰহণ কৰা ব্যৱস্থাসমূহক লৈ আলোচনা কৰা হয়। ৰাষ্ট্ৰপতিয়ে কয়ে যে দেশজোৰা লকডাউনৰ সময়ত যাতে কোনো লোক ভোকাতুৰে নাথাকে, সেয়া নিশ্চিত কৰিব লাগিব৷
যোৱা ২৭ মার্চৰ পাছত পুনৰ আজি অনুষ্ঠিত বৈঠকত ২১খন ৰাজ্যৰ ৰাজ্যপাল আৰু লেফটেনেণ্ট গৱৰ্ণৰে ক’ভিড-১৯ মহামৰী মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ কথা অৱগত কৰে৷ ২৭ মার্চত ১৫খন ৰাজ্যৰ ৰাজ্যপাল আৰু লেফটেনেণ্ট গৱৰ্ণৰে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ ওচৰত নিজৰ নিজৰ অঞ্চলত গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ কথা জনাইছিল৷ বৈঠকত ৰাষ্ট্ৰপতিয়ে কয় যে অদৃশ্য শত্রুৰ বিৰুদ্ধে এই যুঁজক কেতিয়াও সহজভাৱে ল’লে নহ’ব৷ ৰাষ্ট্ৰপতিয়ে দেশৰ কেতবোৰ স্থানত চিকিৎসক, স্বাস্থ্যকর্মী আৰু আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত সহমর্মিতা প্ৰকাশ কৰাৰ বাবে অহা দেওবাৰে নিশা ৯ বজাত ঘৰৰ লাইট নুমুৱাই ম’বাইলৰ ফ্লাছ লাইট, টর্চ বা চাকি জ্বলোৱাৰ বাবে প্ৰধানমন্ত্রীয়ে জনোৱা আহ্বানৰ প্ৰতি সমর্থন জনায় ৰাষ্ট্ৰপতিগৰাকীয়ে৷ তেওঁ এইক্ষেত্ৰত সামাজিক দুৰত্ব বজাই ৰখাৰ ওপৰতো জোৰ দিয়ে৷
এই উপলক্ষে আদৰণী ভাষণত ৰাষ্ট্ৰপতিয়ে কয় যে ২৭ মার্চৰ বৈঠকত বিভিন্ন ৰাজ্যৰ কেতবোৰ গুৰুত্বপূর্ণ পৰামর্শ যথেষ্ট ফলপ্ৰসূ হৈছে৷ অৱসৰপ্রাপ্ত চিকিৎসক, অধ্যয়নৰত চিকিৎসকক ক’ভিড-১৯ মোকাবিলা কৰাত জড়িত কৰা আৰু মনস্তত্ববিদৰ পৰামর্শ, উদীয়মান স্বেচ্ছাসেৱকসকলক জড়িত কৰাৰ বিষয়ত সেই বৈঠকত আলোচনা হৈছিল৷ তদুপৰি, ভোকাতুৰ লোকসকলক সাহায্য কৰাৰ বাবে বিভিন্ন পৰামর্শ, ঘৰে ঘৰে খাদ্যৰ যোগান, ষ্টেডিয়ামসমূহত কোৱাৰেণ্টাইনৰ ব্যবস্থা কৰা ইত্যাদি দিশবোৰেৰ সন্দৰ্ভতো আলোচনা কৰা হৈছিল৷
এই সংকটকালত গৃহহীন, কর্মহীন আৰু সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্রেণীৰ লোকসকলৰ দূর্দশাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিয়ে কয়, এওঁলোকৰ অভাৱ পূৰণত আমি অধিক সচেতন হ’ব লাগিব৷ কোনেও যেন ভোকত নাথাকে, সেয়া নিশ্চিত কৰিব লাগিব৷ খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰাৰ লগতে তেওঁলোকে যাতে সামাজিক দুৰত্ব বজাই ৰাখে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷
