প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়াবিদৰ সৈতে মতবিনিময় কৰে

প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ৰ মোকাবিলা কৰিবলৈ ‘সংকল্প,সংযম, সকৰাত্মকতা, সন্মান, সহযোগ’ৰ মন্ত্ৰ আগবঢ়ায়


ক্ৰীড়াবিদসকলে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে, এতিয়া তেওঁলোকৰ দায়িত্ব হ’ল দেশবাসীৰ মনোবল বৃদ্ধি আৰু সকৰাত্মকতা বিয়পোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাঃপ্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰীৰ নেতৃত্বক প্ৰশংসা কৰি ক্ৰীড়াবিদসকলে ইতিবাচকতা আৰু সামাজিক দূৰত্বৰ বাৰ্তা বিয়পোৱাৰ প্ৰতিশ্ৰুতি দিয়ে

Posted On: 03 APR 2020 12:54PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে দেশৰ প্ৰখ্যাত ক্ৰীড়াবিদসকলৰ সৈতে মতবিনিময় কৰে৷

প্ৰধনমন্ত্ৰীয়ে কয় যে কভিড-১৯ সমগ্ৰ মানৱ জাতিৰ বাবে এক প্ৰত্যাহ্বান আৰু ইয়াৰ ভয়াবহতা ইমানেই বিস্তাৰিত হৈ পৰে যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে অলিম্পিক পিছুৱাই দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হল৷ এই মহামাৰীয়ে সৃষ্টি কৰা ভয়াবহতাৰ বাবে উইম্বলডনৰ দৰে ইতিহাসপ্ৰসিদ্ধ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ইভেণ্ট আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দৰে জনপ্ৰিয় ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা আয়োজনত বিঘিনি ঘটিছে৷

নিজৰ নিজৰ ক্ৰীড়াক্ষেত্ৰত চমকপ্ৰদ প্ৰদৰ্শনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা ক্ৰীড়াবিদসকলক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া তেওঁলোকে দেশবাসীৰ মাজত ইতিবাচকতা আৰু সামাজিক দূৰত্বৰ বাৰ্তা বিয়পোৱাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে৷ লকডাউনৰ সময়ছোৱাত চৰকাৰৰ সকলো নিৰ্দেশ পালন কৰিবলৈ দেশৰ জনসাধাৰণক আহ্বান জনোৱাৰ ক্ষেত্ৰত তেওঁলোকে সজাগতা সৃষ্টি কৰিব পাৰে৷ তেওঁ আলোকপাত কৰে যে খেলৰ অনুশীলনৰ সময়ত শিকোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ সক্ষমতা, আত্ম-অনুশাসন, ইতিবাচকতা আৰু আত্মবিশ্বাসআদি গুণসমূহ হল কৰোনা ভাইৰাছ প্ৰতিৰোধৰ অন্যতম আৱশ্যকীয় উপকৰণ৷

প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়াবিদসকলক আহ্বান জনায় যে জনসাধাৰণৰ মাজত বাৰ্তা বিলোৱাৰ সময়ত তেওঁলোকে নিম্নোক্ত পাঁচটা দিশত মন দিয়া উচিত৷ সেয়া হমহামাৰীৰ যুঁজ দিবলৈ সংকল্প’, সামাজিক দূৰত্ব পালন কৰিবলৈ সংযম’, ইতিবাচক দৃষ্টিভংগী অটুট ৰাখিবলৈ সকৰাত্মকতা’, এই যুঁজত সন্মুখৰ পৰা যুঁজ দি থকা যোদ্ধাসকলৰ প্ৰতি সন্মানআৰু প্ৰধানমন্ত্ৰী-কেয়াৰছ ফাণ্ডলৈ বৰঙণিৰে ব্যক্তিগত পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সহযোগ৷ আয়ুস মন্ত্ৰালয়ে প্ৰকাশ কৰা নীতি-নিৰ্দেশনাসমূহ জনপ্ৰিয় কৰিবলৈ ক্ৰীড়াবিদসকলক আহ্বান জনাই প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে  ক্ৰীড়াবিদসকলে শাৰিৰীক-মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰা উচিত৷

এই প্ৰত্যাহ্বানজনক সময়ত প্ৰধানমন্ত্ৰীৰ নেতৃত্বক ক্ৰীড়াবিদসকলে প্ৰশংসা কৰে৷ কৰোনাৰ বিৰুদ্ধে এই সংগ্ৰামত সন্মুখৰ পৰা নেতৃত্ব দি থকা স্বাস্থ্যকৰ্মী আৰু সুৰক্ষাকৰ্মীসকলক তেওঁলোকৰ নিঃস্বাৰ্থ সেৱাৰ বাবে সন্মান জনোৱাৰ পদক্ষেপ লোৱাৰ বাবে ক্ৰীড়াবিদসকলে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷  তেওঁলোকে মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰিবলৈ অনুশাসন, মানসিক শক্তি, সুষম আহাৰ গ্ৰহণ আৰু ফিটনেছৰ ওপৰত গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে মহামাৰীৰ বিৰুদ্ধে এই যুঁজত জয়ী হোৱাটো অনিবাৰ্য আৰু এই যুঁজত দেশৰ ক্ৰীড়াবিদে এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ আত্মবিশ্বাসী৷

ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰ, বিচিচিআিৰ সভপতি সৌৰভ গাংগুলী, মহিলা হকী দলৰ অধিনায়িকা ৰাণী ৰামপাল, তাৰকা বেডমিণ্টন খেলুৱৈ পিভি সিন্ধু, কাবাদী খেলুৱৈ তথা হিমাচল প্ৰদেশ আৰক্ষীৰ ডিএছপি শ্ৰী অজয় ঠাকুৰ, দৌৰবিদ হিমা দাস, পেৰা-এথলীট শ্বাৰদ কুমাৰ, টেনিছ খেলুৱৈ অংকিতা ৰাইনা, প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং, ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিকে ধৰি দেশৰ মুঠ ৪০গৰাকী প্ৰখ্যাত ক্ৰীড়াবিদে ভিডিঅকনফাৰেন্সত অংশ লয়৷

******

VRRK/KP/MS



(Release ID: 1610665) Visitor Counter : 183