বিত্ত মন্ত্ৰালয়

আৰবিআইৰ ই এম আই স্থগিতকৰণঃ সঘনাই সোধা প্ৰশ্নসমূহ

Posted On: 01 APR 2020 12:35PM by PIB Guwahati

যোৱা সপ্তাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে ১ মাৰ্চ ২০২০ তাৰিখলৈ আদায় নোহোৱাকৈ থকা সকলো টাৰ্ম ঋণ লগতে কাৰ্যশীল মূলধনী ব্যৱস্থাৰ বাবে তিনি মাহৰ স্থগিতকৰণৰ নিৰ্দেশ দিছে৷

এই স্থগিতকৰণৰ পৰিভাষাৰ বিষয়ে ভাৰতীয় বেংক সংস্থাই কিছুমান সঘনাই সোধা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে৷

প্ৰশ্ন ১- আৰবিআইয়ে কেতিয়া এই ঘোষণা কৰিছিল?

উত্তৰ-  যোৱা সপ্তাহত ভাৰতীয় ৰিজাৰ্ভ বেংকে ১ মাৰ্চ ২০২০ তাৰিখলৈ আদায় নোহোৱাকৈ থকা সকলো টাৰ্ম ঋণ লগতে কাৰ্যশীল মূলধন ব্যৱস্থাৰ বাবে তিনি মাহৰ স্থগিতকৰণৰ নিৰ্দেশ দিছে৷

প্ৰশ্ন ২- আৰবিআইয়ে কিয় এই সাহায্য পেকেজৰ ঘোষণা কৰিছে?

উত্তৰ- ভাৰতীয় ৰিজাৰ্ভ বেংকে ক’ভিড-১৯ মহামাৰীয়ে বৃদ্ধি কৰা আৰ্থিক সংকটৰ পৰা মুক্তি পাবলৈ তথা অপৰিহাৰ্য ব্যৱসায়সমূহৰ নিৰৱচ্ছিন্নতা নিশ্চিত কৰাৰ বাবে কিছুমান বিশেষ নিয়ামক পদক্ষেপ গ্ৰহণ কৰিছে৷ চলিত পৰিবেশৰ পৰিপ্ৰেক্ষিতত নগদ সংবহনত সাময়িক বাধা, ব্যৱসায়/ব্যক্তিবিশেষৰ উপাৰ্জন ক্ষতি হ’ব বুলি আশংকা প্ৰকাশ কৰা হৈছিল আৰু সেই আশংকাসমূহ নিবাৰণৰ বাবে বৰ্তমানে এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে৷

প্ৰশ্ন ৩- আৰবিআই ক’ভিড-১৯ নিয়ামক পেকেজৰ অধীনত সুবিধাসমূহ লাভ কৰিবলৈ কি কি যোগ্যতাৰ প্ৰয়োজন আৰু এই সুবিধাসমূহ সকলো ধাৰকলৈ সম্প্ৰসাৰিত কৰা হৈছেনে?

উত্তৰ- সকলো টাৰ্ম ঋণ (কৃষিজাত টাৰ্ম ঋণ, খুচুৰা, ফচল ঋণ আৰু পুল ক্ৰয়ৰ অধীনৰ ঋণসমূহক অন্তৰ্গত কৰি) আৰু নগদ ক্ৰেডিট/অভাৰড্ৰাফ্টসমূহ এই পেকেজৰ অধীনৰ সুবিধাসমূহ লাভ কৰাৰ বাবে যোগ্য৷ ১ মাৰ্চ ২০২০ তাৰিলৈ ষ্টেণ্ডাৰ্ড এছেট থকা সকলো একাউণ্টৰ বাবে এয়া উপলব্ধ৷ তাৰোপৰি অপ্ৰয়োজনীয় কাগজৰ কাম পৰিহাৰ কৰিবলৈ এই সুবিধা টাৰ্ম ঋণৰ কিস্তি (সুত সহিতে) ৯০ দিনলৈ পৰিশোধৰ সময় সম্প্ৰসাৰিত কৰি সকলো ধাৰকলৈ প্ৰদান কৰা হৈছে৷ টাৰ্ম ঋণৰ প্ৰকৃত পৰিশোধৰ সময় ৯০ দিনলৈ সম্প্ৰসাৰিত কৰা হৈছে অৰ্থাৎ ১ মাৰ্চ ২০২৫ তাৰিখে ৬০টা কিস্তিৰ পৰিশোধ পূৰ্ণ হ’বলগীয়া তাৰিখ এতিয়া ১ জুন ২০২৫ তাৰিখে পূৰ্ণ হ’ব৷

প্ৰশ্ন ৪- এই পৰিশোধসমূহৰ পুনৰ সূচীকৰণ সকলো ধৰণৰ টাৰ্ম ঋণৰ ক্ষেত্ৰত প্ৰয়োজ্য হ’ব নে?

