ৰেল মন্ত্ৰালয়

ক’ভিড-১৯ ৰ বাবে চলি থকা লকডাউন সত্ত্বেও শক্তি আৰু আন্তঃগাঁথনিৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আৰু গুৰুত্বপূৰ্ণ পণ্যৰ বাবে ৰে’লবিভাগে সম্পূৰ্ণ সক্ৰিয় কৰি ৰাখিছে মালবাহী ৰে’লৰ চলাচল

৩ দিনত ৭১৯৫ দবা খাদ্য সামগ্ৰী, ৬৪৫৬৭ দবা কয়লা, ৩৩১৪ দবা তীখা আৰু ৩৮৩৮ দবা পেট্ৰ’লিয়াম সৰবৰাহ

বিগত তিনিটা দিনত বোজাই কৰা হ’ল ১৪৩৪৫৮ দবা মালবস্তু

Posted On: 02 APR 2020 1:43PM by PIB Guwahati

ক’ভিড-১৯ ৰ বাবে সমগ্ৰ দেশতে চলি থকা লকডাউনৰ সময়ছোৱাত ভাৰতীয় ৰে’লৱেই ইয়াৰ মালবাহী ৰে’লসেৱাৰ মাধ্যমেৰে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলব্ধতা সুনিশ্চিত কৰি ৰাখিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে।

দেশৰ নাগৰিকৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ লগতে দেশৰ শক্তি আৰু আন্তঃগাঁথনি খণ্ডৰ বাবে গুৰুত্বপূৰ্ণ উপাদানবোৰৰ সময়মতে উপলব্ধতা সুনিশ্চিত কৰিবলৈ ক’ভিড-১৯ পৰিপ্ৰেক্ষিতত দেশত চলি থকা লকডাউন সত্ত্বেও ভাৰতীয় ৰে’লৱেই ইয়াৰ মালবাহী ৰে’ল সেৱা সম্পূৰ্ণ সক্ৰিয় কৰি ৰাখিছে। কেৱল সেয়াই নহয়, ৰে’লৱে এই ক্ষেত্ৰত দেশৰ পৰিয়ালসমূহৰ লগতে উদ্যোগ খণ্জৰো প্ৰয়োজনীয়তা পূৰণ কৰাত সফল হৈছে।

উল্লেখ্য যে বিগত ৩ টা দিনত ৰে’লৱেই ৭১৯৫ দবা খাদ্য সামগ্ৰী, ৬৪৫৬৭ দবা কয়লা, ৩৩১৪ দবা তীখা আৰু ৩৮৩৮ দবা পেট্ৰ’লিয়াম সৰবৰাহ কৰিছে। এই তিনিটা দিনত সৰ্বমুঠ ১৪৩৪৫৮ দবা মালবস্তু বোজাই কৰা হৈছে।

বিগত ৩০ মাৰ্চ, ২০২০ তাৰিখে সৰ্বমুঠ ৭২৬ ৰেক বা ৩৭৫২৬ দবা মালবস্তু বোজাই কৰা হৈছিল, ইয়াৰ ভিতৰত ৪৬৬ ৰেক বা ২৫৬১৭ দবা মালবস্তু আছিল অত্যাৱশ্যকীয় সামগ্ৰী (এটা দবাত থাকে ৫৮ ৰ পৰা ৬০ টন সামগ্ৰী)। ইয়াৰ ভিতৰত আছে ৫১ ৰেক বা ২২৫২ দবা খাদ্য সামগ্ৰী, ৬ ৰেক বা ২৫২ দবা চেনি, ৮ দবা নিমখ, ২ ৰেক ৰেক বা ৬৩ দবা ফল-মূল আৰু পাচলি, ৩৭৬ ৰেক বা ২১৬২৮ দবা কয়লা আৰু ৩১ ৰেক বা ১৪১৪ দবা পেট্ৰ’লিয়ামজাত সামগ্ৰী। অন্যান্য অত্যাৱশ্যকীয় তথা গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ভিতৰত আছে ১৯ ৰেক বা ৮৪০ দবা তীখা, ১৮ ৰেক বা ৮০২ দবা সাৰ।

৩১ মাৰ্চ, ২০২০ তাৰিখে সৰ্বমুঠ ১০০৫ ৰেক বা ৫১৭৫৫ দবা সামগ্ৰী পৰিবহন হৈছে, ইয়াৰ ভিতৰত ৫৯৮ ৰেক বা ৩৩২৬৫ দবা কেৱল অত্যাৱশ্যকীয় সামগ্ৰী আছিল। ইয়াৰ ভিতৰত আছে ৫৯ ৰেক বা ২৬০০ দবা খাদ্য সামগ্ৰী, ৰেক বা ২৯৩ দবা চেনী, ৰেক বা ৮৪ দবা নিমখ, ৰেক বা ৮৪ দবা ফল-মূল আৰু পাচলি, ৫০০ ৰেক বা ২৮৮৬১ দবা কয়লা, আৰু ২৮ ৰেক বা ১২৯২ দবা পেট্ৰ’লিয়ামজাত সামগ্ৰী। অন্যান্য অত্যাৱশ্যকীয় তথা গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ভিতৰত আছে ৪০ ৰেক বা ১৭৮৯ দবা তীখা, ৩১ ৰেক বা ১২৮৭ দবা সাৰ।

এপ্ৰিল, ২০২০ তাৰিখে সৰ্বমুঠ ৫৪৫ ৰেক বা ৫৪১৭৭ দবা সামগ্ৰী পৰিবহন হৈছে, ইয়াৰ ভিতৰত ৩২৮ ৰেক বা ১৭৮০৫ দবা কেৱল অত্যাৱশ্যকীয় সামগ্ৰী আছিল। ইয়াৰ ভিতৰত আছে ৫৪ ৰেক বা ২৩৪৩ দবা খাদ্য সামগ্ৰী, ৰেক বা ২১০ দবা চেনী, ১ ৰেক বা ৪২ দবা ফল-মূল আৰু পাচলি, ২৪৪ ৰেক বা ১৪০৭৮ দবা কয়লা, আৰু ৰেক বা ১৩ দবা পেট্ৰ’লিয়ামজাত সামগ্ৰী। অন্যান্য অত্যাৱশ্যকীয় তথা গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ভিতৰত আছে ১৬ ৰেক বা ৬৮৫ দবা তীখা, ১৭ ৰেক বা ৭৬১ দবা সাৰ।

উল্লেখ্য যে ৰে’লৱেই পূৰ্বে সামগ্ৰী বোজাই কৰা আৰু নমোৱাৰ ক্ষেত্ৰত বিভিন্ন টাৰ্মিনেল পইণ্টত সমূখীন হৈ অহা সমস্যাবোৰ কাৰ্যকৰীভাৱে সমাধান কৰা হৈছে। ভাৰতীয় ৰে’লৱেই গৃহ মন্ত্ৰালয়ৰ সহযোগত ৰাজ্য চৰকাৰসমূহৰ সৈতে ধাৰাবাহিকভাৱে সম্পৰ্ক বজাই ৰাখিছে যাতে কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয়।

****

SG/MKV/RD



(Release ID: 1610274) Visitor Counter : 149