প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ক’ভিড-১৯ৰ বিৰুদ্ধে এই যুঁজত সামাজিক দুৰত্ব বজাই ৰখাটো আটাইতকৈ কাৰ্যকৰী ব্যৱস্থা; প্ৰতিগৰাকী দেশবাসীক নিজৰ লগতে তেওঁলোকৰ পৰিয়ালকো সুৰক্ষিত হৈ থকাৰ আহ্বান

মন কী বাত অনুষ্ঠানত নিজা চিন্তাধাৰা ব্যক্ত কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতে ক’ৰোনা বিৰুদ্ধে যুঁজত জয়ী হ’ব

মহামাৰী ৰোধ কৰিবলৈ এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাটো অতি জৰুৰী বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে; ক’ৰোনা ভাইৰাছ নিঃশেষ কৰিবলৈ বিশ্ব সমূদায়ক সহায়ৰ হাত আগবঢ়াবলৈ আ্হ্বান

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰা ৰোগী আৰু চিকিৎসকৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীয়ে; তেওঁলোকৰ দৃঢ়তাৰ প্ৰশংসা, আছুতীয়াকৈ থকা বাবে নিজাকৈ কোৱাৰেণ্টাইনত থকাসকলৰ প্ৰতি সহানুভুতি দেখুওৱা আৰু সহযোগিতা কৰা প্ৰয়োজনঃ প্ৰধানমন্ত্ৰী মোদী

Posted On: 29 MAR 2020 4:02PM by PIB Guwahati

এই যুদ্ধৰ এনে অনেক যোদ্ধা আছে যিসকলে ঘৰতেই নহয়, ঘৰৰ বাহিৰতো ভাইৰাছবিধৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈছে৷ এওঁলোক আমাৰ অগ্ৰণী সৈনিক৷ এওঁলোক বিশেষকৈ আমাৰ নাৰ্ছ ভাতৃ-ভগ্নী, চিকিসক, পেৰা-মেডিকেল কৰ্মী৷ এওঁলোকে ৰনাক পৰাজিত কৰিছে৷ আজি আমি তেওঁলোকৰ পৰা অনুপ্ৰাণিত লাগে৷ বিগত দিন কেইটাত মই বহু লোকৰ সৈতে ফোনত কথা পাতিছো, তেওঁলোকৰ সাহ বৃদ্ধি কৰিছো আৰু তেওঁলোকৰ সৈতে কথা পাতি মই নিজেও সাহিত হৈছো৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ক’ভিড-১৯ৰ বিৰুদ্ধে এই যুঁজত সামাজিক দুৰত্ব বজাই ৰখাটো আটাইতকৈ কাৰ্যকৰী ব্যৱস্থা আৰু লকডাউন মানি চলি জনসাধাৰণে নিজকে সুৰক্ষিত কৰিব পাৰে৷

মন কী বাত ২.০ৰ আজি দশম সংস্কৰত নিজৰ চিন্তাধাৰা শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে কয়, প্ৰত্যেকেই নিজকে ৰক্ষা কৰিব লাগিব, নিজৰ পৰিয়ালক ৰক্ষা কৰিব লাগিব৷ এতিয়া আপোনালোকে আগন্তুক কেইবাটাও দিনলৈ ধৈৰ্য ধৰিব লাগিব, লক্ষ্মণ ৰেখা পালন কৰিব লাগিব৷ এই দৃঢ়তা আৰু ধৈৰ্যই প্ৰতিগৰাকী ভাৰতীয় সংকটৰ সন্মুখীন হোৱাত সহায় কৰিব৷

শ্ৰী মোদীয়ে মানৱ সভ্যতাৰ গতি ধ্বংস কৰা এই ভাইৰাছ নিৰ্মুলৰ সংকল্প ল’বলৈ বিশ্ব সমূদায়ৰ সহায়ৰ আহ্বান জনায়৷ৰনা ভাইৰাছে আজি সমগ্ৰ বিশ্বকে কাৰাগাৰলৈ পৰ্যবসিত কৰিছে৷ জ্ঞান, বিজ্ঞান, দুখীয়া, ধনী, দুৰ্বলী, শক্তিশালী সকলোকে প্ৰত্যাহ্বান জনাইছে৷ ৰাষ্ট্ৰৰ সীমাতো আৱদ্ধ হৈ থকা নাই, ইয়াৰ কোনো ক্ষেত্ৰ নাই, নাই ইয়াৰ কোনো জলবায়ুৰ সীমা৷ এই ভাইৰাছে মানৱক মৃত্যু মুখত পেলাই, তেওঁলোকক সমাপ্ত কৰাৰ বাবে জেদী হৈ উছিছে আৰু সেইবাবে প্ৰত্যেকে, সমগ্ৰ মানৱ জাতিয়ে এই ভাইৰাছক নিঃশেষ কৰাৰ বাবে ঐক্যৱদ্ধবাৱে সংকল্প গ্ৰহণ কৰিব লাগিব”, তেওঁ কয়৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ১৩০ কোটি লোকে বাস কৰা এখন দেশত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ লকডাউনৰ বাহিৰে একো বিকল্প নাই৷ তেওঁ সজোৰে কয় যে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে এই যুঁজ জীৱন আৰু মৃত্যুৰ খেলা আৰু সেইবাবেই ইমান কঠোৰ সিদ্ধান্ত ল’বলগীয়া হৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সমগ্ৰ বিশ্বইও এই পন্থাই গ্ৰহণ কৰিছে৷ তেওঁ কয় যে জনসাধাৰণ সুৰক্ষা সুনিশ্চিত হ’ব লাগিব৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিসকলে ক’ভিড-১৯ৰ লকডাউনৰ নিয়ম ভংগ কৰিছে তেওঁলোকে তেওঁলোকৰ জীৱনৰ সৈতে খেলিছে৷ তেওঁ লগতে স্পষ্টকৈ কয় যে যিসকলে লকডাউন মানি চলাই নাই তেওঁলোকে বুজা উচিত যে ক’ৰোনা ভাইৰাছৰ কৱলৰ পৰা ৰক্ষা পৰাটো অতি জটিল৷

প্ৰধানমন্ত্রী কয়, সমগ্ৰ বিশ্বত যিসকল লোকে এই ধৰণৰ ভুল কৰিছিল, তেওঁলোকে এতিয়া উপলব্ধি কৰিছে৷ যিহেতু ক’ৰোনাৰ বিৰুদ্ধে যুঁজাতো অভূতপূর্ব তথা প্ৰত্যাহ্বানজনক, সেয়েহে এনে কেতবোৰ সিদ্ধান্ত লোৱা হৈছে, যি আগতে কোনেও শুনাই নাছিল৷

 

তেওঁ কয় যে ক’ৰোনাক ৰোধ কৰাৰ বাবে  যি যাৱতীয় পদক্ষেপ ভাৰতবাসীয়ে লৈছে, যি প্ৰয়াস এতিয়া আমি কৰিছো- সেইটোৱেই ক’ৰোনাৰ বিৰুদ্ধে ভাৰতক বিজয়ী কৰিব৷


তেওঁ কয়,দুখীয়া লোকসকলৰ প্ৰতি আমাৰ সমবেদনা আৰু অধিক তীব্ৰ হোৱা উচিত৷ আমাৰ মানৱতাৰ প্ৰমাণ এয়াই যে ক’তো কোনো দুখীয়া, ক্ষুধাতুৰ মানুহ দেখিলেই এই সংকটৰ সময়ত আমি প্ৰথমে তেওঁৰ আহাৰ প্ৰদানৰ ব্যৱস্থা কৰিম৷


তেওঁ কয় যে তেওঁলোকৰ প্ৰয়োজনৰ কথা ভাবি ভাৰতে এই কাম কৰিব৷ এয়া আমাৰ সংস্কাৰ, এয়া আমাৰ সংস্কৃতি৷
 

প্ৰধানমন্ত্রীয়ে কয়, ক’ৰোনা ভাইৰাছে জ্ঞান, বিজ্ঞান, ধনী, দুখীয়া, দুর্বল, সবল-সকলোতে প্ৰত্যাহ্বান জনাইছে৷ ইয়াক কোনো সীমাত বাধা দিব পৰা নাযায়, সেয়েহে তেওঁ মন কী বাতৰ এই পর্বত এই বিষয়টো লৈ আলোচনা কৰে৷

 

প্ৰধানমন্ত্রীয়ে দেশবাসীৰ ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰি কয় যে কেতবোৰ সিদ্ধান্তই সকলোকে যি ভীষণ অসুবিধাত পেলাইছে, তাৰবাবে দেশবাসীয়ে নিশ্চই তেওঁক ক্ষমা কৰি দিব৷ বিশেষকৈ দুখীয়া ভাই-ভনীসকলে নিশ্চই ভাবিছে যে এয়া কেনেকুৱা প্ৰধানমন্ত্রী, যি তেওঁলোকক এনে সমস্যাত পেলাইছে৷ তেওঁলোকৰ ওচৰতো তেওঁ ক্ষমা প্রার্থনা কৰে৷

 