উত্তৰ- ই সকলো ধৰণৰ টাৰ্ম ঋণ- বিভিন্ন অংশ আৰু ঋণৰ সময় নিৰ্বিশেষে প্ৰযোজ্য৷

প্ৰশ্ন ৫- টাৰ্ম ঋণৰ পুনৰ সূচীকৰণ কেৱল মূলধনৰ ক্ষেত্ৰতহে প্ৰযোজ্য নে ইয়াত সুতো অন্তৰ্ভুক্ত আছে?

উত্তৰ- ১ মাৰ্চ ২০২০ তাৰিখৰ পৰা ৩১ মে ২০২০ তাৰিখৰ ভিতৰৰ মূলধনসমূহৰ পুনৰ সূচীকৰণ হ’ব পাৰে৷ উদাহৰণস্বৰূপে, যদি ১ মাৰ্চ ২০২০ তাৰিখে কোনো টাৰ্ম ঋণৰ শেষৰটো কিস্তি আদায়ৰ দেয় তাৰিখ হয় তেন্তে ই ১ জুন ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত হ’ব৷

ইএমআইভিত্তিক ঋণৰ ক্ষেত্ৰত ১ মাৰ্চ ২০২০ তাৰিখৰ পৰা ৩১ মে ২০২০ তাৰিখৰ ভিতৰৰ ইএমআইসমূহ ওপৰত উল্লিখিত উদাহৰণ(২)ৰ দৰে আগন্তুক তিনি মাহলৈ সম্প্ৰসাৰিত হ’ব৷

অন্য টাৰ্ম ঋণৰ বাবে ই সেই সময়ছোৱাৰ ভিতৰত পৰা সকলো কিস্তি আৰু সুত হ’ব লাগিলে পৰিশোধৰ সময় মাহিলী, ত্ৰিমাসিক, ছমাহিলী, বাৰ্ষিক অথবা বুলেট পৰিশোধেই নহওক কিয়৷ যিসমূহৰ পৰিশোধ আৰম্ভ হোৱা নাই সেই টাৰ্ম ঋণৰ বাবেও এই তিনি মাহৰ সময় গণনা কৰা হ’ব৷

প্ৰশ্ন ৬- যদি সম্প্ৰসাৰিত টাৰ্ম ঋণৰ সময়সীমা ঋণ নীতিত উল্লখিত অনুসাৰে অথবা সামগ্ৰীবিধৰ বাবে উল্লিখিত সৰ্বাধিক সময়তকৈ বৃদ্ধি হয় তেতিয়া কি হ’ব?

উত্তৰ- ইয়াৰ কোনো বিচ্যুতি অথবা অনুমোদনৰ প্ৰয়োজন নোহোৱাকৈ সকলো ধৰণৰ টাৰ্ম ঋণৰ বাবে সম্প্ৰসাৰিত কৰিব পাৰি৷

প্ৰশ্ন ৭- কাৰ্যশীল মূলধনী ব্যৱস্থাত সুতৰ ব্যৱস্থা কেনে হ’ব?

উত্তৰ- ৩১ মাৰ্চ, ৩০ এপ্ৰিল আৰু ৩১ মে’ ২০২০ৰ নগদ ক্ৰেডিট/অভাৰড্ৰাফ্টত প্ৰযোজ্য সুতসমূহৰ পুনৰুদ্ধাৰ ‘স্থগিত’ কৰা হ’ব৷ কিন্তু ৩০ জুন ২০২০ত প্ৰযোজ্য সুতৰ সৈতে আৰু য’ত মাহিলী সুত প্ৰযোজ্য নহয়, তাত পৰৱৰ্তী সুতৰ তাৰিখৰ সৈতে    সকলো সুত পুনৰুদ্ধাৰ কৰা হ’ব৷

প্ৰশ্ন ৮- প্ৰতিবেদিত ডিফল্টৰ পৰিপ্ৰেক্ষিতত আৰবিআইৰ এই সকাহৰ দ্বাৰা ধাৰকসকলৰ ওপৰত কি প্ৰভাৱ পৰিব?