পূৰ্বৰ বৈঠকত ৰেডকৰ্চকে ধৰি অন্যান্য স্বেচ্ছাসেৱী সংস্থাসমূহে চৰকাৰক কিদৰে সহায় কৰিব পাৰে সেই বিষয়েও আলোচনা হৈছিল। ৰাষ্ট্ৰপতিয়ে বেচৰকাৰী সংস্থাকে ধৰি স্বেচ্ছাসেৱী সংগঠনসমূহক পৰিস্থিতিৰ মোকাবিলা কৰাত কিমান ব্যৱহাৰ কৰিব পৰা যায়, সেই সন্দৰ্ভত সকলোৰে পৰামর্শ বিচাৰে৷ এই মহামাৰী মোকাবিলা কৰাৰ ক্ষেত্ৰত কেইটামান ঘটনাক বাদ দি এতিয়ালৈকে সকলো প্ৰচেষ্টা সঠিক দিশত আগুৱাইছে বুলি ৰাষ্ট্ৰপতিয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷ তেওঁ নাগৰিকসকলৰ ধৈর্য্য আৰু সহযোগিতাৰ বাবে ধন্যবাদ জনায়৷ প্রাণৰ আশংকা লৈ যিসকল চিকিৎসক, বিষয়া-কর্মীয়ে সমাজৰ বাবে কাম কৰিছে, তেওঁলোককো ৰাষ্ট্ৰপতিয়ে ধন্যবাদ জনায়৷ তেওঁ দৃঢ়তাৰে বিশ্বাস কৰে যে এই মহামাৰীৰ মোকাবিলা কৰাৰ প্ৰতি জনসাধাৰণ সদায়েই সংকল্পবদ্ধ হৈ থাকিব৷
উপ-ৰাষ্ট্ৰপতিয়ে এই বৈঠকত ৰেডকৰ্চৰ দৰে সামাজিক স্বেচ্ছাসেৱী সংগঠনসমূহে দৰিদ্ৰ লোকসকলৰ দুখ মোচনৰ প্ৰতি আগুৱাই অহাৰ ওপৰত জোৰ দিয়ে৷ তেওঁ লকডাউনৰ সময়ত কৃষিকাৰ্যত যাতে কোনো সমস্যা নহয়, সেয়া নিশ্চিত কৰিবলৈ কয়৷ তেওঁ কয় যে মানুহৰ দুখ-দূর্দশা লাঘৱ কৰিবলৈ যদিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে যথেষ্ট প্ৰচেষ্টা লৈছে যদিও এই সংকটকালত দৰিদ্ৰ লোকসকলক সহায়ৰ বাবে সকলো আগুৱাই আহিব লাগিব৷
উত্তৰপ্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলে কয় যে ৰোগীসকলৰ চিকিৎসাত যুদ্ধকালীন তৎপৰতাৰে বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়সমূহে একেলগে কাম কৰিছে। ছাত্ৰ-ছাত্রীসকলে চলিত শিক্ষাবর্ষত অনলাইনৰ মাধ্যমেৰে তেওঁলোকৰ পঢ়াশুনা আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে কৃষকৰ সমস্যা মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে তৎপৰতাৰে কাম কৰিছে৷
আলোচনাৰ সময়ত উপ-ৰাষ্ট্ৰপতি, ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ আৰু প্ৰশাসকসকলক উদ্দেশ্যি তেওঁ লগতে কয় যে কৃষিৰ বতৰত কৃষকসকলক সহায় কৰাৰ বাবে চৰকাৰী প্ৰচেষ্টাসমূহ যাতে যথাযথভাবে প্ৰচাৰ কৰা হয়। তেওঁ অন্ধ্ৰপ্ৰদেশৰ কৃষক আৰু ভূমিহীন শ্ৰমিকসকলে যাতে সাহায্য লাভ কৰে, সেয়া নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দ্ৰনক অনুৰোধ জনায়৷
জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ গিৰীশচন্দ্ৰ মূর্মুয়ে কয় যে এই মহামাৰী ৰোধত কেন্দ্ৰশাসিত অঞ্চলটোৱে কঠোৰ নিৰীক্ষণ বজাই ৰাখিছে। প্ৰব্ৰজিত শ্ৰমিক, ছাত্ৰ-ছাত্রীসকলে যাতে কোনো সমস্যাত নপৰে, সেই দিশতো প্ৰশাসনে দৃষ্টি ৰাখিছে। মূর্মুয়ে লগতে কয়, “দুৰ্গম অঞ্চলতো আমি খাদ্য যোগান নিশ্চিত কৰিছো৷”
লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ ৰাধাকৃষ্ণ মাথুৰে ইৰানৰ পৰা কেইজন সংক্ৰমিত তীর্থযাত্রী ঘুৰি অহাৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে৷ তেওঁ কয় যে দুৰ্গম অঞ্চলত চিকিৎসাৰ কাম কৰাটো সমস্যাৰ সৃষ্টি হৈছে, সেয়েহে স্বেচ্ছাসেৱী, ধর্মীয় আৰু সামাজিক সংগঠনসমূহে জনসাধাৰণৰ কাষত থিয় দিছে৷
