প্ৰতিৰক্ষা মন্ত্ৰালয়

‘এক্স-এনচিচি যোগদান’ কাৰ্যসূচীৰ অধীনত ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰীয় কৰ্তব্য পালনৰ বাবে এনচিচিয়ে আগবঢ়ালে ইয়াৰ স্বেচ্ছাসেৱক কেডাৰ

কেডেটসকলৰ অস্থায়ী নিয়োগৰ বাবে জাৰি কৰিলে নিৰ্দেশাৱলী

Posted On: 02 APR 2020 10:09AM by PIB Guwahati

ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে দেশে চলাই থকা সংগ্ৰামত নেশ্যনেল কেডেট ক’ৰ্পছ চমুকৈ এনচিচিয়ে ইয়াৰ ‘এক্সাৰছাইজ এনচিচি যোগদান’ কাৰ্যসূচীৰ অধীনত কেডেটসকলৰ সেৱাৰ পৰিসৰ বৃদ্ধি কৰাৰ যোগেদি অসামৰিক প্ৰশাসনলৈ সহায়ৰ হাত আগবঢ়াইছে। এনচিচিয়ে লগতে দেশৰ বিভিন্ন স্থানত বিভিন্ন বিভাগে এই মহামাৰী প্ৰতিহত কৰিবৰ বাবে চলাই থকা সাহায্য কাৰ্যসূচীক ক্ষীপ্ৰতা প্ৰদান কৰিবৰ বাবে ইয়াৰ কেডেটসকলক অস্থায়ীভাৱে নিযুক্তি দিয়াৰ বাবেও নিৰ্দেশনা জাৰি কৰিছে।

এনচিচি কেডেটসকলে কৰিবলগীয়া বিভিন্ন কাৰ্যাৱলীত সন্নিৱিষ্ট থাকিব হেল্পলাইন বা কল চেণ্টাৰসমূহৰ পৰিচালনা; বিভিন্ন সাহায্য সামগ্ৰী, ঔষধ, খাদ্য, অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ; ৰাজহুৱা সাহায্য, তথ্য ব্যৱস্থাপনা, শাৰী আৰু ট্ৰেফিক ব্যৱস্থাপনা। নিৰ্দেশনা অনুসৰি, এই কেডেটসকলক আইন-শৃংখলা পৰিস্থিতি পৰিচালনা কৰাৰ বাবে নিয়োগ কৰিব নালাগে, অথবা কোনো সক্ৰিয় সেনাবাহিনীৰ কৰ্তব্য প্ৰদান কৰিব নালাগে, তথা কোনো হটস্পটলৈ তেওঁলোকক প্ৰেৰণ কৰিব নালাগে।

 

উল্লেখ্য যে কেৱল ১৮ বছৰৰ উৰ্ধ্বৰ জ্যেষ্ঠ মাণ্ডলিক স্বেচ্ছাসেৱককহে সংশ্লিষ্ট কাৰ্যত নিয়োগ কৰা হ’ব। তেওঁলোক একোগৰাকী স্থায়ী নিৰ্দেশক কৰ্মচাৰী বা/আৰু এগৰাকী সহযোগী এনচিচি বিষয়াৰ পৰ্যবেক্ষণত একোটা আঠৰ পৰা বিশজনীয়া সৰু সৰু কাৰ্যবাহী গোটত নিযুক্ত হৈ থাকিব।

স্বেচ্ছাসেৱক কেডেটসকলৰ নিযুক্তিৰ বাবেৰাজ্য চৰকাৰ বা জিলা প্ৰশাসনে ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে ৰাজ্যিক এনচিচি সঞ্চালকালয়লৈ পত্ৰ প্ৰেৰণ কৰিব লাগিব। এই বিষয়ে সবিশেষ দিশ ৰাজ্য চৰকাৰ বা স্থানীয় অসামৰিক কৰ্তৃপক্ষৰ সৈতে সঞ্চালকালয় বা গোটৰ মুখ্য কাৰ্যালয় বা গোট পৰ্যায়ত সবিস্তাৰে উল্লেখ কৰা হ’ব। বিভিন্ন কাৰ্যত এইসকল কেডেটক নিয়োগ কৰাৰ পূৰ্বে নিয়োগ কৰিবলগীয়া স্থানৰ পৰিস্থিতি তথা প্ৰয়োজনীয় কেডেটৰ সংখ্যা সুনিশ্চিত কৰিব লাগিব।

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ এই এনচিচি হৈছে দেশৰ ভিতৰতে সৰ্ববৃহৎ ইউনিফৰ্মড যুৱ সংগঠন আৰু এই সংগঠনটো বিভিন্ন সমাজসেৱা আৰু ৰাজহুৱা উন্নয়নমূলক কাৰ্যাৱলীৰ সৈতে জড়িত হৈ থাকে। এই এনচিচি কেডেটসকলে বিভিন্ন সময়ত দেশত হোৱা বানপানী, ছুনামি, ধুমুহা আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়তো সহায়ৰ হাত আগবঢ়াই আহিছে।

***

ABB/SS/Nampi/KA/DK/Savvy/ADA/RD



(Release ID: 1610178) Visitor Counter : 164