উত্তৰ- পৰিশোধত হোৱা বিলম্বই ডিফল্ট বুজায় আৰু ই ক্ৰেডিট ব্যুৰ’ত লিপিৱদ্ধ হয়৷ ৫ কোটি বা তাতোকৈ অধিক পৰিমাণৰ ব্যৱসায়িক ঋণৰ বাবে বেংকে বিলম্বিত অৱস্থা চিআৰআইএলচিৰ জৰিয়তে আৰবিআইক অৱগত কৰে৷ শেহতীয়াকৈ ঘোষণা কৰা এই সাহায্য পেকেজৰ দ্বাৰা ১ মাৰ্চ ২০২০ তাৰিখৰ পিছক বিলম্বিত পৰিশোধ আগন্তুক তিনি মাহৰ বাবে ক্ৰেডিট ব্যুৰ’/চিআৰআইএলচিক প্ৰতিবেদন কৰা নহ’ব৷ বেংকক ইয়াৰ বাবে কোনো জৰিমনা সুত অথবা মাচুল প্ৰদান কৰিব নালাগে৷ ঠিক সেইদৰে ছেবিয়ে ক্ৰেডিট ৰেটিং এজেন্সিসমূহক (চিআৰএ) সূচীভূক্ত উদ্যোগসমূহৰ বিলম্বিত পৰিশোধক ডিফল্ট হিচাপে বিবেচনা নকৰিবলৈ নিৰ্দেশ দিছে৷

প্ৰশ্ন ৯- ইয়াৰ অৰ্থ হ’ল ব্যৱসায়/ব্যক্তিবিশেষে অৱশ্যেই এই সুবিধা গ্ৰহণ কৰা উচিত?

উত্তৰ- যদি আপোনাৰ নগদ সংবহন অথবা উপাৰ্জনত ক্ষতি হৈছে তেন্তে এই সুবিধা গ্ৰহণ কৰিব পাৰে৷ কিন্তু আপুনি মনত ৰখা উচিত যে যদিও ঋণৰ সুতসমূহ তৎকালীনভাৱে পৰিশোধৰ প্ৰয়োজন নাই আৰু ৩ মাহলৈ ই স্থগিত হ’ব পাৰে, আপোনাৰ একাউণ্টত জমা হৈ গৈ থাকিব আৰু ফলত ব্যয় অধিক হ’ব পাৰে৷

এই সন্দৰ্ভত আপোনাক এক স্পষ্ট দৃশ্য প্ৰদান কৰিবলৈ, ধৰি লওক আপোনাৰ এটা ১০০,০০০ টকাৰ অপৰিশোধিত ঋণ আছে আৰু আপুনি ১২ শতাংশকৈ ঋণৰ বাবে সুত পৰিশোধ কৰি আছে৷ অৰ্থাৎ প্ৰতিমাহে আপুনি ১,০০০ টকাকৈ সুত পৰিশোধ কৰিব লাগিব৷ যদি আপুনি প্ৰতিমাহে সুত দিবলৈ নিবিচাৰে তেন্তে বাৰ্ষিক ১২ শতাংশ হাৰত তৃতীয় মাহৰ শেষত আপুনি ৩,০৩০.১০ টকা পৰিশোধ কৰিব লাগিব৷

ঠিক সেইদৰে যদি সুতৰ হাৰ ১০ শতাংশ হয় তেন্তে আপুনি প্ৰতি মাহে ৮৩৩ টকা অথবা তিনি মাহৰ পিছত ২,৫২১ টকা দিব লাগিব৷

প্ৰশ্ন ১০- যদি কোনোবা বেংকৰ কৰ্মী অথবা সংগ্ৰহ কৰ্মীয়ে মোক পৰিশোধৰ বাবে জনায় তাৰ বাবে উদ্বিগ্ন হ’ব লাগিব নেকি?

উত্তৰ- আপুনি ইয়াৰ বাবে উদ্বিগ্ন হোৱা প্ৰয়োজন নাই আৰু বেংকৰ কৰ্মী/সংগ্ৰহ কৰ্মীক আপুনি নিয়ামক পেকেজৰ অধীনত এই সুবিধা গ্ৰহণ কৰিব বিচাৰিছে বুলি অৱগত কৰক৷

প্ৰশ্ন ১১- মোৰ ক্ৰেডিট কাৰ্ডৰ পৰিশোধসমূহ কি হ’ব?

