প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ টেলিফোনৰে বাৰ্তালাপ

Posted On: 31 MAR 2020 8:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ফ্ৰান্স গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰনৰ সৈতে টেলিফোনৰে বাৰ্তালাপ কৰে।

বাৰ্তালাপৰ সময়চোৱাত প্ৰধানমন্ত্ৰীয়ে কভিড-১৯ত আক্ৰান্ত হৈ অকাল মৃত্যু সাৱটি লোৱাসকলৰ বাবে শোক-প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই সাম্প্ৰতিক প্ৰেক্ষাপটত সৃষ্টি হোৱা দেশৰ আভ্যন্তৰীন পৰিস্থিতিৰ লগতে সামগ্ৰিকভাবে বিশ্বব্যপী সৃষ্টি হোৱা সংকটৰ পৰ্যালোচনা কৰাৰ উপৰি এই সংকটৰ পৰা পৰিত্ৰাণৰ উপায় উদ্ভাৱনৰ বাবে পৃথিৱীৰ দেশসমূহৰ মাজত ভাতৃত্ববোধ আৰু সমন্বিত প্ৰয়াসৰ প্ৰাসংগিকতা দোহাৰে। তেওঁলোকে ভাইৰাছবিধৰ সংক্ৰমণ প্ৰতিৰোধৰ লগতে আক্ৰান্তসকলৰ চিকিত্সা আৰু প্ৰতিষেধকৰ গৱেষণা সন্দৰ্ভত দুয়োখন দেশৰ বিশেষজ্ঞসকলৰ মাজত তথ্য-পাতিৰ সঘন আদান-প্ৰদান অব্যাহত ৰখাত সহমত প্ৰকাশ কৰে।

ভিড-১৯ৰ সংকটক আধুনিক ইতিহাসৰ পট-পৰিৱৰ্তনকাৰী পৰিঘটনা বুলি অভিহিত কৰাৰ লগতে ইয়ে গোলকীকৰণৰ ধাৰণাটোক নতুন মানৱতা-কেন্দ্ৰিক ভাবাদৰ্শেৰে চিন্তা কৰাৰ বাবে সুযোগ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কৰা অভিমতক ফৰাচী ৰাষ্ট্ৰপতিগৰাকীয়ে দৃঢ়তাৰে সমৰ্থন কৰে।

অৱশ্যে, এই সংকটৰ মাজতো জলবায়ু পৰিৱৰ্তনৰ দৰে মানৱতাক প্ৰভাৱিত কৰা গোলকীয় সংকটৰ দৰে প্ৰসংগসমূহৰ কথা পাহৰি যোৱা উচিত নহয় বুলি নেতাদ্বয়ে স্বীকাৰ কৰে। সাম্প্ৰতিক সংকটৰ সময়ত আফ্ৰিকাৰ দৰে অনুন্নত দেশসমূহৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলিও তেওঁলোকে মত ব্যক্ত কৰে।

মহামৰিৰ পৰিপ্ৰেক্ষিতত ঘৰত আৱদ্ধ হৈ থাকিবলগীয়া হোৱা ব্যক্তিসকলৰ মানসিক আৰু শাৰিৰীক স্বাস্থ্য সুস্থ ৰখাৰ বাবে যোগৰ অনুশীলন সহজ আৰু সৰল উপায় হব পাৰে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে আগবঢ়োৱা পৰামৰ্শক ৰাষ্ট্ৰপতি মেক্ৰনে সাদৰৰে আদৰণি জনায়। বৰ্তমানৰ স্বাস্থ্য-সংকটৰ এই মুহূৰ্তত যোগাভ্যাসে ফ্ৰান্সবাসীক বাৰুকৈয়ে আকৃষ্ট কৰিব পাৰিব বুলিও তেওঁ মত ব্যক্ত কৰে।

সংকটৰ এই মুহূৰ্তত ভাৰত-ফ্ৰান্সৰ বন্ধুত্বই মানৱতা-কেন্দ্ৰিক ভাতৃত্ববোধৰ আৰু এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হটব বুলিও দুয়োগৰাকী নেতাই সহমত ব্যক্ত কৰে।

***

VRRK/AK/KB



(Release ID: 1609796) Visitor Counter : 155