ৰেল মন্ত্ৰালয়

দেশৰ ক’ভিড-১৯ বিৰোধী অভিযানত সহযোগিতা আগবঢ়োৱাৰ বাবে ৰে’লবিভাগৰ প্ৰস্তুতি পৰ্যালোচনা কৰিলে ৰে’ল আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে

ইতিহাসত প্ৰথমবাৰৰ বাবে শেহতীয়া ১২মাহত কোনো ৰে’ল-দুৰ্ঘটনাত এজনো যাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই, ভাৰতত ক’ভিড-১৯ৰ প্ৰভাৱ যতদূৰ সম্ভৱ সীমিত কৰাৰ বাবে এতিয়া আমি প্ৰয়াস অব্যাহত ৰাখিছো : গোৱেল

দুৰ্যোগ আক্ৰান্তক খাদ্য আৰু অন্যান্য সহযোগিতা আগবঢ়োৱাৰ বাবে বিষয়া-বৰ্গক নিৰ্দেশ

Posted On: 01 APR 2020 1:40PM by PIB Guwahati

কেন্দ্ৰীয় ৰেল আৰু বাণিজ্য তথা উদ্যোগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আজি এক আলোচনাত ভাৰতীয় ৰেল বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীকে দুৰ্যোগৰ এই মুহূৰ্তত সংকটপীড়িতসকলক খাদ্য দ্ৰব্যৰ লগতে অন্যান্য সহায়ৰ ক্ষেত্ৰত তেওঁলোকে কৰিব পৰা সকলোখিনি কৰিবলৈ নিৰ্দেশ দিয়ে। আইআৰচিটিচি আৰু আৰপিএফ-ৰ দৰে বিভাগটোৰ অধীনস্থ সংস্থাসমূহে ইতিমধ্যেই সংকটাপন্ন ৰাইজৰ মাজত বিনামূলীয়া আহাৰ বিতৰণ দৰে অভিযান অব্যাহত ৰাখিছে। এই প্ৰসংগত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে বিভাগটোৱে আগবঢ়োৱা সেৱাৰ পৰিসৰ সম্প্ৰসাৰিত কৰি অধিক লোকলৈ সেৱা প্ৰদানৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে। বিভগৰ ষ্টেষ্টশ্যনসমূহৰ সমীপবৰ্তী এলেকা সমূহৰ উপৰি দূৰ-দূৰণি সংকটাপন্ন ৰাইজৰ মাজত গৈয়ো সেৱা আগবঢ়োৱাৰ বাবে স্থানীয় প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংস্থসমূহৰ সৈতে সহযোগিতাৰে আগবঢ়াৰ বাবেও মন্ত্ৰী গোৱেলে বিভাগৰ স্থানীয় দায়িত্ববাহী বিষয়াসকলক তত্পৰতা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আজিৰ আলোচনাত ৰেল বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সুৰেশ অংগাড়ী, ৰেল বেৰ্ডৰ সদস্যসকল, মহা প্ৰবন্ধকৰ লগতে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মূৰব্বীসকল ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে সংযোজিত হয়।

আলোচনা কালত মন্ত্ৰী গোৱেলে দেশৰ কৰোনা বিৰোধী অভিযানত ৰেল বিভাগে আগবঢ়োৱা অনবদ্য সহযোগিতাৰ বাবে ভূয়সী প্ৰশংসা কৰাৰ লগতে যাত্ৰীবাহী ডবাসমূহক আইচলেশ্যন কক্ষলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্তক উদ্ভাৱনী পদক্ষেপ বুলিয়ে অভিহিত কৰে। তেওঁ বিভাগটোৰ প্ৰতিটো মণ্ডলেই এই পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সাম্ভাব্য প্ৰত্যাহ্বান চম্ভালি লব পৰাকৈ যিমান পাৰি সোনকালেই এইবোৰ সাজু কৰি তুলিবলৈ সক্ষম হ;ব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে সাধাৰণ ডবাসমূহক আইচলেশ্যন কক্ষৰ ৰূপত গঢ়ি তোলাৰ বাবে পৰ্যায়ক্ৰমে আৰম্ভ কৰা প্ৰয়াসৰ প্ৰথমটো পৰ্যায়ত ৫০০০টা ডবাৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে।

আলোচনা কালত ৰেল বোৰ্ডৰ অধ্যক্ষ শ্ৰী বিনোদ কুমাৰ যাদৱে তথ্য দাঙি ধৰি কয় যে প্ৰধনমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে বোৰ্ডৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীৰ সাহায্য নিধি পিএম কেয়াৰ্ছলৈ ১৫১কোটি টকাৰ অৰিহণা আগবঢ়োৱা হৈছে।

অতিকে গুৰুত্বপূৰ্ণ সা-সামগ্ৰীসমূহৰ তড়িত আদান-প্ৰদান সম্ভৱ কৰাৰ লক্ষ্যৰে ৰেল বিভাগে ইতিমধ্যে আৰম্ভ কৰা বিশেষ পাৰ্চেল ৰেলগাড়ীসমূহৰ কাৰ্য-বিধিৰ প্ৰসংগ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে ঔষধ, চিকিত্সা সংক্ৰান্তীয় উপকৰণ, খাদ্য-দ্ৰব্যৰ দ্ৰুত পৰিবহণ সম্ভৱ কৰিবলৈকে এনে ধৰণৰ ৰেলগাড়ীৰ সংখ্যা আৰু অধিক কৰাৰ পোষকতা কৰে। এনে ৰেলগাড়ীসমূহৰ দ্বাৰা ই-কমাৰ্চ প্ৰতিষ্ঠানৰ যোগান-ব্যৱস্থাও বাৰুকৈয়ে উপকৃত হব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰসংগতে উল্লেখ কৰে। এই পৰ্যন্ত দেশৰ ৮টা ৰেলপথত পাৰ্চেল ৰেলগাড়ীৰ চলাচল অব্যাহত আছে যদিও অচিৰেই এই সংখ্যা ২০লৈ বৃদ্ধি কৰাৰ বাবে প্ৰক্ৰিয়া অব্যাহত আছে।

ৰোনা বিৰোধী অভিযানৰ ক্ষেত্ৰত আগন্তুক দুটামান সপ্তাহ জটিল হব বুলি উল্লেখ কৰা মন্ত্ৰীগৰাকীয়ে এই যুঁজত দেশক বিজয়ী কৰাৰ বাবে সকলোৱে মাৰবান্ধি থিয় হোৱা উচিত বুলি মন্তব্য কৰে।

প্ৰসংগক্ৰমে তেওঁ ইতিহাসত প্ৰথমবাৰৰ বাবে শেহতীয়া ১২মাহত কোনো ৰে’ল-দুৰ্ঘটনাত এজনো যাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা নাই বুলিও তথ্য দাঙি ধৰে। তেওঁ কয়, এই মুহূৰ্তত আমি সকলোৱে ভাৰতত কটভিড-১৯ৰ প্ৰভাৱ যতদূৰ সম্ভৱ সীমিত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছো।

****

SG/MKV/KB



(Release ID: 1609949) Visitor Counter : 150