আন্দামান আৰু নিকোবৰৰ লেফটেনেণ্ট গৱৰ্ণৰ অৱসৰপ্রাপ্ত এডমাইৰেল ডি. কে. যোশীয়ে কয় যে তবলিগী জামাতৰ সৈতে জড়িত ১০ জনৰ দেহত কোভিদ-১৯ সংক্ৰমণৰ খবৰ পোৱা গৈছে৷ তেওঁলোকক চিনাক্ত কৰি কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছে৷ ছত্তীশগড়ৰ ৰাজ্যপাল অনুসুয়া উইকিয়ে কয় যে এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে, সুসংহত কৌশল হাতত লৈছে৷ উত্তৰাখণ্ডৰ ৰাজ্যপাল দেৱীৰানী মৌর্যই কয় যে পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁৰ ৰাজ্যখনে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে৷
বৈঠকত গোৱাৰ ৰাজ্যপাল সত্যপাল মালিক, ওডিশাৰ ৰাজ্যপাল অধ্যাপক গনেশী লাল, পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ ড০ কিৰণ বেদী, ঝাড়খণ্ডৰ ৰাজ্যপাল দ্ৰৌপদী মূর্মু, অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মিজোৰামৰ ৰাজ্যপাল পি. এছ. শ্রীধৰণ পিল্লাই, মনিপুৰৰ ৰাজ্যপাল ড০ নাজমা হেপতুল্লা, মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰায়, অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল অৱসৰপ্রাপ্ত ব্রিগেডিয়াৰ ড০ বি. ডি. মিশ্ৰ, ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদ, ত্রিপুৰাৰ ৰাজ্যপাল ৰমেশ বাইছ, নাগালেণ্ডৰ ৰাজ্যপাল আৰ. এন. ৰবি, লাক্ষাদ্বীপৰ প্ৰশাসক দিনেশ্বৰ শর্মা আৰু দাদৰা, নগৰ হাভেলী, দমন আৰু দিউৰ প্ৰশাসক প্ৰফুল পেটেলে নিজা নিজা ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ বিষয়ে বিস্তৃতভাৱে জনায়৷ তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত, মহাৰাষ্ট্রৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰী, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজলে ২৭ মার্চৰ বৈঠকৰ পাছত তেওঁৰ ৰাজ্যত গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৱলী সন্দৰ্ভত ৰাষ্ট্ৰপতিক অৱগত কৰে৷
বৈঠকৰ শেষত ৰাষ্ট্ৰপতিয়ে বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গৱৰ্ণৰ তথা প্ৰশাসকসকলক জনগনৰ কল্যাণৰ অৰ্থে তেওঁলোকক সদায় সতর্ক হৈ থাকিবলৈ অনুৰোধ জনায়৷ প্ৰয়োজন অনুসৰি তেওঁৰ লগতে উপ-ৰাষ্ট্ৰপতিৰ সৈতে সকলো ৰাজ্যপাল লেফটেনেণ্ট গৱৰ্ণৰ তথা প্ৰশাসকসকলক যোগাযোগ কৰিবলৈ ৰাষ্ট্ৰপতি কোৱিন্দে পুনৰ আহ্বান জনায়৷
****
VRRK/KP/DB
(Release ID: 1610967)
Visitor Counter : 174
Read this release in:
English
,
Kannada
,
Urdu
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam