পৰ্যটন মন্ত্ৰালয়

ভাৰতৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা বিদেশী পৰ্যটকসকলৰ সাহায্যাৰ্থে পৰ্যটন মন্ত্ৰালয়ে মুকলি কৰিছে ‘ষ্ট্ৰেণ্ডেড ইন ইণ্ডিয়া’ প’ৰ্টেল

Posted On: 31 MAR 2020 1:09PM by PIB Guwahati

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ ৰোৱা বিদেশী পৰ্যটকসকলৰ সহায়ৰ বাবে তথ্যৰ আদান-প্ৰদানৰ অৰ্থে ‘ষ্ট্ৰেণ্ডেড ইন ইণ্ডিয়া’ শীৰ্ষক এক প’ৰ্টেল মুকলি কৰিছে৷

 

সমগ্ৰ বিশ্বই ক’ৰনা ভাইৰাছৰ দ্বাৰা উদ্ভৱ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ সেয়ে পৰ্যটক, বিশেষকৈ বিদেশী পৰ্যটকসকলৰ সুবিধাৰ বাবে অহৰহ প্ৰয়াস চলাই থকা হৈছে৷ সেইমতে পৰ্যটন মন্ত্ৰালয়ে তেওঁলোকক সহায়ৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

 

strandedinindia.com শীৰ্ষক এই প’ৰ্টেলটোত নিম্নোক্ত তথ্যসমহূ পৰ্যটকৰ বাবে উপলব্ধ হ’বঃ

ক) ক’ভিড-১৯ হেল্পলাইন নম্বৰ অথবা কল-চেণ্টাৰসমূহৰ ব্যাপক তথ্য৷

খ) বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ বিভিন্ন তথ্য আৰু তেওঁলোকৰ যোগাযোগ নম্বৰ৷

গ) ৰাজ্যিকভিত্তিত/আঞ্চলিকভিত্তিক পৰ্যটন সমৰ্থন আন্তঃগাঁথনিৰ তথ্য৷

ঘ) সহায়ৰ বাবে ‘হেল্প ছাপ’ৰ্ট ছেকচন’ আৰু বিভাগীয় প্ৰাধিকৰণৰ সৈতে বিদেশী পৰ্যটকৰ যোগাযোগ স্থাপন৷

এই ৱেবছাইট পৰ্যটন ৱেবছাইট আৰু পৰ্যটন মন্ত্ৰালয়ৰ চেনেলত উপলব্ধ হ’ব৷ অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি strandedinindia.com  অথবা incredibleindia.org পৰিদৰ্শন কৰক৷

 

*******

NB/AKJ/OA/MANN



(Release ID: 1609669) Visitor Counter : 198