গৃহ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি প্ৰত্যেক ৰাজ্যৰ ৰাজ্যিক দুৰ্যোগ ক্ষতিশংকা ব্যৱস্থাপনা পুঁজিলৈ ১১,০৯২ কোটি টকা প্ৰদানত অনুমোদন জনালে গৃহ মন্ত্ৰালয়ে

Posted On: 03 APR 2020 7:10PM by PIB Guwahati

মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্যিক দুৰ্যোগ ক্ষতিশংকা ব্যৱস্থাপনা পুঁজিলৈ (এছডিআৰএমএফ) ১১,০৯২ কোটি টকা মুকলি কৰি দিয়াৰ বাবে অনুমোদন জনাইছে৷

কেন্দ্ৰ চৰকাৰে ২০২০-২১ বৰ্ষৰ বাবে এই পুঁজিৰ প্ৰথমটো কিস্তি হিচাপে ১১,০৯২ কোটি টকা মুকলি কৰি দিছে৷

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন ক্ষেত্ৰত অতিৰিক্ত পুঁজিৰ আৱশ্যক হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰ চৰকাৰে ১৪.০৩.২০২০ তাৰিখে ইতিমধ্যেই ৰাজ্যসমূহক ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি (এছডিআৰএফ)ৰ পৰা ধন ব্যৱহাৰ কৰিবলৈ অনুমতি দিছিল৷

লক্-ডাউনৰ বাবে আৱদ্ধ হৈ ৰোৱা প্ৰব্ৰজিত শ্ৰমিকসকলকে ধৰি গৃহহীন লোকৰ আশ্ৰয় আৰু খাদ্যৰ বাবে কেন্দ্ৰ চৰকাৰে ২৮.০৩.২০২০ তাৰিখে ৰাজ্য চৰকাৰসমূহক এই উদ্দেশ্যেও এছডিআৰএফৰ ধন ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে৷

*****

VG/SNC/VM/MANN



(Release ID: 1610836) Visitor Counter : 197