প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে নাগৰিক কৰ্তৃপক্ষৰ সৈতে সহযোগিতাৰে কাম কৰি আছে সশস্ত্ৰ বাহিনীয়ে; বাধ্যতামূলক কাৰ্যপ্ৰণালীৰ পিছত ১,৭৩৭ জন কোৱাৰেণ্টাইন ব্যক্তিৰ ভিতৰত মুকলি কৰি দিয়া হৈছে ৪০৩ জনক

Posted On: 03 APR 2020 11:25AM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ চিকিৎসা আৰু লজিষ্টিক সামগ্ৰী যোগানৰ বাবে অহৰ্নিশে কামত নামি পৰিছে সশস্ত্ৰ বাহিনী৷ সাধাৰণ জনতাক সহায়ৰ বাবে আগবাঢ়ি আহিছে সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱা (এএফএমএছ)

সশস্ত্ৰ বাহিনীয়ে মুম্বাই, জয়ছালমেৰ, যোধপুৰ, হিন্দন, মানেছাৰ আৰু চেন্নাইকে ধৰি ছয়টা স্থানত কোৱাৰেণ্টাইনৰ সুবিধা প্ৰদান কৰি আছে৷ এই কেন্দ্ৰসমূহত ১৭৩৭ গৰাকী ব্যক্তিক ৰখা হৈছে আৰু ইয়াৰে ৪০৩ গৰাকী ব্যক্তিক ইতিমধ্যেই মুকলি কৰি দিয়া হৈছে৷ হিন্দন আৰু মানেছাৰৰ পৰা তিনিটা ধনাত্মক পৰিঘটনাক ছফদৰজং চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে৷ প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰিব পৰাকৈ ১৫টা অতিৰিক্ত সুবিধা মজুত ৰখা হৈছে৷

সমগ্ৰ দেশৰ সশস্ত্ৰ বাহিনীৰ ৫১খন চিকিৎসালয়ত হাই ডিপেনডেন্সী ইউনিট, ইণ্টেনছিভ কেয়াৰ ইউনিটকে ধৰি উৎসৰ্গীকৃত কভিড-১৯ৰ সুবিধা আৱণ্টিত কৰা হৈছে৷ ইয়াৰ কিছুমান সুবিধা কলকাতা, বিশাখাপট্টনম, কোচি, ডুণ্ডীগল, বেংগালুৰু, কানপুৰ, জয়ছালমেৰ, যোৰহাট আৰু গোৰখপুৰত স্থাপন কৰা হৈছে৷

পাঁচটা ভাইৰেল পৰীক্ষণ গৱেষণাগাৰ সশস্ত্ৰ বাহিনী চিকিৎসালয়সমূহত স্থাপন কৰা হৈছে যত কভিড-১৯ৰ পৰীক্ষণ কৰিব পৰা হব৷ এইসমূহ হল আৰ্মি হাস্পতাল (গৱেষণা আৰু পৰামৰ্শ), দিল্লী কাণ্ট; এয়াৰফৰ্চ কমাণ্ড হাস্পতাল, বেংগালোৰ আৰু আৰ্মড ফৰ্চেছ মেডিকেল কলেজ, পুণে; কমাণ্ড হাস্পতাল (চেণ্ট্ৰেল কমাণ্ড), লক্ষ্ণৌ আৰু কমাণ্ড হাস্পতাল (নৰ্দাণ কমাণ্ড), উধামপুৰ৷ অলপতে ছয়খন অতিৰিক্ত চিকিৎসালয়ো এই সুবিধাসমূহেৰে সজ্বিত কৰা হব৷  

ভাৰতীয় বায়ুসেনা বাহিনীৰ ছয়খন বিশেষ বিমানে জনসাধাৰণক উদ্ধাৰ আৰু চিকিৎসা সেৱা প্ৰদানৰ কামত ব্যস্ত হৈ আছে৷ আইএএফৰ বিমান অত্যাৱশ্যকীয় সামগ্ৰী, চিকিৎসা সামগ্ৰী আৰু ঔষধ পৰিবহণৰ বাবে ব্যৱহৃত হৈছে৷ এই পৰ্যন্ত প্ৰায় ৬০ টন সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তলৈ কঢ়িওৱা হৈছে৷ দেশৰ বিভিন্ন স্থানত ২৮খন ফিক্সড উইংছ আৰু ২১খন হেলিকপ্টাৰ প্ৰস্তুত কৰি ৰখা হৈছে৷  

চুবুৰীয়া দেশসমূহৰ সাহায্যৰ বাবে ছয়খন নৌবাহিনীৰ জাহাজ প্ৰস্তুত কৰি ৰখা হৈছে৷ মালদ্বীপ, শ্ৰীলংকা, বাংলাদেশ, নেপাল, ভূটান আৰু আফগানিস্তানৰ বাবে পাঁচটা চিকিৎসা দল প্ৰস্তুত কৰি ৰখা হৈছে৷

*******

ABB/SS/Nampi/KA/DK/Savvy/ADA/Anand/MANN



(Release ID: 1610592) Visitor Counter : 167