উত্তৰ- এই সাহায্য ক্ৰেডিট কাৰ্ডৰ পৰিশোধতো প্ৰযোজ্য হ’ব৷

ক্ৰেডিট কাৰ্ডৰ পৰিশোধৰ ক্ষেত্ৰত এটা ন্যূনতম পৰিমাণৰ ধন পৰিশোধ কৰাৰ ব্যৱস্থা আছে আৰু ইয়াক যদি সময়মতে পৰিশোধ কৰা নহয় তেন্তে ক্ৰেডিট ব্যুৰ’ত প্ৰতিবেদিত হয়৷ আৰবিআইৰ জাননী অনুসৰি এই তিনি মাহৰ বাবে ক্ৰেডিট কাৰ্ডৰ অপৰিশোধিত পৰিমাণৰ বাবে ক্ৰেডিট ব্যুৰ’ত প্ৰতিবেদিত নহ’ব৷

কিন্তু, অপৰিশোধিত পৰিমাণৰ বাবে সুত প্ৰযোজ্য হ’ব৷ সুত পৰিশোধ কৰাৰ সময়ত আপুনি কাৰ্ড প্ৰদানকাৰীৰ সৈতে আলোচনা কৰাটো উচিত হ’ব৷ এই সময়ছোৱাৰ বাবে যদিও কোনো জৰিমনা সুত ভৰিব নালাগে কিন্তু আপুনি মনত ৰখা উচিত যে পৰিশোধ কৰিবলগীয়া সুতৰ পৰিমাণ সাধাৰণ বেংকৰ সুততকৈ বেছি হ’ব আৰু সেয়ে আপুনি সেই অনুসাৰে সিদ্ধান্ত গ্ৰহণ কৰা উচিত৷

প্ৰশ্ন ১২- ব্যৱসায়ৰ বাবে নন ফাণ্ডভিত্তিকৰ পৰা ফাণ্ডভিত্তিক অথবা এফবিৰ পৰা এমএফবিলৈ কেনে ধৰণৰ বিনিময়শীলতাৰ অনুমোদন জনোৱা হৈছে?

উত্তৰ- বিনিময়শীলতাৰ ফাণ্ডভিত্তিক অংশত প্ৰযোজ্য সুত ১ মাৰ্চৰ পৰা ৩১ মে’ ২০২০লৈ সময়ছোৱাত স্থগিতকৰণৰ বাবে যোগ্য হ’ব৷ ১ মাৰ্চৰ পৰা প্ৰদান কৰা নতুন অনুমোদন সাপেক্ষে আৰু এই সময়ছোৱাৰ ভিতৰত, ফাণ্ডভিত্তিক অংশত প্ৰযোজ্য সুতসমূহ যোগ্য বিবেচনা কৰা হ’ব৷

প্ৰশ্ন ১৩- অন্য কি উপায়েৰে ব্যৱসায়সমূহক সকাহ প্ৰদান কৰা হ’ব?

উত্তৰ- ব্যৱসায়সমূহে বেংকক তেওঁলোকৰ কাৰ্যশীল মূলধনৰ প্ৰয়োজনীয়তা তেওঁলোকৰ নগদ সংবহনত বাধা অথবা কাৰ্যশীল মূলধনী চক্ৰৰ দীৰ্ঘকৰণৰ পৰিপ্ৰেক্ষিতত পুনৰীক্ষণ কৰিবলৈ অনুৰোধ জনাব পাৰে৷ তেওঁলোতে এনএফবি সুবিধা (এলচি/বিজি ইত্যাদি)ৰ মাৰ্জিন হ্ৰাস কৰিবলৈ অথবা প্ৰতিভূতিত সকাহ প্ৰদান কৰিবলৈ অনুৰোধ জনাব পাৰে৷ এই অনুৰোধসমূহত সত্যানুসত্যতাৰ ভিত্তিত বেংকৰ শাখাসমূহে সিদ্ধান্ত গ্ৰহণ কৰিব৷

প্ৰশ্ন ১৪- ‘‘ইজিং অব্ ৱৰ্কিং কেপিটেল ফাইনেন্সিং’’ৰ অধীনত এনবিএফচি/এমএফআই/এইচএফচিসমূহ প্ৰযোজ্য হ’ব নে?