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে এই যুঁজত আমাৰ আশেপাশে এনে বহু মানুহ আছে, যিসকল সমাজৰ প্ৰকৃতাৰ নায়ক৷ প্ৰধানমন্ত্রীয়ে পাৰাৰ সৰু দোকানৰ কথা উল্লেখ কৰে, যি এই দুঃসময়ত যথেষ্ট সাৱধনতা লৈ কাম কৰিছে, যাতে জনসাধাৰণে নিত্যপ্ৰয়োজনীয় সামগ্ৰী লাভ কৰাত কোনো অসুবিধাত নপৰে৷ সেইদৰে গাড়ী চালক বা সেই সকল কর্মী, যিসকলে নিৰলস ভাৱে নিজৰ কাম কৰি গৈছে, যাতে দেশত প্ৰয়োজনীয় সামগ্ৰীৰ যোগান চেনি বা সামগ্ৰী সৰবৰাহত প্ৰভাৱ নপৰে৷

 

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে জনায় যে তেওঁৰ চৰকাৰে বেংক সেৱা অব্যাহত ৰাখিছে আৰু বেংক কর্মীসকলে আন্তৰিকতাৰে দেশৰ সেৱাত নিয়োজিত হৈছে৷ তদুপৰি, -বাণিজ্য বা ডিজিটেল বাণিজ্যৰ সৈতে জড়িত অসংখ্য কোম্পানীৰ বিতৰণ কর্মীয়ে কাম কৰি আছে৷ এই লোকসকলে এনে কঠিন পৰিস্থিতো ৰাইজৰ সামগ্ৰী ঘৰে ঘৰে প্ৰদান কৰাৰ কাম কৰিছে৷ এই সময়ত যিসকলে ডিজিটেল পেমেণ্ট সহজে কৰিব পাৰিছে, তেওঁলোকে নিশ্চয় জানে যে ইয়াৰ অন্তৰালত বহু মানুহে বিভিন্ন কাম কৰি আছে৷ সংশিষ্ট ব্যক্তিসকলে এই প্ৰতিৰোধমূলক নিয়ন্ত্ৰণ ব্যৱস্থাৰ মাজেৰে দেশৰ অত্যাৱশ্যকীয় কাম চম্ভালি আছে৷ দেশবাসীৰ হৈ তেওঁ তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অনুৰোধ কৰে যে তেওঁলোক যাতে সকলোধৰণৰ সাৱধানতা মানি নিজকে নিৰাপদ ৰাখি চলে আৰু নিজৰ পৰিয়ালকো সুৰক্ষিত ৰাখে৷

 

প্ৰধানমন্ত্রীয়ে লগতে কয় যে বর্তমান পৰিস্থিতিত আমি ইজনে সিজনৰ পৰা সামাজিক দুৰত্ব বজাই ৰাখিব লাগিব, আৱেগিক বা মানৱ দুৰত্ব নহয়৷ সেই লোকজন কোনো অপৰাধী নহয়, কিন্তু ভাইৰাছৰ সম্ভাৱ্য আক্রান্ত৷ বহুকে আনৰ সংক্ৰমণৰ পৰা বাঁচিবলৈ নিজেই কোৱাৰাণ্টাইনত আছে৷ বহুতে নিজৰ দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰিছে৷ আনকি ভাইৰাছৰ কোনো লক্ষণ দেখা নিদিলেও তেওঁলোকে নিজকে কোৱাৰাণ্টাইনত কৰিছে৷ এয়া তেওঁলোকে এইবাবে কৰিছে যে তেওঁলোকে বিদেশৰ পৰা ঘুৰি আহিছে আৰু দুগুন সাৱধানতা অৱলম্বন কৰিছে৷ ইয়াৰ দ্বাৰা তেওঁলোকে নিশ্চিত কৰিব বিচাৰিছে যিকোনো অৱস্থাতে যাতে আনএজন লোক এই ভাইৰাছৰ দ্বাৰা সংক্রমিত নহয়৷ সেইবাবেই যেতিয়া লোকজনে নিজেই ইমান দায়িত্বৰ পৰিচয় দিছে, তেতিয়া তেওঁলোকক কোনো বেয়া ব্যৱহাৰ কৰা উচিত নহয়, বৰঞ্চ সহানুভূতিৰে তেওঁলোকৰ সৈতে সহযোগিতা কৰা আৱশ্যক৷

 

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰাৰ আটাইতকৈ কার্যকৰী পদ্ধতি হ’ল সামাজিক দুৰত্ব বজাই ৰখা৷ তেওঁ পুনৰ সকলোকে ঘৰত থাকি এই যুদ্ধত জয় নিশ্চিত কৰিবলৈ আহ্বান জনায়৷

****

VRRK/AK/KP/DB



(Release ID: 1609647) Visitor Counter : 178