উত্তৰ- বৰ্তমানে তেওঁলোকক এই আঁচনিৰ বাবে বিবেচনা কৰা হোৱা নাই৷ কিন্তু আৰবিআইয়ে শেহতীয়াকৈ মুকলি কৰা টাৰ্গেটেড লংগাৰ-টাৰ্ম ৰিফাইনেন্সিং অপাৰেচনছ্ অৰ্থাৎ টিএলটিআৰঅ’ৰ অধীনত এই বিত্তীয় মধ্যস্থতাকাৰী সংস্থাসমূহক পৰ্যাপ্ত নমনীয় সমৰ্থন প্ৰদান কৰাৰ সুবিধা আছে৷ ২৭ মাৰ্চ ২০২০ তাৰিখলৈ এই বণ্ডসমূহত তেওঁলোকৰ বিনিয়োগৰ অপৰিশোধিত পৰ্যায়তকৈ ওপৰৰ আৰু বেংকসমূহৰ দ্বাৰা আঁচনিৰ অধীনত প্ৰদান কৰা নমনীয়তা বিনিয়োদ গ্ৰেড কৰ্প’ৰেট বণ্ড, বাণিজ্যিক পেপাৰ আৰু অপৰিৱৰ্তনশীল ডিবেনচাৰত আৱণ্টিত কৰা হৈছে৷

বেংকসমূহে প্ৰাথমিক বজাৰ প্ৰৱাহৰ পৰা যোগ্য উপকৰণসমূহৰ তেওঁলোকৰ বৃদ্ধিশীল হ’ল্ডিঙৰ পঞ্চাশ শতাংশ পৰ্যন্ত অধিগ্ৰহণ কৰাটো আৱশ্যক হ’ব আৰু বাকী থকা পঞ্চাশ শতাংশ দ্বিতীয় পৰ্যায়ৰ বজাৰৰ পৰা অধিগ্ৰহণ কৰিব লাগিব য’ত মিউচুৱেল ফাণ্ড আৰু নন-বেংকিং বিত্তীয় উদ্যোগসমূহ আছে৷ এই সুবিধাৰ অধীনত বেংকৰ দ্বাৰা কৰা বিনিয়োগক ‘হেল্ড টু মেচিউৰিটী (এইচটিএম)’ হিচাপে শ্ৰেণীবদ্ধ কৰা হ’ব যদিও এইচটিএম প’ৰ্টফ’লিঅ’ত অন্তৰ্ভুক্ত কৰা মুঠ বিনিয়োগ ২৫ শতাংশকৈ অধিক৷ এই সুবিধাৰ অধীনত উন্মুক্তকৰণক বৃহৎ উন্মুক্তকৰণ পৰিকাঠামোৰ অধীনত গণনা কৰা নহ’ব৷ বেংকসমূহে এই উইণ্ড’ৰ অধীনত এনবিএফচি/এমএফআই/এইচএফচি ইত্যাদিসমূহক সমৰ্থন কৰিব পাৰিব আৰু আমি এই বিত্তীয় মধ্যস্থতাকাৰীসকলৰ বাবে কোনো নমনীয়তা আশা কৰা নাই৷

প্ৰশ্ন ১৫- আৰবিআইৰ এই সকলো পদক্ষেপ ‘‘পুনৰ্গঠন’’ বুলি গণ্য কৰা হ’ব নেকি? প্ৰযোজ্য ব্যৱস্থাসমূহৰ বিষয়ে কি কোৱা হৈছে?

উত্তৰ- ২৭ মাৰ্চ ২০২০ তাৰিখৰ ক’ভিড-১৯ নিয়ামক পেকেজ ঘোষণাৰ অধীনত আৰবিআইৰ পদক্ষেপসমূহ ‘পুনৰ্গঠন’ হিচাপে গণ্য কৰা নহ’ব আৰু সেইবাবে সম্পত্তি বৰ্গীকৰণ ডাউনগ্ৰেডত পৰিণাম প্ৰদৰ্শিত নহ’ব৷

ঠিক সেইদৰে পুনৰ্গঠন একাউণ্টৰ বাবে সংবৰ্ধিত ব্যৱস্থা প্ৰযোজ্য নহ’ব৷

প্ৰশ্ন ১৬- এছআই/ইচিএছ/এনএচিএইচৰ জৰিয়তে লাভ কৰা কিস্তি/ইএমআইসমূহৰ বিষয়ে কি কোৱা হৈছে? যদি ধাৰকে দাবী কৰে তেন্তে এই কিস্তি/ইএমআইসমূহৰ পুনৰ ঘূৰাই পোৱাৰ প্ৰক্ৰিয়াসমূহ কি কি হ’ব?

উত্তৰ- সংশোধিত অধ্যাদেশৰ বাবে অনুগ্ৰহ কৰি আপোনাৰ বেংকৰ সৈতে যোগাযোগ কৰক৷

****

RM/KMN/MANN



(Release ID: 1609895) Visitor Counter : 246